নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

আজি শৰতৰ পোহৰত

আজি শৰতৰ পোহৰত

মূল (বাংলা): ৰবীন্দ্ৰনাথ ঠাকুৰ
অনুবাদ: তপোবন মিশ্ৰ

আজি শৰতৰ পোহৰত তোমাক দেখি
এনে লাগিল যেন এয়া প্ৰথম দেখা।
দেখা পালো নতুনক,
প্ৰতিদিনৰ ক্লান্ত চকুৱে
যাৰ দৰ্শন হেৰুৱাই পেলাইছে।

কল্পনা কৰিছোঁ,—
অনাগত যুগৰ পৰা তীৰ্থযাত্ৰী মই
মন্ত্ৰবলত আহিছোঁ ভাহি।
উজাই বোৱা সপোনৰ সোঁতত
পালোহি এই মুহূৰ্ততে
বৰ্তমান শতাব্দীৰ ঘাট।

উৎসুক চকুৰে কেৱল চায়েই আছোঁ।
তোমাক দেখিছোঁ তোমাৰ বাহিৰত,—
অন্যযুগৰ অচিন মই
চিনা-জনা পৰিচয়ৰ বাহিৰত।
সেইবাবেই তাক লৈ ইমান গভীৰ কৌতূহল।

যিপিনেই চাওঁ
চকুৱে তাকে আঁকোৱালি ধৰে
পুষ্পলগ্না ভোমোৰাৰ দৰে।
মোৰ নগ্নচিত্ত আজি মগ্ন হৈছে
সমস্তৰ মাজত।
জনশ্ৰুতিৰ মলিন হাতৰ দাগ লাগি
যাৰ ৰূপ হৈছে অৱলুপ্ত,
যি পিন্ধিছে তুচ্ছতাৰ মলিন কাপোৰ
তাৰ সেই জীৰ্ণ উত্তৰীয় আজি গ’ল খহি।
দেখা দিলে সিয়ে অস্তিত্বৰ পূৰ্ণ ৰূপত।
দেখা দিলে অনিৰ্বচনীয়তাত।

যি বোবাই আজিলৈকে ভাষা নাপালে
জগতৰ সেই অতি বিৰাট উপেক্ষিতই
মোৰ সমুখত খুলিছে তাৰ স্থবিৰ মৌন,
ঊষা হৈ উঠা বিপুল ৰাতিৰ প্ৰান্তত
প্ৰথম চঞ্চল বাণী ধ্বনিত হ’ল যেন।

মোৰ অতদিনৰ নিকট পৃথিৱীত
মই বহু দূৰ ভ্ৰমণ কৰিবলৈ ওলাইছোঁ।
তাৰ আধুনিকতাৰ ছিন্নতাৰ ফাঁকেৰে
উকি মাৰিছে চিৰকালৰ ৰহস্যই।

সহমৰণৰ ভাৰ্যাই
বোধহয় এনেকৈয়ে দেখা পায়
মৃত্যুৰ ছিন্ন পৰ্দাৰ ভিতৰৰ পৰা
নতুন চকুৰে
চিৰজীৱনৰ অমলিন স্বৰূপ।

Rabindra Nath Tagore
ৰবীন্দ্ৰনাথ ঠাকুৰ

ৰবীন্দ্ৰনাথ ঠাকুৰ একাধাৰে এগৰাকী কবি, গল্পকাৰ, ঔপন্যাসিক গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, চিত্ৰকৰ আছিল। নবেল বঁটা লাভ কৰা তেখেত প্ৰথমগৰাকী ভাৰতীয়। তেখেতে ভাৰত আৰু বাংলাদেশ দুয়োখন দেশৰে ৰাষ্ট্ৰীয় সংগীত ৰচনা কৰিছিল।

ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম হৈছিল ১৮৬১ চনৰ ৭ মে’ তাৰিখে আৰু মৃত্যু হৈছিল ১৯৪১ চনৰ ৭ আগষ্ট তাৰিখে।

আৰু পঢ়ক
দেশ কাগজত অঁকা নক্সা নহয়

দেশ কাগজত অঁকা নক্সা নহয়

পল্লৱপ্ৰাণ গোস্বামী

যাত্ৰাপথ

যাত্ৰাপথ

দেৱজিৎ গোস্বামী

গছবোৰ

গছবোৰ

প্ৰকল্প ৰঞ্জন ভাগৱতী

এই লেখকৰ সকলো লেখা চাওক →
আজি শৰতৰ পোহৰত | তপোবন মিশ্ৰ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব:

কামলখী

কামলখী

দাৱনী

দাৱনী