নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

১.
নীলা পানীত তাঁতবাতি কৰে বগা মাছবোৰে,
জোনটোৱে পখালে গা ভটিয়নি সোঁতত,
বাঁহৰ আগত বেলিটোৰ ভাতঘুমটি৷
থৰকবৰক পোনাকণৰ চিলাখনে
উজুটি খায় বাৰে বাৰে৷

২.
মেলা পাতিছে এবুকু পুহে
মোৰ ভগা জুহালত
ঢেঁকীশালত বন্দী ভোগালীৰ উমবোৰে
উকমুকাইছে৷
ভঁৰালত লখিমীৰ এতিয়া চিলমিলীয়া টোপনি৷

৩.
উজাগৰী আন্ধাৰবোৰ এতিয়া শেতেলীত৷
ৰঙচুৱা ৰদবোৰৰ হেতাওপৰা—
নিয়ৰে ঢকা মোৰ পুহৰি চোতালখনত৷

৪.
নিতাল মাৰি পৰি আছে কঙালী নদীখন,
জৰাজীৰ্ণ চাদৰ আৰু ক্ষয়িষ্ণু শৰীৰত
নীলিমাই হাত ফুৰাইছে আবেগেৰে৷

৫.
কঁপি কঁপি বতাহজাক উৰে আকাশলৈ,
উজাই আহে ৰঙা জুইকুৰা,
এৰাল ছিগা মনটো এতিয়া দিকছৌ বনত৷

৬.
ধূলিময় নাহৰৰ সপোন,—
বসন্তৰ ৰঙা চোলা
আৰু এজাক বৰষুণৰ৷

❧ | আৰু পঢ়ক:

এই লেখকৰ সকলো লেখা চাওক →
শীতৰ স্তৱক | ৰাজুমণি বৰুৱা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...