নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

পৃথিৱীত জীয়েকবোৰেই দেউতাকক বচায়

পৃথিৱীত জীয়েকবোৰেই দেউতাকক বচায়

মূল (বাংলা): সুবোধ চৰকাৰ (সুবোধ সরকার)
অনুবাদ: ময়ূৰী শৰ্মা বৰুৱা


ই অতি বিশাল‌ দৃশ্য, ই অতি কৰুণ
ই হ’ল আটাইৰে ভাতমুঠিৰ নিমখকণ।

দূৰণিৰ দেশত আছিল এখন ৰঙা জেলখানা
বৃদ্ধ এক কবি আহিল মৃত্যুদণ্ড লৈ
পাছদিনাৰ পৰা হ’ল বলৱৎ
কবিৰ আশৈশৱ বন্ধুৱে দিছে চিনাকি কৰাই।

ফাঁচি নহয়, বিষ নহয়, শিৰচ্ছেদ নহয়
প্ৰতিদিনে তিলতিলকৈ মৃত্যু হ’ব তেওঁৰ
কোনেও আনি দিব নোৱাৰিব তেওঁক পানী
আনি দিব নোৱাৰিব অকণমান আহাৰ।

যিয়ে দিব, লগে লগে বিহা হ’ব তেওঁক কাৰাদণ্ড
কিন্তু দিলেহি এজনে কাপোৰৰ তলত লুকুৱাই
কাহানিও কোনেও ভবা নাছিল যি সেয়াওতো ঘটে
কবিৰ জীয়েক জেললৈ আহে কোলাত কেঁচুৱা লৈ।

দেউতাকক দেখি দিলে হুকহুকাই কান্দি
কবিয়ে ক’লে, ‘মই ভোক সহিব পাৰোঁ,
পিয়াহ নোৱাৰোঁ যে সহিব, মোক লাগে যিকোনো তৰল
অকণমান গৰল লাগে অকণমান গৰল।’

কবিৰ জীয়েকে চকু মচি কিবা এটা ভাবিলে
কোনো নাই, জেলখানা একেবাৰে নিৰ্জন
কবিক বচাব লাগিব পৃথিৱী বচাবলৈ
দেউতাকৰ মুখত সুমুৱাই দিলে স্তন।

নিজৰ জীয়েকৰ গাখীৰেৰে মুখ ভৰি যায়
পৃথিৱীত জীয়েকবোৰেই দেউতাকক বচায়।


কবিতাৰ পটভূমি প্ৰসংগত ‘নীলা চৰাই’ৰ সম্পাদকৰ টোকা

Roman Charity
ছবি: চাৰ্লছ মেলিন (Charles Mellin) (১৫৯৭-১৬৪৯)

সুবোধ চৰকাৰৰ এই কবিতাটি ‘ৰোমান চেৰিটি’ (Roman Charity) নামৰ এক কাহিনীৰ আধাৰত ৰচিত হৈছে। এই কাহিনীত পেৰো (Pero) নামৰ এক মহিলাই কাৰাদণ্ড পোৱা তেওঁৰ দেউতাকক বচাবলৈ নিজৰ স্তন পান কৰোৱাৰ উল্লেখ আছে। ৰোমান কাৰাগাৰলৈ নিক্ষেপ কৰা চাইমন (Cimon) নামৰ এক বৃদ্ধক আমৃত্যু অনাহাৰে ৰখাৰ নিৰ্দেশ আছিল। তেওঁৰ পুত্ৰী পেৰোৱে কাৰাগাৰলৈ দেখা কৰিবলৈ আহি গোপনে দেউতাকক স্তন পান কৰাইছিল। এটা সময়ত কাৰাগাৰ কৰ্তৃপক্ষই বিষয়টো জানিব পাৰে আৰু পেৰোক শাস্তি দিয়াৰ পৰিৱৰ্তে দেউতাকক কাৰাগাৰৰ পৰা মুক্তি দিয়ে।

‘ৰোমান চেৰিটি’ৰ ঘটনাক অৱলম্বন কৰি বহু চিত্ৰকৰ্ম, গ্ৰন্থ ৰচনা আৰু চলচ্চিত্ৰ নিৰ্মাণ হৈছে।

সুবোধ চৰকাৰ

Subodh Sarkar.webp
সুবোধ চৰকাৰ

সুবোধ চৰকাৰ পশ্চিমবংগৰ এজন আধুনিক কবি। তেখেতৰ জন্ম হৈছিল ১৯৫৮ চনত। পেশাত ইংৰাজীৰ অধ্যাপক সুবোধ চৰকাৰৰ এতিয়ালৈকে বিশখনৰো অধিক কাব্যগ্ৰন্থ আৰু অন্য গ্ৰন্থ প্ৰকাশিত হৈছে। ২০০০ চনত পশ্চিমবংগ বাংলা অকাডেমী পুৰস্কাৰ লাভ কৰা সুবোধ চৰকাৰৰ উল্লেখযোগ্য কাব্যগ্ৰন্থ হৈছে— ‘একা নৰকগামী’ (১৯৮৮), ‘মণিপুৰেৰ মা’ (২০০৫), ‘যা উপনিষদ তাই কোৰাণ’ (২০০৬), ‘প্ৰতিবাদেৰ কবিতা’ (২০০৭)। উল্লেখ্য যে সুবোধ চৰকাৰৰ পত্নী প্ৰয়াত মল্লিকা সেনগুপ্ত এগৰাকী বিশিষ্ট নাৰীবাদী কবি আৰু সাহিত্যিক।

এই লেখকৰ সকলো লেখা চাওক →
পৃথিৱীত জীয়েকবোৰেই দেউতাকক বচায় | ময়ূৰী শৰ্মা বৰুৱা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...