পাহাৰীয়া ৰাস্তা এটাৰ বুকুৰে ৰে’লেৰে গৈ আছোঁ
মোৰ কাষতে শুই পৰিছে পাহাৰীয়া জোনটো
মোৰ আনটো কাষত
এজন বৃদ্ধই বুদ্ধৰ কথা এহাল শিশুক ক’বলৈ ধৰিছে
তেওঁৰ মুখখন শেঁতা অথচ চকুহাল
ঠিক অৰ্জুনৰ হাতখনৰ দৰেই তীক্ষ্ণ।
মোৰ পিছফালে এগৰাকী ষোল্ল বছৰীয়া কিশোৰী
তাই খুব সম্ভৱ বসন্তৰ গান গোৱা
চৰাই এজনীৰ কাৰণে এটা বাহ সাজি আছে
মুখত ওলমাই থৈছে প্ৰথম প্ৰেমৰ পোহৰ।
পাহাৰীয়া জোনাকৰ গোন্ধটো আহি নাকত লাগিছেহি
শাৰী শাৰী পাইনবোৰক ৰাস্তাৰ কাষত এৰি থৈ
গৈ থাকোঁতে এজোপা বিশেষ পাইনত মোৰ চকু পৰিল
ওখ পাইনজোপাই মোক ক’লে
কিদৰে গছজোপাক ভিৰৰ মাজতে এঘৰীয়া কৰি ৰাখি থৈছে
মই বুজাই-নুবুজাই কেৱল মূৰটো জোকাৰি
গছজোপাক বিদায় দিলো।
বুদ্ধৰ কথা শেষ হৈছিল সম্ভৱ
তেওঁৰ কোনো মাত নাই
ষোল্ল বছৰীয়া কিশোৰীগৰাকীও সাৰশূন্য
দেখিলো,
পাহাৰৰ সিপাৰৰ পৰা পাইনবোৰ জ্বলি আহিল
আৰু ওখ পাইনজোপাৰ ডাল এটাত বহি
বৃদ্ধ আৰু কিশোৰীয়ে শেষবাৰৰ বাবে মোক
হাত জোকাৰি জোকাৰি বিদায় জনালে।
এদিন চছমাযোৰ নোহোৱাকৈ
পাপু মজুমদাৰ
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক




