মূল: কে. সচ্চিদানন্দন (A Man With A Door)
অনুবাদ: মমতাজ আনচাৰি
✽
এখন দুৱাৰ লৈ মানুহ এজন
ঘূৰি ফুৰিছে চহৰৰ বাটে-পথে;
তেওঁ ইয়াৰ ঘৰখন বিচাৰি ফুৰিছে।
তেওঁ সপোন দেখিছিল
তেওঁৰ পত্নী, ল’ৰা-ছোৱালী আৰু বন্ধুবৰ্গক
এইখন দুৱাৰেদি সোমাই অহাৰ।
এতিয়া দেখা পাইছে
তেওঁৰ কাহানিও নসজা
এই ঘৰখনৰ দুৱাৰেদি
সমস্ত সংসাৰখনকে সোমাই অহা:
মানুহ, গাড়ী-মটৰ, গছ-গছনি,
জীৱ-জন্তু, চৰাই-চিৰিকটি, সকলোবোৰ।
আকাশ চুব খোজা এটি সপোন
মনত পুহি ৰখা দুৱাৰখনৰো আছে
স্বৰ্গৰ সোণালী তোৰণ হোৱাৰ আকাংক্ষা,
তোৰণৰ কল্পনাত তাৰ তলেদি অহা-যোৱা কৰে
ডাৱৰবোৰে, ৰামধেনুবোৰে,
দৈত্য-দানৱ, পৰী আৰু পুণ্যাত্মাসকলে।
কিন্তু দুৱাৰডলিত অপেক্ষাৰত হৈ আছে
স্বয়ং নৰকৰ গৰাকীজন।
এতিয়া মাত্ৰ দুৱাৰখনৰ খুব মন গৈছে
গছ এজোপা হোৱাৰ,
ডাল-পাত ভৰি বতাহত হালি-জালি থাকিবলৈ,
যাতে ই অকণ ছাঁ দিব পাৰে
তাক কঢ়িয়াই লৈ ফুৰা অঘৰীজনক।
এখন দুৱাৰ লৈ এজন মানুহ
ঘূৰি ফুৰিছে চহৰৰ বাটে-পথে;
আৰু তেওঁৰ লগে লগে ঘূৰি ফুৰিছে এটি তৰা।
✽
কে সচ্চিদানন্দন

মালায়ালম ভাষাত আধুনিক কবিতাৰ বাটকটীয়া কে সচ্চিদানন্দন (Koyamparambath Satchidanandan) মালায়ালম আৰু ইংৰাজী ভাষাৰ এগৰাকী শক্তিশালী কবি, নাট্যকাৰ, প্ৰাৱন্ধিক, সমালোচক আৰু অনুবাদক। তেখেত ‘ইণ্ডিয়ান লিটেৰেচাৰ’ পত্ৰিকাৰ প্ৰাক্তন সম্পাদক। তেখেতে সাহিত্য অকাডেমিৰ সম্পাদক হিচাপেও (১৯৯৬-২০০৬) কাৰ্যনিৰ্বাহ কৰিছিল। কে সচ্চিদানন্দনৰ জন্ম হৈছিল ১৯৪৬ চনৰ ২৮ মে’ত কেৰালাৰ ত্ৰিচুৰ জিলাৰ পুলূট (Pulloot) নামৰ গাঁৱত।
গান্ধী আৰু কবিতা
পল্লৱপ্ৰাণ গোস্বামী

গছবোৰ
প্ৰকল্প ৰঞ্জন ভাগৱতী

খণ্ডিত ভূচিত্ৰ
দেৱজিৎ গোস্বামী

পোহৰৰ কিচকিচীয়া ক’লা ঘৰ
মমতাজ আনচাৰি

দুৱাৰৰ মাজেৰে কথা পতা
প্ৰকল্প ৰঞ্জন ভাগৱতী
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
