মূল (ওড়িয়া): সুপ্ৰিয়া পাণ্ডা
অনুবাদ: নবকুমাৰ মিশ্ৰ
শ ৰণপুৰ হ’ল মালভূমিত গঢ়ি উঠা এখন জনবসতিপূৰ্ণ গাঁও। এঢলীয়া মাটি, পাহাৰৰ গাত খলপে খলপে সজা ঘৰ, ভৈয়ামৰ পৰা চালে এনে লাগে যেন পাহাৰ আৰু দিগন্তৰ পিছফালে কোনো এখন পটত কোনোবাই যেন আঁকি থৈছে এখন মনমোহা ছবি। গাঁওখনত পানীৰ বৰ অভাৱ। বহু দূৰৈৰ পৰা গাঁওবাসীয়ে পানী কঢ়িয়াই আনিবলগা হয়। তেওঁলোকৰ এই কষ্টৰ কথা গাঁওখনলৈ অহা আলহী-অতিথিবোৰেও জানে। সেয়ে তেওঁলোকে শৰণপুৰলৈ আহিবলগীয়া হ’লে নিজৰ বাবে প্ৰয়োজন হ’ব পৰা পানীখিনি লগত লৈয়েই আহে।
এই শৰণপুৰৰে এজনে শপত খাইছে যে তেওঁ নদী এখন যেনেতেনে বিচাৰি উলিয়াবই। মানুহজনৰ নাম ইবা। তেওঁ জানে যে পাহাৰখনৰ বুকুতেই ক’ৰবাত লুকাই আছে সেই জলকন্যা। তাইক সি যেনেতেনে বিচাৰি উলিয়াব। তাৰ পাছত সেই জলধাৰা তৰল কাঁচৰ দৰে শৰণপুৰ গাঁৱৰ দাঁতিৰে বৈ আহি জলপ্ৰপাত হৈ এচাৰ খাই পৰিব ভৈয়ামৰ বাকৰিত।
পানীৰ সন্ধানত কালাতিপাত কৰাটো ইবাহঁতৰ বংশগত বলিয়ালি। তাৰ দেউতাক, ককাকহঁতেও এনেদৰে পানীৰ পুং বিচাৰি ফুৰিছিল। কিন্তু নাপালে। অৱশ্যে তেওঁলোকে সংসাৰ ধৰ্ম পালন কৰিছিল। কিন্তু নিজৰ সংসাৰখন পাতি ল’বলৈও ইবাৰ কোনো মতিগতি নাই। সি দিনে ৰাতিয়ে কেৱল পাহাৰ খন্দাত ব্যস্ত। এতিয়ালৈ সি পানীৰ একো সন্ধান উলিয়াব পৰা নাই যদিও গাঁওবাসীৰ বাবে আন এক সম্ভাৱনাহে প্ৰকট হৈ উঠিছে। সেয়া হ’ল, বছৰৰ পাছত বছৰ একেৰাহে পাহাৰখন খান্দি যোৱাৰ ফলত তাৰ সেউজ আৰু শিলাময় বুকুত গঢ়ি উঠিছে এক সুৰংগ, এক গুহাপথ। এই পথেৰে হাটলৈ যাতায়াত সুচল হৈ উঠিছে। হাটলৈ যাবলৈ বাট চমু হৈ আহিছে প্ৰায় সাত কিলোমিটাৰ। তাকে লৈ গঞা ৰাইজ সুখী। তেওঁলোকে পাল পাতি প্ৰতিটো সন্ধিয়াই ইবাক নিশাৰ আহাৰ পাহাৰতে দি থৈ আহেগৈ।
জোৰ জ্বলাই গুহাৰ ভিতৰত একান্তমনে কাম কৰি থাকে ইবাই। তাক দেখিবলৈ কেতিয়াবা এজন গুহামানৱ যেন লাগে। কোনো প্ৰাচীন গ্ৰন্থৰ উৱলি যোৱা পাতৰ পৰাহে যেন সি এইমাত্ৰ উঠি আহিছে। কঁকালত পিন্ধি লোৱা এখন পহুৰ ছাল আৰু পিবলৈ জোলোঙাত ভৰাই লোৱা এবটল পানী। শীত-বৰ্ষা-গ্ৰীষ্ম— সকলো ঋতুতে তাৰ সেই একেই পোচাক। আৰু সেয়া তাৰ দেহতো নহয়, যেন পাহাৰৰ বাদামী শিলাখণ্ডৰ পৰা ঈশ্বৰে নিৰ্মাণ কৰা এক মানৱ মূৰ্তি। তাৰ গালৰ দাঢ়িবোৰো বাদামী ৰঙৰ, যেনিবা কোনোবাই তাত ৰং বোলাই থৈ গৈছে। তাৰ উচ্চতাও গাঁৱৰ অন্য কোনো লোকৰ তুননাত প্ৰায় আঢ়ৈ হাত অধিক।
হাতত জোৰ, দেহত পশুৰ ছাল মেৰিয়াই লোৱা এই দীৰ্ঘকায় ইবাক দেখিলে মাজে মাজে ভ্ৰম হয় যেন সি বাইবেলৰ মোজেচহে! শ শ লোকক সি মিচৰৰ দাসত্বৰ পৰা মুক্ত কৰি লৈ আহিছে ইজৰাইললৈ। চিনাই মৰুভূমিত সি যেন সিহঁতৰ বাবে অন্বেষণ কৰিছে অমৃত জল!
তেনেদৰে ইবাইও এই পাহাৰৰ বুকুত শৰণপুৰৰ মানুহৰ বাবে সন্ধান কৰিছে নৈৰ। অকল শৰণপুৰ কিয়, চুবুৰীয়া গাঁওবাসীৰ বাবেও।
মন গ’লে কেতিয়াবাহে হাটলৈ যায় ইবা। সিদিনাও গৈছিল আৰু সেই হাটতে সি দূৰৰ পৰাই দেখিছিল কুসুমক। কুসুমৰ খোপাত আছিল আহাৰমহীয়া কদম ফুল। কি মনমোহিনী সৌৰভ! কুসুমেও তাক দেখি ভাবিছিল, দেহৰ কি ৰং এই সুঠাম পুৰুষৰ! সঁচাকৈয়ে যেন নৈৰ বালিৰ চিকমিক সোণালী ৰঙৰ সতে মিলি গৈছে মাটিৰ সেই গেৰুৱা ৰং। সেই বয়সটোৱেই তেনেকুৱা, পৰস্পৰক দেখি ৰ লাগি থকাৰ বয়স। সেইবুলি গাভৰু ছোৱালী ঘৰত ৰখা পিতৃয়েতো সুঠাম যুৱক দেখিয়েই এনেদৰে মুগ্ধ হ’লে নচলিব! ল’ৰাৰ জীৱন-জীৱিকা কি তাকো তেওঁৰ জনা দৰকাৰ। ইবা কিন্তু কৰ্মঠ, সি কঠোৰ পৰিশ্ৰম কৰে, কিন্তু পাৰিশ্ৰমিক কি বস্তু সি বুজি নাপায়।
নৈৰ সন্ধানত ব্যস্তজনৰ আৰু কিহৰ হিচাপ-নিকাচ?
তাৰ পাছতে কুসুমৰ বিয়া হয় অন্য এজন যুৱকলৈ, অৱশ্যে তাই এইখন গাঁৱলৈয়ে বোৱাৰী হৈ আহে। সেই হাটত দেখা মটীয়া-বাদামী বৰণৰ দীৰ্ঘকায় সুঠাম যুৱকজনক তাই পাহৰি পেলাবলগীয়া হয়, যাৰ বাহুত আছে পাহাৰ বিদীৰ্ণ কৰিব পৰা অমিত শক্তি। কিন্তু কুসুমৰ দুৰ্ভাগ্য যে তাই এটা বছৰো সম্পূৰ্ণকৈ সংসাৰ কৰিবলৈ নাপালে। চাৰিদিনীয়া জ্বৰত তাইৰ স্বামীয়ে অকালতে তাইক এৰি গুচি গ’ল। সংসাৰখনক ভালদৰে বুজি উঠিবলৈ নৌপাওঁতেই সংসাৰে তাইৰ পৰা মেলানি মাগিলে।
শৰণপুৰ গাঁৱৰ যানিযাত্ৰা, ঘোঁৰা নাচ, বাঘনাচলৈ কেতিয়াও নহা ইবাই কিন্তু সিদিনা পাহাৰৰ গুহাৰ পৰা ওলাই আহিল। সি অনেক দুৰ বাট কুসুমৰ স্বামীক কান্ধেৰে কঢ়িয়াই দিলে। তাৰ পাছত কুসুম ৰৈ গ’ল পেটৰ ভাতমুঠি যোগাৰৰ বাবে খেতিখোলাত ব্যস্ত হৈ আৰু ইবা গুচি গ’ল পূৰ্বৰ দৰেই নৈ এখনৰ সন্ধানত সেই পাহাৰৰ মাজলৈ।
গাঁৱৰ প্ৰধানে পুনৰ বিয়াত বহিবলৈ কুসুমক পৰামৰ্শ দিলে । তাইক পাবলৈ হেঁপাহ কৰা যুৱকৰো অভাৱ নাই। আটাইতকৈ বেছি আগ্ৰহ দেখুৱাইছিল উদ্ধৱে। সি তাৰ পত্নীক হেৰুৱাইছে। ঘৰত কণমানি জীয়ৰী এজনী। কিন্তু কুসুমে প্ৰধানক আৰু কিছুদিন ৰ’বলৈ ক’লে। শ্মশানৰ চিতাৰ জুইৰ উত্তাপ এতিয়াও তাইৰ গাতে লাগি আছে। ইমান সোনকালে বিয়াৰ প্ৰশ্ন উঠে কিয়? তাই লগতে ক’লে যে উদ্ধৱৰ স’তে তাই বিয়াত বহাৰ প্ৰশ্নই নুঠে। সি অতি উদ্ধত লোক। কিছুদিন চহৰত থাকি সি সংসাৰৰ আটাইবোৰ কুকৰ্ম শিকি আহিছে। আহুকাণে পহুকাণে তাই শুনিছে, উদ্ধৱৰ পত্নী মৰা নাছিল, সিহে লঠিয়াই-মৰিয়াই তাইক মাৰি পেলাইছে। জানি-শুনি এনে লোকক কেনেকৈ চপাই ল’ব তাই ?
শৰণপুৰ গাঁৱত এনেদৰেই চলিছিল নিস্তৰংগ জীৱন। প্ৰতিদিনেই যেন পাৰ হৈ যোৱা দিনটোৰ পুনৰাবৃত্তি। কিন্তু হঠাতে তাত ঘটিল এক ডাঙৰ ঘটনা। স্তম্ভিত হৈ পৰিল গঞা ৰাইজ। উদ্ধৱক কোনোবাই হত্যা কৰিলে। নিজৰ ঘৰৰ ওচৰৰে পলাশজোপাৰ তলত পৰি আছে তাৰ মৃতদেহ। চোকা দাৰে তাৰ ডিঙি কটা হৈছে। অতি বেছি মদ্যপান কৰিছিল সি, তাৰ শৱটোৰ ওচৰ চাপিলে সেই গোন্ধে নাক সোপা মাৰি ধৰে। গাঁৱলৈ পুলিচ আহিল, সোধপোচ চলিল আৰু সন্দেহবশতঃ দুই-তিনিজনক থানালৈ লৈ গ’ল। প্ৰমাণৰ অভাৱত সিহঁতকো এৰি দিয়া হ’ল। গাঁৱত সন্ধিয়া সন্ধিয়া সভা বহিল, বহুতে বহু কথা ক’লে, কিন্তু সত্য উন্মোচিত নহ’ল, কেৱল কেবালিটাৰ কেৰাচিনহে পুৰিল।
গঞা ৰাইজৰ এই সভাত কুসুমে সদায় উদ্ধৱৰ কণমানি জীয়ৰীজনী সম্পৰ্কে কিবা এটা সিদ্ধান্ত ল’বলৈ মুৰব্বীসকলক অনুৰোধ জনায়। পিছে কোনেও সেই কথাটোলৈ কাণসাৰেই নকৰে। কণমানিজনীৰ দায়িত্ব কোনোবাইতো ল’ব লাগিব। শেষত এদিন কাৰো পৰামৰ্শলৈ বাট নাচাই কুসুমে উদ্ধৱৰ কণমানি জীয়ৰী মুক্তাক নিজৰ ঘৰলৈ লৈ আহিল।
বুকুৰ মাজলৈ মুক্তাক চপাই দুখেৰে ভৰা নিজৰ জীৱনটোৰ কথা কুসুমে সমূলি পাহৰি পেলালে। তাইৰ সেই অকলশৰীয়া জীৱন, তাইৰ পুনৰ সংসাৰ কৰাৰ প্ৰস্তাৱ, সকলো তাই আওকাণ কৰিলে আৰু মুক্তাক ডাঙৰ কৰি ভাল মানুহ কৰি তুলিবলৈ নিজকে সমৰ্পণ কৰিলে। মাজে মাজে সময় পালে তাই পাহাৰৰ ওপৰলৈ গৈ দূৰৈৰ সেই মিচনাৰী স্কুলখনলৈ চায় আৰু মনতে সংকল্প কৰে যে মুক্তাক তাই সেই বিদ্যালয়খনত পঢ়ুৱাব। তাইক মানুহ কৰি গঢ়ি তুলিব।
মাজে মাজে পাহাৰ খান্দিবলৈ এৰি বাহিৰলৈ ওলাই আহে ইবা, তাৰ হাতত এটা প্ৰকাণ্ড হাতুৰী। প্ৰচণ্ড শীততো তাৰ দেহৰ পৰা নিগৰি আহে ঘামৰ সোঁত। মোহন হাঁহি এটা মাৰি সি তাইক সোধে— ‘দূৰৈৰ সেই স্কুলখনলৈ চাই তই নিশ্চয় ভাবিছ, মুক্তাক তাত পঢ়ুৱাবি, নহয়নে?’
আচৰিত হৈ পৰে কুসুম।
—‘তই কেনেকৈ জানিলি?’
—‘মই জানো। যেনেদৰে মই জানো এদিন পাহাৰৰ বুকুৰ পৰা মই বোৱাই আনিব পাৰিম আকাংক্ষিত জলধাৰাক।’
—‘এৰা। তই হ’লি ইবা। আমি নোৱৰা বহু কাম তই কৰিব পাৰ। যেনেদৰে তই বৰ্ষাক মাতি আনিব পাৰ।’
—‘নহয়, মুঠেই নহয়’, ইবাই কয়— ‘তহঁতে বহু ভুল কথা কৱ মোৰ বিষয়ে। মই বৰ্ষাক আনিব নোৱাৰোঁ, কিন্তু বৰষুণ অহাৰ বহু আগতে মই পাই যাওঁ তাৰ আগমনৰ সংবাদ। তেতিয়া পাহাৰৰ ওপৰৰ পৰা মই ৰিঙিয়াই তহঁতক আটাইকে জনাই দিওঁ আৰু কিমান ঘণ্টাৰ পাছত বৰষুণ আহিব।’
—‘কেনেকৈ জান তই ইবা?’
—‘বৰষা অহাৰ বহু পূৰ্বৰে পৰা বতাহত ভাহি আহে ইয়াৰ গোন্ধ। যেনেদৰে উঁইহাফলু দেখি মই অনুমান কৰিব পাৰোঁ মাটিৰ তলত থকা জলস্তৰৰ অৱস্থিতি।’
কুসুমৰ মুখত এমুখ স্নেহভৰা হাঁহি— ‘তোক যিমানবাৰ দেখোঁ, মোৰ মনলৈ আহে আমাৰ গাঁৱলৈ প্ৰায়ে আহি থকা সেই খ্ৰীষ্টান ফাদাৰৰ কথা, যিয়ে গছৰ তলত বহি কিমান সুন্দৰ কাহিনী শুনায়। যেনেদৰে কৈছিল মোজেচৰ কথা। মৰু পাহাৰত আঘাত কৰি তেওঁ কত শত মানুহৰ বাবে সমভূমিলৈ বোৱাই আনিছিল পানী। ঈশ্বৰে তেওঁক সহায় কৰিছিল। তয়ো এদিন আমাৰ গাঁৱলৈ বোৱাই আনিবি নদী, জলকষ্টৰ পৰা পৰিত্ৰাণ কৰিবি গাঁওবাসীক।’
—‘নহয় অ’ কুসুম, মোজেচ আছিল ঈশ্বৰৰ সন্তান। মইতো সাধাৰণ মানুহ।’ এইখিনি কৈ ইবাই দুইহাতেৰে স্পৰ্শ কৰে কপালখন আৰু কয়— ‘আশীৰ্বাদ কৰা মোজেচ, যাতে মই বিচাৰি পাওঁ পানীৰ উহ।’
এটা সময়ত ইবাৰ কাষৰ পৰা আমন-জিমনকৈ ঘৰলৈ ওভতি আহে কুসুম। তাইৰ এই ওভটনি যাত্ৰালৈ একেথিৰে চাই থাকে ইবাই। নদীৰ বালি ৰঙৰ এক বাদামী পুৰুষ, থিয় হৈ থাকে এক প্ৰস্তুৰ মূৰ্তিৰ দৰে।
অনুবাদ গল্প | ছবি: Maria Zaikina via Flickr | CC BY-ND 2.0
পানীৰ সন্ধান এতিয়ালৈ ওলোৱা নাই, কিন্তু সময়ে কালৈকো অপেক্ষা নকৰে। ডাঙৰ হৈ উঠে মুক্তা। মিচনাৰী স্কুলত চলি আছে তাইৰ পঢ়া-শুনা। মিচনাৰী ফাদাৰে নিজা উদ্যোগত তাইক ওচৰৰ চহৰ এখনৰ নাৰ্চিং স্কুল এখনত ভৰ্তি কৰি দিছে। আৰু কেইমাহমানৰ পাছত তাইৰ পঢ়া শেষ হ’ব, চাকৰি এটাও পাই যাব তাই। অনাথ এই শিশুটিৰ অৱশেষত থানথিত লাগিব। তাৰ পাছত বৰ অকলশৰীয়া হৈ পৰিব কুসুম। মুক্তা বাৰু এই গাঁৱলৈ আকৌ আহিবনে? তাই চাগে চেষ্টা কৰিছে এই গাঁও-মাটিৰ পৰিচয় আৰু বন্ধনৰ পৰা নিজকে মুক্ত কৰিবলৈ।
এই চেষ্টা মুক্তাই বোধহয় কেবাবাৰো কৰিছে, কিন্তু কুসুমে এই কথা এতিয়াহে বুজিব পাৰিছে। আগতে স্কুলত পঢ়ি থকা সময়ত কুসুম তাইৰ স্কুললৈ গ’লে তাই দৌৰি আহি বুকুত সোমাই পৰিছিল, তাই কিমান সুখী হৈছিল! উভতি আহিব খুজিলে তাই কুসুমক এৰি নিদিছিল, আৰু কিছু সময় ৰৈ যাবলৈ ঠেহ ধৰিছিল। তাকে দেখি ফাদাৰে হাঁহিছিল আৰু কৈছিল— ‘ছোৱালীয়ে কৈছে যেতিয়া আৰু কিছুপৰ ৰৈ যোৱা। হেৰা কুসুম, ইবাই পালেনে পানীৰ সন্ধান? বাচি আছেনে তাৰ আইতাক?’
মূৰ লৰাই কুসুম— ‘নাই, এই পৰ্যন্ত পোৱা নাই পানীৰ পুং। কিন্তু তাৰ আইতাকজনী এতিয়াও আছে। ৰাতি ভালদৰে চকুৰে নমনে। তথাপি ৰাতি লণ্ঠনটো লৈ গাঁৱৰ সীমালৈ ওলাই আহি চিঞৰে— ইবা, খোৱা-বোৱা কৰিলিনে? পাহাৰৰ ওপৰৰ পৰা নাতিয়ে ৰিঙিয়ায়— খালোঁ আইতা। ৰিঙিওৱাত নাতি-আইতা কোনোজনেই কম নহয়।’
মুক্তাই চকুযুৰি বহলকৈ মেলি কয়— ‘জানানে ফাদাৰ, ৰাতি যেতিয়া গাঁৱৰ সীমাৰ পৰা আইতাই চিঞৰে, ঠিক সেই সময়তে নামনিৰ হাবিৰ পৰা শিয়ালবোৰে মাতি উঠে— হু… কে…কে… হুআ। সময়টো সঁদায় একেটাই, অলপো ইফাল-সিফাল নহয়।’
‘হাঃ হাঃ হাঃ’— হাঁহি উঠে ফাদাৰে। তাৰ পাছত সুহুৰি বজাই বজাই আঁতৰি যায় বাউণ্ডাৰী ৱালৰ কাম চাবলৈ। মুক্তাই কয়— ‘ফাদাৰে যিটো সুহুৰি বজাইছে, সেই গীতটো মই জানো। শুনিবা?’ তাৰ পাছত তাইৰ কোমল, মধুৰ কণ্ঠৰে গাই যায়— ‘সৰু সৰু শিশুবোৰক যিচুৱে বৰ ভাল পায়/ যিচুৱে বৰ ভাল পায়/ আৰ্তজনৰ সেৱাত…।’
কিন্তু এতিয়া সলনি হৈ গৈছে সেই মুক্তাজনী। তাইক চাবলৈ কুসুম দুবাৰো গৈছিল চহৰলৈ। শৰণপুৰৰ পৰা সেই চহৰ পাবলৈ বহু কষ্ট। তথাপি মনে নামানে। এতিয়া কিন্তু কুসুমক দেখি মুক্তা আগৰ দৰে উৎফুল্লিত নহয়। তাই দুৱাৰৰ কাষত থিয় হৈ কুসুমৰ সৈতে অন্যমনস্কভাৱে কথা পাতে। সোধা প্ৰশ্নখিনিৰ মাথোঁ হা বা না ৰূপত উত্তৰ দিয়ে। তাইৰ সহপাঠী সংগীসকলৰ প্ৰতি নজৰ দি তাই সংকোচেৰে কথা পাতে, যেন কুসুমৰ দৰে অশিক্ষিত, গ্ৰাম্য মহিলা এগৰাকীৰ সৈতে তাইক কোনোবাই দেখাটো তাইৰ বাবে অতি লাজৰ কথা!
সেইবাৰ আহোঁতে মুক্তাই তাইক কৈছিল— ‘তই আৰু কষ্ট কৰি বাৰে বাৰে অহাৰ দৰকাৰ নাই। দুমাহমানৰ পাছত আকৌ এবাৰ আহিবি। মোৰ বাবে তোৰ সাঁচতীয়া ধনেৰে বনাই ৰখা ৰূপৰ গহনাখিনিও লৈ আহিবি। মই চাকৰি এটাত জইন কৰিম। এইখন চহৰৰ পৰা বহু আঁতৰত। তই তালৈ মুঠেই যাব নোৱাৰিবি।’
হয়, বয়স বাঢ়ি গলে সঁচাকৈয়ে বহু কথাই অসম্ভৱ হৈ পৰে। সন্তানেও প্ৰাচীৰ থিয় কৰায়। তথাপি ইমান কষ্ট কৰি ৰূপৰ গহনাখিনি বনোৱা কথাটো যে মনত ৰাখিছে মুক্তাই! আৰু সেইখিনি ল’বলৈ যে তাই আগ্ৰহ প্ৰকাশ কৰিছে, সেয়াই কুসুমৰ বাবে পৰম সৌভাগ্য।
আজি কাহিলি পুৱাতে উঠি লৰা-ঢপৰা কৰি কুসুম যাবলৈ ওলাইছে মুক্তাৰ কাষলৈ। তাইক গহনাখিনি দিয়াৰ উপৰিও তাইৰ পিঠিখনতো মৰমেৰে এবাৰ হাত বুলাই দিব। আজি বোধহয় শেষবাৰৰ বাবে কুসুমে তাইক দেখিব, আকৌ কেতিয়াবা দেখা পাব নে নাই তাক ভগবানেহে জানে! তাই দূৰৈৰ এখন চহৰলৈ গুচি যাব, এই দূৰত্ব হয়তো কুসুমৰ বাবে হ’ব অনতিক্ৰান্ত! লৰা-ঢপৰা কৰি গৈ থাকোঁতে পাহাৰৰ ওপৰৰ পৰা কোনোবাই চিঞৰি মতা যেন তাই শুনিলে। কুসুমে দেখিলে পাহাৰৰ ওপৰত থিয় হৈ আছে ইবা। শৰীৰত তাৰ সেই পশুৰ ছালৰ পোছাক, কান্ধত সেই বিশাল হাতুৰী, তাৰ পিছফালে পূবাকাশত উঠি অহা ৰঙা বেলিটো। তাৰ বাদামী দেহত লিপিট খাই পৰিছে ঊষালগ্নৰ সেই লোহিত ৰং। কুসুমে তাক হাতৰ ইংগিতেৰে বুজাই দিলে যে তাই চহৰলৈ যাবলৈ ওলাইছে। লগতে মনে মনে হাতযোৰ কৰি ভগবানক ক’লে— হে প্ৰভু, ইবাক তুমি দয়া কৰা। তুমিতো আগতেও দয়া কৰিছা মোজেচক, ভগীৰথক। সিহঁতেতো পাথৰৰ গৰ্ভৰ পৰাই বোৱাই আনিব পাৰিছিল জলধাৰা, আনিব পাৰিছিল স্বয়ং গংগা নৈক। আমাৰ ইমান ডাঙৰ নৈৰ দৰকাৰ নাই, সৰু নিজৰা এটা হ’লেও আমি তৃপ্ত হ’ম। ইবাৰ যে আয়ুস কাল এতিয়া প্ৰায় উকলিবৰ হ’ল। নৈৰ পুং এটা বিচাৰিয়েই সি পাত কৰিলে তাৰ ওৰেটো জীৱন।
কুসুমে বিশ্বাস কৰে মোজেচক, বিশ্বাস কৰে ভগীৰথক, বিশ্বাস কৰে যে মানুহেই মানুহৰ বাবে আনিব পাৰে জল সুধা, আনিব পাৰে এখন নদী।
ইমান লৰা-ঢপৰা কৰি নাৰ্চিং স্কুল পোৱাৰ পাছত কুসুমে লক্ষ্য কৰিলে যে মুক্তাৰ মন-মেজাজ বেয়া। তৃষ্ণাতুৰ কুসুমে তাইক পানী এগিলাচ খুজিলত তাই কিন্তু অন্যমনস্ক হৈ ৰ’ল। তাই বৰং চাই ৰ’ল সহপাঠীসকলৰ মাক-দেউতাকসকলক। তেওঁলোকে প্ৰত্যেকেই নিজৰ নিজৰ কন্যাক নিবলৈ আহিছে। সেই মাক-দেউতাকসকল দেখিবলৈ কিমান ধুনীয়া। অথচ চোৱা, মুক্তাৰ কাষত কোনো নাই, মাথোঁ কুসুম। তাকো তাই শাৰীখনো পৰিপাটিকৈ পিন্ধিব নাজানে।
কুসুমে সন্ত্ৰস্ত হৈ শাৰীখন ঠিকঠাক কৰি ল’লে যদিও উভতি যাওঁতে তাই পুনৰ শাৰী কোঁচাইয়েই পাৰ হ’ব লাগিব সেই পাহাৰীয়া পথ। পিঠিত হাত বুলাই তাই মুক্তাৰ অভিমান ভাঙিবলৈ চেষ্টা কৰিলে। কিন্তু ই কি! মুক্তা খঙত যেন জ্বলিহে উঠিল। তাই এই জীৱনটোত একো নাপালে। তাইৰ বান্ধৱীসকলে আটাইখিনি পাইছে, কিমান ভাল সিহঁতৰ মাক-দেউতাকসকল। অথচ, শৰণপুৰ এনে এখন গাঁও, যিয়ে তাইৰ দেউতাকক মাৰিহে পেলালে। আজি অত বছৰে সেই হত্যাকাৰীৰ সন্ধান নোলাল। অথচ, আজি দেউতাক থকা হ’লে তাইৰ জীৱনটোৱেই হয়তো অন্য ৰূপ ল’লেহেঁতেন।
মুক্তাৰ উগ্ৰমূৰ্তি দেখি বিচলিত হ’ল কুসুম। কুসুমৰ কণ্ঠৰ পৰা নিগৰিল অন্য এক স্বৰ। কোনো মাতৃৰ কণ্ঠৰ পৰা যেতিয়া এনে স্বৰ নিৰ্গত হয়, তেতিয়া স্তব্ধ হৈ পৰে আকাশ-পাতাল-বজ্ৰ-বসুধা, সকলো।
—‘তোৰ ভাগ্য ভাল যে তোৰ দেউতাৰ উদ্ধৱৰ নামটো মাথোঁ স্কুলৰ কাগজতহে লেখা হৈছে। তাৰ পৰিচয়েৰে তই ডাঙৰ হোৱা নাই। হোৱা হ’লে আজি তোক সমস্ত সংসাৰে ঘৃণা কৰিলেহেঁতেন। মোৰ পৰিচয়ে তোক সেই কলংকৰ পৰা বচাই ৰাখিছে। হ’লেও তইতো সেই উদ্ধৱৰে জী, তোৰ আৰু কি কৃতজ্ঞতাবোধ থাকিব পাৰে?’
গৰ্জি উঠিল মুক্তা, একেবাৰে ৰণচণ্ডী ৰূপ। ‘এই পিশাচিনী, প্ৰেতিনী ক’ৰবাৰ, তই ইমানদিনে মোক ডাঙৰ কৰিছ, বুঢ়ীকালত মোৰ উপাৰ্জন খাবি বুলি, মোৰ পিতৃৰ নামত কলংক সানিবলৈ তোৰ লাজ নালাগিল? তেওঁ বাচি থকা সময়ততো সকলোৱে তেওঁক ভয় কৰিছিল…।’
—‘তোৰ দেউতাৰ কেনে জঘন্য পশু আছিল, শুনিবি? শুনিব পাৰিবিতো?’
তাৰ পাছত কুসুমে কি কৈছিল তাই নিজেই নাজানে। তাৰ সমস্ত অতীত তাই উন্মোচিত কৰিলে। সেই সময়ত কুসুম এজনী মাতৃ বা স্নেহময়ী নাৰী নহয়, এজনী বিদ্ৰোহী নাৰী হৈ পৰিছিল। মুক্তাৰ মূৰত আজি হয়তো কোনোবা ৰাক্ষসীয়ে থিতাপি লৈছে। দুচকুত চকুপানী লৈ তাই উন্মুক্ত হাতেৰে কুসুমলৈ চোঁচা ল’লে। কুসুমে তাইক ধৰি পেলালে আৰু ক’লে— ‘মোৰ গাত হাত তুলি তই পাপত নপৰিবি। তোৰ দেউতাৰে এনেদৰে একো একোটা সৰু সৰু কথাতে সকলোৰে ওপৰত হাত তুলিছিল, আজি তয়ো সেই একেটা কামকে কৰিবলৈ লৈছ। তই পঢ়া-শুনা কৰিও মানসিকভাৱে উদ্ধৱৰ ওপৰলৈ উঠিব নোৱাৰিলি।’
—‘অ’ তেনেহ’লে মোৰ দেউতাৰ মৃত্যু এনেদৰেহে হৈছিল আৰু আজি পৰ্যন্ত এই কথা মোৰ পৰা লুকাই ৰাখিছিলি। কিন্তু মই তোক কেতিয়াও এৰি নিদিম, পুলিচৰ হাতত দিহে এৰিম। তই মোৰ সন্মুখৰ পৰা আঁতৰ হ।’ কান্দোনত ভাগি পৰিছিল মুক্তা।
আৰু ঠিক তেতিয়াই এবাৰো পাছলৈ উভতি নাচাই, সকলো মায়াজাল ফালি ওলাই আহিছিল কুসুম।
কিছু বাট অতিক্ৰম কৰাৰ পাছত কুসুমে ৰাস্তাৰ কাষত ৰৈ কেইটোপালমান পানীৰে তৃষ্ণা নিবাৰণ কৰিলে। তাৰ পাছত তাইৰ মনত পৰিল, তাই শালবনি পৰ্যন্ত বাছেৰে যাব লাগিব। তাৰ পাছত বনানী আৰু তাৰ পাছত পাহাৰ অতিক্ৰম কৰিব লাগিব। তাইৰ গাঁও যে পাহাৰৰ মাজত।… কেনেদৰে ইমানবোৰ কথা শুনাব পাৰিলে, কেনেকৈ তাইক ঠেলি বাহিৰ কৰি পঠিয়াব পাৰিলে মুক্তাই! নাই, সেই কথা আৰু কুসুমে এতিয়া নাভাবে। এতিয়াৰে পৰা মুক্তা বুলিলে তাই মনত পেলাব উদ্ধৱৰ মৃত্যুৰ সময়ৰ সেই শিশু কন্যাটিৰ কথা। তাৰ পাছত আৰু একো মনত নাই। ফলিৰ পৰা পেঞ্চিলৰ সকলোবোৰ আঁচ মচি গৈছে, যেনেদৰে মুক্তাই শিশুকালত মচি পেলাইছিল ফলিৰ সেই আঁকবাকবোৰ।
বাছৰ পৰা নামি কেতিয়া হাবিখন পাৰ হ’ল কুসুমে ধৰিবই নোৱাৰিলে। এটা মাথোঁ চিনাকি পথ, চিনাকি অভ্যাসে তাইক আগুৱাই লৈ গৈ আছে। আজি অৱশ্যে জোনাক নিশা। পূৰ্ণিমাৰ পোহৰে গোটেইখন ফটফটীয়া কৰি তুলিছে। কেৱল তাইৰ দেহটো অৱশ হৈ আহিছে। তথাপিতো চলিবই লাগিব। এতিয়া তাই পাহাৰ বগাইছে। আৰু বেছি বাট নাই। আৰে… এয়া কোন…?
ৰাস্তাৰ কাষৰ শিল এটাত বহি আছে ইবা। ইবা ইয়াত কিয়? সিতো পাহাৰ এৰি কেতিয়াও বাহিৰলৈ ওলাই নাহে! তাইক দেখি ইবাই হাঁহিলে।
—‘আজি কিছুদিন হ’ল, পাহাৰৰ নামনিত চিতাবাঘ এটা ওলাইছে। কালি সি মন্দাৰ গাঁৱৰ গৰু এটা মাৰিছে। কোনে জানে কোন মুহূৰ্তত সি এইখিনি ওলায়হি। তয়ো এতিয়ালৈ উভতি আহি নোপোৱাত চিন্তিত হৈ ইয়াতে বহি বাট চাই আছোঁ।’
ধেৎ, কেতিয়ানো বুদ্ধি হ’ব ইবাৰ! সি এনে কিছুমান কথা কয়! এনে কথা শুনিলে কুসুমৰ চকুৰে বানৰ ঢল বাগৰে। তাই কেনেকৈ লুকুৱাই ৰাখিব সেই চকুলো?
—‘এই, এই কুসুম, জোনটোলৈ চাচোন। চাচোন মুখখনলৈ, কেনেকুৱা হৈছে!’
কুসুমে মুখেৰে একো নকৈ শিলচটাত বহি ল’লে।
দীৰ্ঘশ্বাস এৰি ইবাই ক’লে— ‘বুজিলো, উদ্ধৱৰ ছোৱালী ঠিক উদ্ধৱৰ দৰেই হৈছে। তাইৰ শিক্ষাই সেই তেজৰ, সেই মনৰ সংস্কাৰ কৰিব নোৱাৰিলে। তই তোৰ কৰ্তব্য কৰিছ, সেইটোৱেই তোৰ বাবে ডাঙৰ কথা। বহু ৰাতি হ’ল, যা ঘৰলৈ যা। যিকোনো মুহূৰ্ততে চিতাবাঘটো ইয়ালৈ আহিব পাৰে। তই যেতিয়াই বাহিৰলৈ যাৱ, সাজ লগাৰ আগতে উভতি নাহিলে মই চিন্তিত হওঁ। সেয়ে এনেদৰে তোলৈ অপেক্ষা কৰোঁ, যাতে তই নিৰাপদেৰে ঘৰ সোমাব পাৰ। পানীৰ পুঙৰ সন্ধানত ব্যস্ত হৈ থাকোঁতে মই ইমানেই মগ্ন হৈ আছিলো যে তোৰ খবৰ ল’বলৈও আহৰি নাপালো। আৰু পাহাৰৰ পৰা ওলাই আহোঁমানে এটা দুৰ্ঘটনা ঘটি গ’ল।’
কঁপি উঠিছিল কুসুম। মেৰুদণ্ড পোন কৰি লৈ তাই কৈছিল— ‘ইবা, উদ্ধৱক ময়েই হত্যা কৰিছিলো, কাৰণ সি মোক বলাৎকাৰ কৰিছিল!’
—‘মই জানোঁ’, শিলচটাৰ পৰা উঠি আহি তাইৰ সন্মুখত নতজানু হৈ বহি ল’লে ইবাই আৰু হাত দুখন প্ৰসাৰিত কৰি ক’লে— ‘মোক ক্ষমা কৰ কুসুম, সেইদিনা তোৰ ওচৰ পাওঁতে মোৰ পলম হৈ গৈছিল। মই অকলেই সাক্ষী আছিলো সেই হত্যাৰ। মই কৰিবলগীয়া কামটো তই নিজে কৰি পেলালি। মোক ক্ষমা কৰি দে।’
নতজানু বাদামী লৌহ পুৰুষৰ দুচকুত অশ্ৰুৰ বন্যা।
—‘মই বাৰু ঘৰলৈ যাওঁ। চকুপানী মচি পেলা ইবা। ইমান বছৰৰ পুৰণি সেই কালৰাত্ৰিটোৰ কথা স্মৰণ কৰি এতিয়া আৰু কি হ’ব ক? সেই নিশাৰ পাছত আৰু অগণন সূৰ্যোদয় মই দেখি আহিছোঁ।’
জোনাকে প্লাৱিত কৰা পাহাৰৰ সেই নিজান বুকুত দুয়োজনে দুটা পথ ধৰিলে— এটা পথ পাহাৰৰ ওপৰলৈ, আনটো তলৰ উপত্যকাৰ গাঁওখনলৈ বুলি।
সেই নিশা বহু সময়লৈ শুব পৰা নাছিল কুসুম। কিমান কথা যে তাইৰ মনলৈ আহিছিল— সেই শিশু মুক্তা, কিশোৰী মুক্তা আৰু আজিৰ মুক্তা। কুসুমে ভাবিলে, এইবাৰ তাই মাকৰ ঘৰলৈ, ওপজা গাঁওখনলৈ যাব। চেষ্টা কৰিব তালৈ গৈ জীৱনটো যাপন কৰিবলৈ। গোটেই জীৱন তাই কেৱল পাহাৰ-মালভূমি-উপত্যকা-সমভূমিত বগুৱা বাই থাকিল, কিন্তু কোনো ঠিকনা তাই বিচাৰি নাপালে। ইমান বছৰে তাই নিজৰ বাবে হয়তো ঠিকনা বিচৰাও নাছিল।
তেতিয়া মাজৰাতি। লৱৰি-ধাপৰি আহি ইবাই তাইক মাতি আছে। কিন্তু ইমান ৰাতি? এনেকৈ হঠাৎ? সিতো এনেদৰে কেতিয়াও নাহে! বাহিৰলৈ ওলাই আহি কুসুমে দেখিলে চোতালত নটৰাজৰ দৰে তাণ্ডৱ নাচ নাচিছে ইবাই। তাইক দেখি তাইৰ হাতখন ধৰি লৈ সি ক’লে— ‘কুসুম, মই পাই গলো পানীৰ পুং। ব’ল, পাহাৰৰ ওপৰলৈ যাওঁ, গাঁৱৰ মানুহবোৰক জগাওঁগৈ।’
—‘তই পানীৰ পুং বিচাৰি পালি, মই তোৰ সৈতে এই ৰাতিখন তালৈ গৈ কি কৰিম?’
—‘তই এয়া কি কৈছ কুসুম? সেই যিদিনাই তোক মই মেলাত দেখিছিলো, তোৰ খোপাত আছিল কদম ফুল, সেইদিনাৰ পৰাই মই তোৰ বাবে অপেক্ষা কৰি আছোঁ। কেৱল পানীৰ সন্ধান নোপোৱা বাবেহে তোক নিজৰ বুলি চপাব পৰা নাছিলো। নৈখনক আদৰি আনিব নোৱাৰিলে কেনেকৈনো আহ্বান কৰোঁ নাৰীক? মইতো ইমান দিনে সেই কামতে ব্যস্ত আছিলো।’
—‘ইবা, তই এটা মস্ত পাগল। তই কেতিয়া আহিলি, কি বয়সত আহিলি মোক জগাবলৈ, জান মোৰ এতিয়া বয়স কিমান?’
—‘নাই, সেইবোৰ মই চোৱা নাই, নাচাওঁ। মই জানো, মেলাত যিদিনাই আমি পৰস্পৰে পৰস্পৰক প্ৰথমবাৰৰ বাবে দেখিছিলো, তেতিয়াৰ পৰাই আমি ইজনে সিজনৰ বাবে অপেক্ষাত ৰৈ আছোঁ। আজি সেই অপেক্ষাৰ অন্ত পৰি সময় প্ৰৱাহিত হৈছে এখন নতুন নৈৰ সৈতে। ব’ল যাওঁ, দুয়ো গৈ সেই কুমাৰী নদীত গা ধোওঁগৈ আৰু মাতি আনো গাওঁবাসীক। আজি গঞা ৰাইজ আটাইয়ে সেই নতুন নৈখনৰ পানীত নামি উমলিব। কুসুম, এই পৃথিৱীক বাসযোগ্য কৰি তোলাৰ দায়িত্ব কোনোবাই নহয় কোনোবাইতো ল’বই লাগিব।’
এই গভীৰ নিশা আকাশ-তৰা-নক্ষত্ৰ আৰু জোন,— আটাইয়ে দেখিছিল এক বিৰল দৃশ্য। পাহাৰ বগাইছে উপত্যকাবাসীয়ে। আটাইৰে হাতে হাতে অগ্নিশিখা। দূৰৈৰ পৰা ইমান সুন্দৰ দেখা গৈছে খলপা-খলপে সেই অগ্নিশিখা আৰু পাহাৰৰ শিখৰত থিয় হৈছে ইবা। পিন্ধনত তাৰ পশুৰ ছাল, কান্ধত সেই মস্ত হাতুৰী আৰু কাষত তাৰ প্ৰিয় নদী আৰু প্ৰিয়তমা নাৰী।
❧ | আৰু পঢ়ক:
- ৰবীন্দ্ৰ ৰচনাৱলী আৰু এটা জ্বলি যোৱা ব্ৰা
- তিনিটা অমূল্য ভোট
- মেহবুব মঞ্জিল
- ড. টেমচুলা আওৰ গল্প: চিঠিখন
- অপহৃত টুপিটোৰ ৰহস্য
সুপ্ৰিয়া পাণ্ডা
উৰিয়া সাহিত্যত স্বতন্ত্ৰ স্থানৰ অধিকাৰী শ্ৰীমতী সুপ্ৰিয়া পাণ্ডাৰ জন্ম ওড়িশাৰ ময়ূৰভঞ্জ জিলাৰ সেউজীয়া পৰিৱেশত। তেখেত ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰীধাৰী। কলেজত পঢ়ি থকা সময়তে তেখেতে সাহিত্য চৰ্চাৰ বাবে লাভ কৰিছিল ‘বিষুৱ সাহিত্য পুৰস্কাৰ’। তাৰ পাছতো তেওঁ একাধিকবাৰ বিভিন্ন পুৰস্কাৰেৰে সন্মানিত হৈছে। তেখেতৰ কেবাটাও গল্প হিন্দী আৰু ইংৰাজী ভাষালৈ অনূদিত হৈ সাহিত্য অকাডেমী পত্ৰিকা ‘সমকালীন ভাৰতীয় সাহিত্য’ আৰু ‘The Indian Literature’-অত প্ৰকাশ পাইছে। ইয়াৰ উপৰিও তেখেতৰ কেবাটাও চুটিগল্প বাংলা, গুজৰাটী, মালায়ালম, তেলুগু আৰু মাৰাঠী ভাষালৈ অনূদিত হৈ প্ৰকাশিত হৈছে। তেখেতৰ প্ৰকাশিত গ্ৰন্থৰ সংখ্যা পাঁচ। সুপ্ৰিয়া সম্প্ৰতি ভুৱনেশ্বৰৰ কিট বিশ্ববিদ্যালয়ত কৰ্মৰত।
(লেখকৰ সন্মতি সাপেক্ষে অনূদিত)