শৰতৰ এদিন

শৰতৰ এদিন
  • 07 Nov, 2024

১.
ভাদৰ শেহৰ দিনাই ধুই-মেলি আওঁজাই থ’লো
দুকোঠলীয়া ভঁৰালৰ গাধৈত
ভাগৰুৱা নাঙল-যুঁৱলি আৰু টকৌপতীয়া সহোদৰ জাপি।
শাওণৰ বোকাৰে মদৰুৱা নাঙলৰ ফালত জিলিকিছে
আহিনীয়া আকাশৰ ফৰকাল হাঁহি।

২.
ডিঙি মেলি দূৰলৈ চালো
সেউজীয়া গাভৰুজনীৰ গাত মলয়াৰ চপলা নাচোন
নীলিমা ধিয়াই ঢপঢপাই উৰা বগা চৰাইবোৰে
কি ভাবি জানো মোৰ আগেদি অগা-ডেৱা কৰে।
কপালখন চুই চালো
নাঙলৰ সীৰলুত পোতা লুণীয়া ঘামেৰে
গৰ্ভৱতী ধানগছবোৰে
সেউজীয়া ওৰণিৰে মুখ ঢাকি
সূৰুযক প্ৰণাম জনায় কৃতজ্ঞতাৰে।

৩.
পিঠিফটা দুকুৰি টকীয়া গেঞ্জিটো
আৰু বোকালগা আঁঠুমূৰীয়া চুৰিয়াখন সামৰি থ’লো
বৌটিয়ে এৰি যোৱা টিনৰ মামৰে খোৱা চুটকেছত।
পানীযুঁৱলিত মোৰ খজুৱতিৱে উখহোৱা দুভৰিৰ পতা।
বাৰিষাৰ উচ্ছল তটিনী এতিয়া শান্ত
ফটিক হেন চফা পানীত
সেন্দূৰীয়া পুঠিকেইজনীৰ জলকেলি।

৪.
দুখোজ আগুৱাই গ’লো
নৈপৰীয়া ঘাঁহনিত চিকমিক এইখন ৰেচমী চাদৰ
ডুলি ডুলি নাচিছে মলয়া বাত
ইমান কোমল আৰু মিহি
আলফুলকৈ এবাৰ আহি মেৰিয়াই ল’ম
উমাল হৈ উঠিব মোৰ হালধীয়া আবেলি।

৫.
দলঘাঁহে বখলা-বখলকৈ কটা মোৰ এঙেৰুৱা কলাফুল
পিৰালিত ওলোমাই থ’লো।
বহুদিন আকাশখন চোৱা নাই মূৰ তুলি
তৰাৰে জিলিকা গধূলিৰ আকাশত সৌৱা হাতীপটি
থিৰ হৈ থকা শেৱালি দুজোপাত
হাজাৰ কবিতাৰ জন্মৰ প্ৰতিশ্ৰুতি।

৬.
শেতেলিত শান্তিৰ ভাতঘুমটি
আহিন গ’লেই আহিব যে কাতি
আঘোণৰ সোণালী ধাননিত
হাতত বিৰিয়াৰে মই যেন চফল ডেকাটি।
বাৰীৰ পুখুৰীৰ শিঙী মাগুৰ মাছ,
লাই মূলা লফাৰে জুতি ল’ম সুগন্ধি ন চাউল এমুঠি।
টোপ টোপ নিয়ৰে কয় এয়া শেষ প্ৰহৰৰ ৰাতি
ফেঁচাৰ নিউ নিউ মাতে যে ভাঙে মোৰ সপোনৰ ৰাজকাৰেঙটি।
আপদীয়া শূঁৰপোকবোৰে যদি কূটি পেলায় মোৰ মণি-মুকুতাৰ পেৰাটি!

৭.
নিহালিখন আঁতৰাই থ’লো।
মচি-কাচি নিকাকৈ ৰখা চোতালত
ঘন ঘনকৈ জপিওৱা
ঘনচিৰিকাকেইজনীৰ কিচিৰ-মিচিৰ মাত।
পূব আকাশত সৌৱা ৰাঙলী সূৰুযৰ ফেঁহুজালি
এসোপা তলসৰা শেৱালিৰ স্নিগ্ধ আবেশ মোৰ
ৰ’দেপোৰা খহটা দুগালত।

❧ | অধিক কবিতা:

শৰতৰ এদিন | ৰাজুমণি বৰুৱা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক