নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

১.
ক’ৰবাত মেঘ উৰিছিল
আৰু সপোন এটাই আমাৰ হাতত ধৰি
বাট বুলিছিল

ঘন জংঘল, কঁহুৱাৰ কঁপনি
আৰু শিলনিত নিয়ৰৰ দলিচা
যেন ঋতু বিগলিত কলিজা।

২.
আকাশখন নামি আহিছিল
মন্ত্ৰোচ্চাৰণে সজীৱ কৰিছিল
মৃণ্ময় দেহা

শীৰ্ণ নৈখন চাদৰ হৈছিল
অষ্টমীৰ দাগ ঢাকিবলৈ

৩.
শেৱালিৰ কথোপকথন
আৰু প্ৰতিবাদী সমদল
উৎসৱে ভাত-কাপোৰ দিয়েনে
শৰতৰ সৌম্য প্ৰবাদ
অথচ স্নিগ্ধ শেৱালিৰ তিতা সোৱাদ

৪.
একুৰা জুয়ে দহি নিয়া সন্ধিয়া কবিয়ে পৰ দিয়ে
কবিৰ কলমত শৰতৰ কোমলতা নাই
তাতোকৈ ফৰিং খেদা পথাৰেই প্ৰজন্মৰ কাম্য।

আৰু পঢ়ক
আহিনৰ আবেলি

আহিনৰ আবেলি

উৎপল বৰকটকী

আজি শৰতৰ পোহৰত

আজি শৰতৰ পোহৰত

তপোবন মিশ্ৰ

চিঠি

চিঠি

নয়ন মণি মিশ্ৰ

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...