নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

বালিচাপৰিত
তুমি কঁহুৱা হৈ হালি-জালি আছিলা
মুগ্ধ আহিনৰ জুৰ পৰা বতাহৰ পৰশত

নিমগ্ন হৈ আছিল আবেলি
পানীৰ সোঁতত উমলি থকা অস্তগামী সূৰ্য

ঋদ্ধ মলয়াৰ নিবিড় আলিংগন
ক’তেনো লুকাই থওঁ আলসুৱা সুখ
ৰৈ আছে আগচি বাট

তোমাক বিচাৰি সামৰিলো
অতবেলি বাট
আবৰি ৰাখিলো
দুচকুত হেঁপাহ নপলোৱা উলাহ

বাটে বাটে বতাহৰ অনেক কথা
সৌ তাত হেনো ৰৈ আছিল
বুকুত লৈ পলসুৱা মাটিৰ আপাহ

আহিনৰ আবেলি
তোমাৰ খোপাত বিচাৰি পাওঁ নেকি
সেই ‘আবেলি আবেলি গোন্ধ’!

(জানা, ইকাণে-সিকাণে শুনিলো
শুভ্ৰ কঁহুৱাৰ বুকুত হেনো
কঁপি উঠে ৰাজহংসৰ মাত।)

আৰু পঢ়ক
কবিতাত শৰৎ

কবিতাত শৰৎ

ড° আনন্দ বৰমুদৈ

আজি শৰতৰ পোহৰত

আজি শৰতৰ পোহৰত

তপোবন মিশ্ৰ

মেঘমুক্ত আকাশ

মেঘমুক্ত আকাশ

মণ্টু মৰাণ

এই লেখকৰ সকলো লেখা চাওক →
আহিনৰ আবেলি | উৎপল বৰকটকী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব:

নষ্টালজিক

নষ্টালজিক

শৰতৰ এদিন

শৰতৰ এদিন