বি শিষ্ট কবি-সাহিত্যক নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা দুটিমান ইতিমধ্যে ‘নীলা চৰাই’ৰ পাতত আগবঢ়োৱা হৈছিল। তেখেতৰ আন কেইটিমান বাছকবনীয়া কবিতা তেখেতৰ কবিতা পুথিৰ পৰা বুটলি আনি আগবঢ়োৱা হ’ল।
নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা: সূচী
মর্মান্তিক
তেওঁক মই যোৱাগৈ দেখিছিলো
বেলি লহিওৱাৰ পৰত
পথাৰৰ বঁকিয়াইদি।
মূৰত জাপি,
কান্ধত মেটমৰা দুটা ডাঙৰিৰ
জিৰিক্ জিৰিক্ মাত।
তেওঁৰ পাছে পাছেই গ’লগৈ—
আঘোণৰ সোণবৰণীয়া ৰ’দ,
খেৰৰ চুবুৰিটো, বাঁহ বননিৰ
কেঁচা আলিটো
আৰু গান গোৱা চৰাইজাক।
গৈ আছিল আৰু গলগৈ।
কোনে জানে
তেওঁ আৰু এই জন্মত
উভতি আহিবনে নাহে!
হৰিণাটো
বাৰিষাৰ টলমল পানীত
মুখখন দেখোঁতে নেদেখোঁতেই
পানীবোৰ নাচি নাচি যায়গৈ।
ফুটুকা ফুটুকী হৰিণাটো
এইবাৰ জুৰিটোৰ ফালে
আহিল।
শুকাই অহা জুৰিটোৰ পানীত
নিজৰ মুখখন হৰিণাটোৱে এইবাৰ
ফটফটীয়াকৈ দেখিলে।
হৰিণাটোৱে একান্তভাৱে
হেমন্তৰ জুৰিত
নিজকে চালে
আৰু নিজৰ মুখখন মৰম কৰিবলৈ
পানীযুঁৱলিত আঁঠুকাঢ়ি
দুয়ো ওঁঠ আগবঢ়াই দিলে—
পানীলৈ।
শব্দত
বন্দুকৰ শব্দত
ৰাতি পুৱায় নে?
ওহোঁ।
পুৱায়—
সেই চৰাইটোৰ মাতত
যি কুটি খায়
ৰাতিৰ আন্ধাৰবোৰ
লাহে
লাহে।

নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা
কৰুণতম
আহিনৰ পথাৰৰ গোন্ধ
কেনেবাকে নাকত আহি লাগিলে
মই হেৰাপাওঁ মোৰ দেউতাক।
দোকানৰ জাপভঙা
গামোচাৰ সুবাসত
মই হেৰাপাওঁ মোৰ আইক।
মই মোক
মোৰ সন্তানৰ কাৰণে
কত থৈ যাম,
কত?
তোমাৰ হাতৰ ৰ’দ
তোমাৰ হাতৰ ৰ’দ
দুদণ্ডৰ কাৰণে
পৰি থাকিবলৈ দিয়া
দুখৰ জলাশয়ত
তিৰবিৰাই থক
কঁজলা পানীৰ মুখ
গধুলি হয়, হয়
উৰি আহি জুৰি
পৰেহিহে লাগে
শাঁখিনী ৰাতিৰ শোক।
আইনা
আটাইবোৰ আইনাতে
মই তোমাৰ মুখ দেখোঁ—
ক’তো এখনো আইনা
বিচাৰি নেপালো
য’ত দেখা পাওঁ
মোৰ মুখখন
এবাৰলৈ।
মৌনতা
তোমাৰ মৌনতাক
মই চুমা খাইছোঁ
আলফুলে, বৰ আলফুলে—
মোৰ ওঁঠত
লাগি আহিছে
তেজৰঙা মৌ
বাৰে বাৰে।
❧ | আৰু পঢ়ক: হীৰুদাৰ কবিতা
জোনাকী প্ৰহৰ
সঁজাল ধৰা আহিনৰ পথাৰৰ দৰে
তোমাৰ চিঠিখন হাতত লৈ থাকোঁতেই
মই টোপনি গ’লো।
দেখিলো জোনটোক এটা
সুমথিৰা টেঙাৰ দৰে
মই চুহি খাইছোঁ—
মোৰ গাৰ পৰা
সৰি পৰিছে
ৰূপালী জোনাক
জিৰ জিৰকৈ।
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক