তুমি যেতিয়া লিখিবা

তুমি যেতিয়া লিখিবা
  • 01 Jul, 2019

মূল: (ইংৰাজী) এডৱার্ড হির্শ্ব (When You Write the Story)
অনুবাদ: ধ্ৰুৱ শইকীয়া

তুমি এজন দেউতা হোৱাৰ কথা লিখিবলৈ যাওঁতে
কিছুমান কথা লিখিবলৈ নাপাহৰিবা,
যেনে কিমান ভাল লাগিছিল একেলগে চিৰি বগাই
বল এটা ঘৰৰ ভিতৰতে দলিয়াই দলিয়াই খেলোঁতে
বা লিভিং ৰুমত থকা প্ৰকাণ্ড পিয়ানোটোৰ কাষতে
শুই পৰা কুকৰটোৰ কাষেৰে পাৰ হৈ যোৱাৰ কথা
কিমান যে ভাল লাগিছিল একেলগে খোৱা-বোৱা কৰি
কোনোবা নিভৃত শীতকালৰ দুর্গত কোনো অজান মুলুক—
ঠাইটুকুৰাৰ নাম মই নকওঁ— কাৰোবাৰ পিছ চোতালো হ’ব পাৰে,
কি অছিল সেই গানটো তুমি যে তাক
টোপনি নিয়াবলৈ আৱিষ্কাৰ কৰিছিলা
এটা নিচুকণি গীত?
এয়া জানো কালিৰ কথা নহয়
তুমি যে তাক কোলাত লৈ চিৰিৰে নামি আহি
লৈ গৈছিলা ড্ৰাইভৱেত ষ্টার্ট হৈ থকা গাড়ীখনলৈ ৰাতিপুৱা ৫ বজাত?

❧ | আৰু পঢ়ক: কে সচ্চিদানন্দনৰ কবিতা ‘এগৰাকী নাৰীৰ প্ৰেমত পৰিবলৈ’

এডৱার্ড হির্শ্ব
এডৱার্ড হির্শ্ব

লোককলা বিষয়ত ডক্টৰেট এডৱার্ড হির্শ্ব (Edward Hirsch) এজন এমেৰিকান কবি। তেখেতৰ জন্ম হৈছিল ১৯৫০ চনত চিকাগোত। ইতিমধ্যে তেখেতৰ সাতখন কাব্যগ্ৰন্থ আৰু পাঁচখন গদ্যগ্ৰন্থ প্ৰকাশিত হৈছে।

তুমি যেতিয়া লিখিবা | ধ্ৰুৱ শইকীয়া

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক