চৰাইবোৰে মোক খেদি ফুৰে
চৰাইবোৰে মোক খেদি ফুৰে, যেন সঁচাকৈয়ে
মই ঘূৰি ফুৰা গছ এজোপাহে।
শিৰৰ মুকুটটো মোৰ বহলাই মেলি ধৰোঁ সিহঁতৰ বাবে,
সেই ৰুছ শিশু-গল্পৰ কাঠফুলাটোৰ দৰে
যিমান পাৰোঁ বহলকৈ মেলি ধৰি
আশ্ৰয় দান কৰোঁ বৰষুণৰ পৰা— পশু-পক্ষীবিলাকক।
কেইবাখনো হাত গজি উঠে মোৰ,
ভৰি দুখনৰ পৰা ভাটৌবিলাকৰ বাবে,
কঁকালৰ পৰা কাউৰীবিলাকৰ বাবে,
পেট আৰু পিঠিৰ পৰা
বগলী, ঈগল,
মাছৰোকা আৰু ফেঁচাবোৰৰ বাবে
আৰু সৰু সৰু ঠানিবোৰ গজে
বালিমাহী আৰু চেকচেকী চৰাইবোৰৰ বাবে।
ফল লাগে সিহঁতৰ গাত, মোৰ মূৰটো ফাটি মেল খাই যায়
গছ এজোপাৰ আগভাগৰ দৰে, আৰু তাত বাদুলিবোৰ ওলমি থাকে
অনিশ্চিতভাৱে, ‘পখীত্ব’ আৰু পশুত্বৰ দোমোজাখিনিত ক’ৰবাত।
মোৰ চুলিকোচা ফুলেৰে ভৰি পৰে, মৌ বিচাৰি ফুৰা এজাক মৌমাখিয়ে
মোৰ মূৰটোক দিব্য আলোক মণ্ডলৰ দৰে ঘেৰি ধৰে।
আৰু মই চাই থাকোঁতেই প্ৰত্যেকটো চৰাই একো একোটা আখৰলৈ ৰূপান্তৰিত হয়:
চৰাইৰ বৰ্ণমালালৈ।
বতাহজাক সিহঁতৰ মাজেৰে পাৰ হৈ যায়,
কিচিৰ-মিচিৰ কৰি হুলস্থূল কৰি থাকে সিহঁতে,
শাৰী পাতি নিজকে ব্যৱস্থিত কৰে বাৰে বাৰে,
ডাঙৰ ডাঙৰকৈ কিছুমান পৰামৰ্শ দিয়ে,
ইঠাইৰ পৰা সিঠাইলৈ দেও দি ফুৰে, আকৌ দল বান্ধে,
আন কিবা এটা হ’বলৈ চেষ্টা কৰে,
গান গায় আৰু কথা পাতে।
নিঃশেষ হোৱা পাহাৰ আৰু হাবিবোৰে
সিহঁতৰ স্মৃতিত ভিৰ কৰেহি,
শুকাই যোৱা খাল-পুখুৰী, জান-জুৰি,
ঘৰৰ চালবোৰ আৰু টেলিফোনৰ তাঁৰবোৰ
সিবিলাকৰ মাজেদি প্ৰৱাহিত হৈ থকা আৰ্তনাদবোৰ
আৰু দেই-পুৰি নিয়া
বিদ্যুৎ প্ৰৱাহৰ ব্যাকৰণ।
গছ এজোপা হৈছে পাতবিলাকৰ অভিধান।
মোৰ শাখা-প্ৰশাখাবোৰ উপচি পৰিছে,
ডাৱৰৰ বুৰঞ্জীৰ কবিতাৰে।
✽
কে সচ্চিদানন্দন

মালায়ালম ভাষাত আধুনিক কবিতাৰ বাটকটীয়া কে সচ্চিদানন্দন (Koyamparambath Satchidanandan) মালায়ালম আৰু ইংৰাজী ভাষাৰ এগৰাকী শক্তিশালী কবি, নাট্যকাৰ, প্ৰাৱন্ধিক, সমালোচক আৰু অনুবাদক। তেখেত ‘ইণ্ডিয়ান লিটেৰেচাৰ’ পত্ৰিকাৰ প্ৰাক্তন সম্পাদক। তেখেতে সাহিত্য অকাডেমিৰ সম্পাদক হিচাপেও (১৯৯৬-২০০৬) কাৰ্যনিৰ্বাহ কৰিছিল। কে সচ্চিদানন্দনৰ জন্ম হৈছিল ১৯৪৬ চনৰ ২৮ মে’ত কেৰালাৰ ত্ৰিচুৰ জিলাৰ পুলূট (Pulloot) নামৰ গাঁৱত।
তোমাৰ সৈতে প্ৰজ্ঞাৰ ভাগ-বতৰা কৰোঁ
বৃষ্টিবন্যা

আজি শৰতৰ পোহৰত
তপোবন মিশ্ৰ

দেশ কাগজত অঁকা নক্সা নহয়
পল্লৱপ্ৰাণ গোস্বামী

খণ্ডিত ভূচিত্ৰ
দেৱজিৎ গোস্বামী

পোহৰৰ কিচকিচীয়া ক’লা ঘৰ
মমতাজ আনচাৰি
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
পাঠকৰ মন্তব্য (0)
সদস্যৰ বিশেষ আলোচনা
এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।
