নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

বৰষুণ পৰি আছে যোৱা কেইটা দিন আৰু কেইদিনমান পৰিব চাগৈ
এনেকুৱা বতৰবোৰ প্ৰগলভ

খাল হোৱা বাটত মটৰ চাইকেলে বোকা ফেনেকি যায়
নৰ্দমাৰ উদৰৰ পৰা যেতিয়া জহুদ তৰল ওলাই আহে
যাত্রীয়ে এম এল এক গালি পাৰে,
একেই বাটেৰে এম এল এ যায় নিৰ্বাচনী প্ৰচাৰত

পলিথিনৰ ভিতৰত গেলি থকা পাচলিৰ বাকলি কুকুৰে টানি আনে

এম্বুলেন্সৰ নীলা ইনাৰ্জেন্সি লাইট বিয়পি পৰে দুৰূহ চহৰখনত

এনেকুৱা বতৰতেই কাৰোবাৰ আত্মীয়ৰ মৃত্যু হয়, আৰু দুৰ্বোধ্য শোকৰ মোনা গধুৰ হ’ব ধৰে
চাহৰ দোকানত পকৰিৰ ঠাইত মানুহ চিগাৰেট বিচাৰি আহে,
ঠিক এনেকুৱা বতৰতে

এনেকুৱা বতৰত তৰা নুফুলে অথবা পখিলাৰ জাক এটা ওলাই নাহে এনেকুৱা বতৰত কোঠালিবোৰৰ দুৱাৰ বন্ধ হৈ খিৰিকীবোৰ খোলা থাকে…

❧ | আৰু পঢ়ক:

এই লেখকৰ সকলো লেখা চাওক →
বতৰ | ৰিছাদ ভূঞা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব: