নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

কেভিন কাৰ্টাৰ

কেভিন কাৰ্টাৰ

আকাশখন গোমা হোৱাৰ দৰে
গোমা
গোমা
এই দিনৰ উত্তাপ।

উৰি আছে জাক পাতি শগুন
তাড়না
পেটৰ

কেমেৰাৰ লেন্সত
এটা শগুন
এটা শিশু
দুয়ো ভোকত আতুৰ

কেভিন, কেভিন—
মাতে কোনে
দুৱাৰৰ সিপাৰে

মাজনিশা সাৰ পাই উঠি
কেভিন কাৰ্টাৰৰ সেই ফটোখন
কেতিয়াবা চাওঁ

ৰাতি হ’লে
জাক জাক শগুন উৰি ফুৰে
মোৰ আঁঠুৱাৰ ওপৰত

আইনাত নিজকে চাওঁ
দেখোঁ—
এজাক ভোকাতুৰ মানুহৰ মুখ

এৰা,
মানুহবোৰৰো ভোক আছে।
শোক আছে।
সপোন আছে।

ভাগ্যই বাট নিদিয়া মানুহবোৰৰ
যাপিত যন্ত্ৰণা কোনে শুনে?

কেভিন কাৰ্টাৰ
কেভিন কাৰ্টাৰ
কোনে মাতে—
আন্ধাৰৰ সিপাৰে…

✽

কেভিন কাৰ্টাৰৰ বিষয়ে পঢ়ক।
‘কেভিন কাৰ্টাৰৰ সেই ফটোখন’ৰ বিষয়ে পঢ়ক।

❧ | আৰু পঢ়ক:

এই লেখকৰ সকলো লেখা চাওক →
কেভিন কাৰ্টাৰ | উৎপল বৰকটকী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব: