নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

গছবোৰ
মূল (Trees): জয়চ কিলমাৰ
অনুবাদ: প্ৰকল্প ৰঞ্জন ভাগৱতী

✽

মোৰ ভাব হয় যে মই কেতিয়াও কবিতা এটাক
গছ এজোপাৰ সমান সুন্দৰ নেদেখিম।

এজোপা গছ যাৰ ভোকাতুৰ মুখখন সষ্টম হৈ থাকে
পৃথিৱীৰ মধু নিঃসৰিত বুকুত;

এজোপা গছ যি সকলো সময়তে ঈশ্বৰৰ কথা ভাবে,
আৰু প্ৰাৰ্থনাৰ বাবে তাইৰ পাতেভৰা দুহাত মেলি দিয়ে;

এজোপা গছ যি গ্ৰীষ্মত চুলিত পিন্ধে
ৰবিন পক্ষীৰ নীড়;

যাৰ বুকুত জিৰণি লয় বৰফে;
যি বৰষুণৰ সৈতে নিবিড়ভাৱে জীয়াই থাকে।

কবিতাবোৰ সৃষ্টি কৰে মোৰ নিচিনা মূৰ্খবোৰে,
কিন্তু ঈশ্বৰে কেৱল গছবোৰ সৃষ্টি কৰে।

✽

জয়চ কিলমাৰ

Joyce Kilmer
জয়চ কিলমাৰ

জয়চ কিলমাৰ (Alfred Joyce Kilmer) (১৮৮৬-১৯১৮) আছিল এগৰাকী আমেৰিকান কবি আৰু লেখক। ১৯১৪ চনত প্ৰকাশিত তেওঁৰ ‘গছবোৰ’ শীৰ্ষক কবিতাৰ বাবেই জয়চ কিলমাৰ আটাইতকৈ বেছি প্ৰসিদ্ধ।

❧ | অধিক অনুবাদ কবিতা:

এই লেখকৰ সকলো লেখা চাওক →
গছবোৰ | প্ৰকল্প ৰঞ্জন ভাগৱতী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব: