ভাত দে হাৰামজাদা

ভাত দে হাৰামজাদা
  • 27 Apr, 2021

মূল: ৰফিক আজাদ (বাংলা/ বাংলাদেশ)
অনুবাদ: পবিত্ৰ হাজৰিকা

ভীষণ ভোকত আছোঁ, পেটত পোৰণি উঠিছে
জ্বলিছে সৰ্বশৰীৰ
প্ৰতিপলে অনুভূত হয় সৰ্বগ্ৰাসী ক্ষুধাৰ জ্বালা
যেনেকৈ অনাবৃষ্টিয়ে পুৰি নিয়ে চ’তৰ শস্যক্ষেত্ৰ
ঠিক তেনেকুৱাই ভীষণ দহন— ভোকৰ পোৰণি— জ্বলে দেহ
কেৱল দু্‌বেলা দুমুঠি পালেই চলি যায় জীৱন
আৰু অন্য কোনো দাবী নাই
বহুতে বহুত বিচাৰে, সকলোৱে বিচাৰে—
মাটি-বাৰী, ঘৰ-গাড়ী, টকা-কড়ি
আকৌ কাৰোবাৰ আছে খ্যাতিৰ লোভ
আমাৰ সকলো দাবী দহন হৈছে পেটৰ প্ৰান্তত
কেৱল ভাত লাগে— এয়া চিধা দাবী— ঠাণ্ডা অথবা গৰম
মিহি অথবা মোটা ৰেচনৰ ৰঙা চাউলৰ হ’লেও ক্ষতি নাই
কেৱল এসাঁজ ভাত লাগে— একাঁহী ভাত
দুবেলা দুমুঠি পালেই পাহৰি যাম অন্য সকলো দাবী
অযৌক্তিক কোনো লোভ নাই— আনকি নাই যৌন ক্ষুধা
বিচৰাও নাই— নাভিৰ তলত পিন্ধা শাড়ী, শাড়ীৰ মালিকনীক;
যিয়ে বিচাৰে সিয়ে লৈ য’ক— যাকে ইচ্ছা তাকে দি দিয়ক
জানি থোৱা— এইবোৰৰ আমাৰ কোনো প্ৰয়োজন নাই।

যদি আমাৰ এই সামান্য দাবীও পূৰণ কৰিব নোৱাৰা
তেতিয়াহ’লে তোমাৰ সমগ্ৰ ৰাজ্যত দক্ষযজ্ঞৰ পুনৰাবৃত্তি হ’ব
কিয়নো ক্ষুধাৰ্তৰ বাবে নাই কোনো আপোন-পৰ, আইন-কানুন
সমুখত যি পাম খাই যাম অৱলীলাক্ৰমে
নাথাকিব একো বাকী— ভাতৰ ভোকত সকলো সোমাব পেটত
যদি বা দৈবাৎ ধৰা তোমাক সমুখত পাই যাওঁ—
ৰাক্ষসী ক্ষুধাৰ হ’বা উপাদেয় উপাচাৰ
সৰ্বপৰিৱেশগ্ৰাসী হ’লে ভাতৰ ভোকে
আমন্ত্ৰণ কৰি আনে ভয়াবহ পৰিণতি।

দৃশ্যৰ পৰা দ্ৰষ্টালৈ ধাৰাবাহিকতাক খোৱাৰ পাছত
অৱশেষত যথাক্ৰমে খাম— গছ-লতা, নদী-নলা,
গাঁও-চুবা, ফুটপাথ, নৰ্দমাৰ জলপ্ৰপাত,
আহ-যাহকাৰী পথচাৰী, নিতম্ব নিটোল নাৰী
উৰন্ত পতাকাসহ খাদ্যমন্ত্ৰী আৰু মন্ত্ৰীৰ গাড়ী
আমাৰ ক্ষুধাৰ বাবে আজি একোৱেই পেলনীয়া নহয়
ভাত দে হাৰামজাদা,
সেয়া নহ’লে মানচিত্ৰ খাম।

ৰফিক আজাদ

ৰফিক আজাদ। ছবি ‘প্ৰথম আলো’ৰ সৌজন্যত।

ৰফিক আজাদ বাংলাদেশৰ এগৰাকী অগ্ৰণী আধুনিক কবি আছিল। তেখেতৰ জন্ম হৈছিল ১৯৪২ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে বাংলাদেশৰ টাঙ্গাইল জিলাৰ গুণী গ্ৰামত। তেখেতৰ মৃত্যু হয় ২০১৬ চনৰ ১২ মাৰ্চ তাৰিখে। সাহিত্য কৰ্মৰ বাবে ‘একুশে পদক’, ‘হুমায়ুন কবিৰ স্মৃতি পুৰস্কাৰ’, ‘কবিতালাপ পুৰস্কাৰ’, ‘বাংলা একাডেমী সাহিত্য পুৰস্কাৰ’, ‘বিশিষ্ট মুক্তিযোদ্ধা সন্মান’ লাভ কৰা এইগৰাকী কবিয়ে বাংলাদেশৰ মুক্তিযুদ্ধত সক্ৰিয় অংশগ্ৰহণ কৰিছিল। ৰফিক আজাদৰ প্ৰকাশিত গ্ৰন্থসমূহ হৈছে— অসম্ভবেৰ পায়ে, সীমাবদ্ধ জলে সীমিত সবুজে, চুনিয়া আমাৰ আর্কেডিয়া, পাগলা গাৰদ থেকে প্রেমিকাৰ চিঠি, প্রেমেৰ কবিতাসমগ্র, বর্ষণে আনন্দে যাও মানুষেৰ কাছে, বিৰিশিৰি পর্ব, ৰফিক আজাদ শ্রেষ্ঠ কবিতা, ৰফিক আজাদ কবিতা সমগ্র, হৃদয়েৰ কী বা দোষ, কোনো খেদ নেই, সশস্ত্র সুন্দৰ, হাতুড়িৰ নিচে জীবন, পৰিকীর্ণ পানশালায় আমাৰ স্বদেশ, প্রিয় শাড়িগুলো। তেখেতৰ অতি জনপ্ৰিয় কবিতাৰ ভিতৰত অন্যতম হৈছে— ‘ভাত দে হাৰামজাদা’ আৰু ‘নত হও, কুর্নিশ কৰো’।

ভাত দে হাৰামজাদা | পবিত্ৰ হাজৰিকা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক