গৰখীয়া পথাৰত
আকাশখন চাই
গকুলে কৈছিল—
আমাক ঢাকি থৈছে
বৰ-টৌ এটাই।
আমি উদ্বিগ্নতাৰে সুধিছিলো,
ঢাকোনৰ সিপাৰে থাকে কি?
সি কৈছিল— পানী পানী পানী
শুনি অণ্ঠ-কণ্ঠ শুকাই গৈছিল আমাৰ
তাৰমানে তাতে থাকে সাগৰ!
যদি টৌ ফুটি হোৰাহোৰে সোমাই আহে পানী
তেনে আমাৰ কি হ’ব গতি?
গকুলে গুৰু-গম্ভীৰ মাতেৰে
দিছিল সোঁৱৰাই
যদি বৰ-ভূঁইকঁপ এটা আহি
হিলাই দিয়ে টৌ
তেতিয়াহে আৰু নাথাকিব বচাৰ উপায়।
আইতাইতো কৈয়ে থাকে
পঞ্চাশৰ ভূঁইকঁপৰ কথা…
তেন্তে এদিন নহয় এদিন সি
নাহিব জানো আকৌ?
আহি যদি হিলাই দিয়ে টৌ…
কি হ’ব আমাৰ আৰু
মা দে’তা বৌৰ!
… শৈশৱৰ সেই দিন সেই কথা
অবুজ মনৰ সংশয়
সময়ৰ সোঁতে কেতিয়াবাই নিলে উটুৱাই
উটি গ’ল সমনীয়া যদু জিতেন যুগল
মাথোঁ থাকি গ’ল সিহঁতৰ মধুৰ স্মৃতি—
সোঁৱৰণি গধুৰ।
তোমাৰ গানেৰে
উদয় শইকীয়া

বগীনদী
কেশৱ চাও

কথা আছিল
মমতাজ আনচাৰি

পাহাৰীয়া ৰাস্তা এটাৰ বুকুৰে গৈ থাকোঁতে
দেৱাশিস হাজৰিকা

এদিন চছমাযোৰ নোহোৱাকৈ
পাপু মজুমদাৰ
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
