কথা আছিল আমি দুয়ো একেলগে বহাৰ
কথা আছিল একেলগে বহি বহু পৰলৈ কথা পতাৰ

কিন্তু সেই ঋতু কাহানিও নাহিল

কথা আছিল এই দৰিদ্ৰৰ লগত বহি তুমি এসাজ খোৱাৰ
কথা আছিল মোৰ সমস্ত দুখৰ তুমি সমভাগী হোৱাৰ
কথা আছিল তোমাৰ সকলোবোৰ সুখত মোক সমভাগী কৰাৰ

সেই ৰাতি কিন্তু কাহানিও নুপুৱাল

কথাত কথা বাঢ়ি বাঢ়ি
তোমাৰ কথাবোৰ দীঘলীয়া হ’ল
একপক্ষীয়, আমনিদায়ক, স্বগতোক্তি হ’ল

তোমাৰ চকুৰ অযুত সপোনবোৰ একেই থাকিল
মাথোঁ সলনি হল সিবোৰৰ চেহেৰা
ক্ষীণকায়, শোটোৰা-শোটোৰ চেহেৰাবোৰৰ ঠাই ল’লে
পুষ্ট গালৰ নিপোটল মুখবোৰে

এনেদৰে বহু হিয়াভগা কথাৰ শেষ কথা
তুমি— তুমি
আৰু
মই— মই

তথাপি অবুজ মনটোৱে নেমানে
আৰু কিবা কথা আছে
জানোচা বাকী

আৰু পঢ়ক
ধূলিকণা মই

ধূলিকণা মই

অনিৰ্বাণ দত্ত

খুচুৰা

খুচুৰা

নয়ন মণি মিশ্ৰ

কথা আছিল | মমতাজ আনচাৰি

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

আপুনি হয়তো ভাল পাব:

দেশ এখন কিনিব বিচাৰোঁ

দেশ এখন কিনিব বিচাৰোঁ

অহংকাৰী যৌৱন
  • কবিতা
    • ডা° হেমন্ত কুমাৰ গোস্বামী

অহংকাৰী যৌৱন