দেশ কাগজ পৰ বনা নক্সা নহী হোতা
মূল (হিন্দী): সৰ্বেশ্বৰ দয়াল ছাক্সেনা
অনুবাদ: পল্লৱপ্ৰাণ গোস্বামী
✽
যদি তোমাৰ ঘৰৰ
এটা কোঠাত জুই লাগে
তুমি আন এটা কোঠাত
শুব পাৰিবানে?
যদি তোমাৰ ঘৰৰ এটা কোঠাত
মৃতদেহ গেলি থাকে
তুমি আন এটা কোঠাত
প্ৰাৰ্থনা কৰিব পাৰিবানে?
যদি পাৰিবা
তেনেহ’লে তোমাক
মোৰ একো ক’বলগীয়া নাই।
দেশ কাগজত অঁকা
নক্সা নহয় যে
এফালে ফাটি গ’লেও
আনফাল অবিকৃত হৈ থাকিব
আৰু নদী, পৰ্বত, চহৰ, গাঁও
একেদৰেই থাকিব
আনমনা হৈ।
যদি এয়া তুমি বিশ্বাস নকৰা
তেনেহ’লে মই
তোমাৰ লগত নাথাকোঁ।
এই পৃথিৱীত মানুহৰ প্ৰাণতকৈ ডাঙৰ
আন একো নাই
না ঈশ্বৰ
না জ্ঞান
না নিৰ্বাচন
কাগজত লিখা যিকোনো লেখা
ফালি পেলাব পাৰি
আৰু মাটিৰ সাত হাত ভিতৰত
পুতি পেলাব পাৰি।
যি বিবেক
মৃতদেহক ভৰ কৰি থিয় হয়
সেয়া অন্ধ
যি শাসন
বন্দুকৰ নলীৰে চলিছে
সেয়া হত্যাকাৰীৰ ব্যৱসায়
যদি তুমি এয়া মানি নোলোৱা
তেনেহ’লে তোমাক
মই এক মুহূৰ্তৰ বাবেও
সহ্য নকৰোঁ।
মনত ৰাখিবা
এটি শিশুৰ হত্যা
এগৰাকী নাৰীৰ হত্যা
এজন মানুহৰ
গুলীৰে চিৰাচিৰ কৰা দেহ
মাথোঁ কোনো চৰকাৰৰে নহয়
গোটেই ৰাষ্ট্ৰৰে পতন।
এই তেজ বৈ গৈ
মাটিত মিহলি হৈ নাযায়
ই আকাশত উৰি থকা পতাকাক
ক’লা কৰি পেলায়।
যি মাটিত
সৈন্যৰ বুটজোতাৰ চাব আছে
আৰু তাত
মৃতদেহ পৰিব লাগিছে
সেই মাটি
যদি তোমাৰ তেজত
জুই হৈ বোৱা নাই
তেনেহ’লে জানি লোৱা
তুমি মৰুভূমি হৈ গৈছা
তোমাৰ ইয়াত উশাহ লোৱাৰো অধিকাৰ নাই
এই পৃথিৱী আৰু তোমাৰ হৈ থকা নাই।
শেষত এটা কথা
একেবাৰে পৰিষ্কাৰ
কেতিয়াও হত্যাকাৰীক
ক্ষমা নকৰিবা
হওক তোমাৰ বন্ধু
হওক ধৰ্মৰ ঠিকাদাৰ
হওক লাগে গণতন্ত্ৰৰ
স্বঘোষিত পহৰাদাৰ।
✽
সৰ্বেশ্বৰ দয়াল ছাক্সেনা

সৰ্বেশ্বৰ দয়াল ছাক্সেনা হিন্দী ভাষাৰ এগৰাকী লেখক, কবি আৰু নাট্যকাৰ আছিল। তেখেতৰ জন্ম হৈছিল ১৯২৭ চনৰ ১৫ ছেপ্তেম্বৰত উত্তৰ প্ৰদেশৰ বস্তি নগৰত। কবিতা সংকলন ‘খুঁটিয়োঁ পৰ টাংগে লোগ’ৰ বাবে তেখেতে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। তেখেতক এগৰাকী গুৰুত্বপূৰ্ণ ৰাজনৈতিক কবি হিচাপে গণ্য কৰা হয়। ১৯৮৩ চনৰ ২৩ ছেপ্তেম্বৰত সৰ্বেশ্বৰ দয়াল ছাক্সেনাৰ মৃত্যু হয়।
ৰান্ধনী তিৰোতাবোৰ
পল্লৱপ্ৰাণ গোস্বামী

এজন মানুহ আৰু এখন দুৱাৰ
মমতাজ আনচাৰি

যাত্ৰাপথ
দেৱজিৎ গোস্বামী

কে সচ্চিদানন্দনৰ কবিতা: দেহ, ৰাষ্ট্ৰ
প্ৰকল্প ৰঞ্জন ভাগৱতী

গান্ধী আৰু কবিতা
পল্লৱপ্ৰাণ গোস্বামী
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
