নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

এজন মানুহ আৰু এখন দুৱাৰ

এজন মানুহ আৰু এখন দুৱাৰ
কে. সচ্চিদানন্দন
মূল (ইংৰাজী: A Man with a Door) কে. সচ্চিদানন্দন
05 Jun, 2026

এখন দুৱাৰ লৈ মানুহ এজন
ঘূৰি ফুৰিছে চহৰৰ বাটে-পথে;
তেওঁ ইয়াৰ ঘৰখন বিচাৰি ফুৰিছে।

তেওঁ সপোন দেখিছিল
তেওঁৰ পত্নী, ল’ৰা-ছোৱালী আৰু বন্ধুবৰ্গক
এইখন দুৱাৰেদি সোমাই অহাৰ।

এতিয়া দেখা পাইছে
তেওঁৰ কাহানিও নসজা
এই ঘৰখনৰ দুৱাৰেদি
সমস্ত সংসাৰখনকে সোমাই অহা:
মানুহ, গাড়ী-মটৰ, গছ-গছনি,
জীৱ-জন্তু, চৰাই-চিৰিকটি, সকলোবোৰ।

আকাশ চুব খোজা এটি সপোন
মনত পুহি ৰখা দুৱাৰখনৰো আছে
স্বৰ্গৰ সোণালী তোৰণ হোৱাৰ আকাংক্ষা,
তোৰণৰ কল্পনাত তাৰ তলেদি অহা-যোৱা কৰে
ডাৱৰবোৰে, ৰামধেনুবোৰে,
দৈত্য-দানৱ, পৰী আৰু পুণ্যাত্মাসকলে।

কিন্তু দুৱাৰডলিত অপেক্ষাৰত হৈ আছে
স্বয়ং নৰকৰ গৰাকীজন।
এতিয়া মাত্ৰ দুৱাৰখনৰ খুব মন গৈছে
গছ এজোপা হোৱাৰ,
ডাল-পাত ভৰি বতাহত হালি-জালি থাকিবলৈ,
যাতে ই অকণ ছাঁ দিব পাৰে
তাক কঢ়িয়াই লৈ ফুৰা অঘৰীজনক।

এখন দুৱাৰ লৈ এজন মানুহ
ঘূৰি ফুৰিছে চহৰৰ বাটে-পথে;
আৰু তেওঁৰ লগে লগে ঘূৰি ফুৰিছে এটি তৰা।

✽

কে সচ্চিদানন্দন

image
কে সচ্চিদানন্দন

মালায়ালম ভাষাত আধুনিক কবিতাৰ বাটকটীয়া কে সচ্চিদানন্দন (Koyamparambath Satchidanandan) মালায়ালম আৰু ইংৰাজী ভাষাৰ এগৰাকী শক্তিশালী কবি, নাট্যকাৰ, প্ৰাৱন্ধিক, সমালোচক আৰু অনুবাদক। তেখেত ‘ইণ্ডিয়ান লিটেৰেচাৰ’ পত্ৰিকাৰ প্ৰাক্তন সম্পাদক। তেখেতে সাহিত্য অকাডেমিৰ সম্পাদক হিচাপেও (১৯৯৬-২০০৬) কাৰ্যনিৰ্বাহ কৰিছিল। কে সচ্চিদানন্দনৰ জন্ম হৈছিল ১৯৪৬ চনৰ ২৮ মে’ত কেৰালাৰ ত্ৰিচুৰ জিলাৰ পুলূট (Pulloot) নামৰ গাঁৱত।

আৰু পঢ়ক
গান্ধী আৰু কবিতা

গান্ধী আৰু কবিতা

পল্লৱপ্ৰাণ গোস্বামী

গছবোৰ

গছবোৰ

প্ৰকল্প ৰঞ্জন ভাগৱতী

খণ্ডিত ভূচিত্ৰ

খণ্ডিত ভূচিত্ৰ

দেৱজিৎ গোস্বামী

দুৱাৰৰ মাজেৰে কথা পতা

দুৱাৰৰ মাজেৰে কথা পতা

প্ৰকল্প ৰঞ্জন ভাগৱতী

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব: