যাত্ৰাপথ

যাত্ৰাপথ
  • 18 Feb, 2025

যাত্ৰাপথ
(Passage by Victoria Chang)
মূল: ভিক্টোৰিয়া চ্চেং
অসমীয়া অনুবাদ: দেৱজিৎ গোস্বামী

সৰি পৰা প্ৰতিটো পাত
থমকি নোৰোৱাকৈ সৰি থাকে। মই
এসময়ত ভাবিছিলো যে
পাতবোৰ মাথোঁ পাত।
এতিয়া ভাবোঁ যেন সিহঁত অনুভূতি,
সন্ধানৰত এটুকুৰা ঠাইৰ বাবে—
কাৰোবাৰ চুলি, উদ্যানৰ এখন বেন্স,
হয়তো এটি আঙুলি। এয়া জানো
আমাৰেই দৰে নহয়,
ইঠাইৰ পৰা সিঠাইলৈ যাত্ৰাৰত,
হৈ থাকিবলৈ নিতে প্ৰাণৱন্ত?

ভিক্টোৰিয়া চ্চেং

victoria chang
ভিক্টোৰিয়া চ্চেং

ভিক্টোৰিয়া চ্চেং এগৰাকী আমেৰিকান কবি, লেখক আৰু সম্পাদিক। আধুনিক কবিতাৰ ক্ষেত্ৰত তেওঁৰ গুৰুত্বপূৰ্ণ অৱদানৰ বাবে চ্চেং সুপৰিচিত। তেওঁৰ কবিতাবোৰত ব্যক্তিগত অভিজ্ঞতা, পাৰিবাৰিক সম্পৰ্ক আৰু সামাজিক প্ৰসংগক কেন্দ্ৰ কৰি গভীৰ ভাৱপ্ৰবণতা আৰু শিল্পৰূপ প্ৰকাশ পায়। তেওঁৰ গ্ৰন্থ Obit আৰু The Boss-ৰ বাবে তেওঁ ভালেমান বঁটা আৰু সন্মান লাভ কৰিছে।

❧ | অধিক অনুবাদ কবিতা :

যাত্ৰাপথ | দেৱজিৎ গোস্বামী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক