নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

মূল (ইংৰাজী): এন কাৰ্ছন
অনুবাদ: মমতাজ আনচাৰি


যুগ যুগ ধৰি নাৰীক গণ্য কৰা হৈছিল এক অস্থিৰ, অশান্ত প্ৰাণী হিচাপে; নিজ পৰিসীমাৰ ভিতৰত নিজকে চম্ভালি ৰখাৰ ক্ষমতাকণো যাৰ নাই।

বিকৃতি যেন তাইৰ চিৰ সহচৰ। দেহা তাইৰ হয় কেতিয়াবা স্ফীত, কেতিয়াবা আকৌ সংকুচিত। তাইৰ ছিদ্ৰযুক্ত শৰীৰৰ পৰা ঘটে ক্ষৰণ আৰু তাই হৈ পৰে বিখণ্ডিত।

ঋতুস্ৰাৱ, দেহৰ ভিতৰলৈ আন দেহৰ প্ৰৱেশ, গৰ্ভধাৰণ আৰু শাৰীৰিক আকৃতিৰ পৰিৱৰ্তনেৰে ভৰা নাৰীৰ জীৱনচক্ৰটোৰ কথা ভাবকচোন। গ্ৰীক পুৰাণৰ দৈত্য-দানৱবোৰলৈ চাওক, যিবিলাকৰ অধিকাংশই নাৰী— অবিন্যস্ত, চঞ্চলা, অনিয়ন্ত্ৰিত স্বভাৱৰ— স্কিলা, মেডুছা, ছাইৰেন, হাৰ্পি, আমাজন আৰু স্ফিংক্স।

শাৰীৰিক, মানসিক বা নৈতিক, এই সকলোবোৰ ক্ষেত্ৰতে থাকিব লাগে আত্ম-সংযমৰূপী মহৎ গুণটি। পুৰাতনীসকলৰ দৃষ্টিত কিন্তু নাৰী জাতিৰ অভাৱ আছিল এই সকলোবোৰ গুণৰ।

সেয়েহে, নিজৰ এক সু-নিৰ্দিষ্ট ৰূপ আৰু সু-সংহত অস্তিত্ব পাবলৈ হ’লে পুৰুষে নিৰ্ধাৰণ কৰি দিয়া নিয়ন্ত্ৰণ আৰু শৃংখলা ব্যৱস্থাৰ ওচৰত নিজকে সঁপি দিবই লাগিব নাৰীয়ে।

এন কাৰ্ছন (Anne Carson)

এন কাৰ্ছন এগৰাকী কানাডিয়ান কবি, প্ৰাবন্ধিক আৰু অনুবাদক। তেখেতৰ শিল্পকৰ্মত প্ৰধানকৈ ক্লাছিক বিষয় উত্তৰ-আধুনিক হৈ উঠে। সেয়েহে গ্ৰীক পুৰাণৰ বিষয় আৰু চৰিত্ৰই তেখেতৰ সৃষ্টিত প্ৰায়েই ভুমুকি মাৰে। এক ব্যতিক্ৰমী ৰচনা-ৰীতিৰ বাবে এন কাৰ্ছনৰ কবিতা আৰু গদ্যই নিজস্ব সীমাৰেখা অতিক্ৰম কৰি যায় আৰু স্বাভাৱিকতেই তেখেতৰ ৰচনা শৈলী প্ৰায়েই জটিল, উদ্ভাৱনশীল আৰু ধীমান।

১৯৫০ চনৰ ২১ জুনত কানাডাৰ টৰণ্টোত জন্মলাভ কৰা এন কাৰ্ছনে ২০২৬ বৰ্ষৰ বাবে সাহিত্যত নবেল পুৰস্কাৰ লাভ কৰিছে।

আৰু পঢ়ক
আজি শৰতৰ পোহৰত

আজি শৰতৰ পোহৰত

তপোবন মিশ্ৰ

দেশ কাগজত অঁকা নক্সা নহয়

দেশ কাগজত অঁকা নক্সা নহয়

পল্লৱপ্ৰাণ গোস্বামী

গছবোৰ

গছবোৰ

প্ৰকল্প ৰঞ্জন ভাগৱতী

এই লেখকৰ সকলো লেখা চাওক →
নাৰী | মমতাজ আনচাৰি

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব: