আচলতে আমি প্ৰত্যেকেই
একোখনকৈ অসমাপ্ত চিঠি

জন্মত ঠিকনা লিখা হয়,
মৃত্যুত ডাকঘৰে মোহৰ মাৰে—
প্ৰাপকৰ ঠিকনা পোৱা নগ’ল,
ঘূৰাই পঠোৱা হ’ল!

মাজৰ গোটেই জীৱনটো
আমি কেৱল লিখি থাকোঁ
কোনোবাই পঢ়িব বুলি।

আটাইতকৈ দুখৰ কথা কি জানে?
চিঠিখনে কেতিয়াও নাজানে
কাৰ বাবে লিখা হৈছিল,
আৰু যিজনে অপেক্ষা কৰি আছিল,
তেওঁ কেতিয়াও নাজানিলে
তেওঁৰ বাবে এখন চিঠি লিখা হৈছিল!

আৰু পঢ়ক
সোঁৱৰণ

সোঁৱৰণ

অনিৰ্বাণ দত্ত

তোমাৰ গানেৰে

তোমাৰ গানেৰে

উদয় শইকীয়া

বগীনদী

বগীনদী

কেশৱ চাও

কথা আছিল

কথা আছিল

মমতাজ আনচাৰি

এই লেখকৰ সকলো লেখা চাওক →
চিঠি | নয়ন মণি মিশ্ৰ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

আপুনি হয়তো ভাল পাব: