চছমাযোৰ টেবুলত থৈ দিয়া আছে
দুটা বৃত্তৰ ভিতৰত বন্দী যেন
এটা গোটা জীৱন
কাঁচ মচি দিওঁ, দাগ নাযায়
দাগ কাঁচত নহয়,
দাগ দৃষ্টিৰ ভিতৰত
আমি ভাবোঁ, চকুৱে দেখে
আচলতে চকু মাথোঁ খিৰিকী,
দেখে আমাৰ মগজুৱে
যাক চাব নিবিচাৰে, তাক ঘোলা কৰি দিয়ে
সেয়ে চিকিৎসকে পাৱাৰ সলায়,
দৃষ্টি নসলায়
এদিন চছমা নোহোৱাকৈ আইনাত চাইছিলো,
নিজকে চিনিয়েই নাপালো
তেতিয়াহে বুজিলো—
এতিয়ালৈকে মই মোক চছমাৰ
মাজেৰেহে চিনি আছিলো!
আৰু পঢ়ক
এবাৰ আকাশলৈ চোৱা
মণ্টু মৰাণ
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক




