নন্দৰ বাবেই সংগীতৰ আৱিষ্কাৰ। আনন্দ অনেক প্ৰকাৰে পাব পাৰি; তাৰ ভিতৰত সংগীতৰ পৰা পোৱা আনন্দ বিমল আনন্দ, পৰমানন্দ। অসমৰ সংগীতৰ ইতিহাস যুগ যুগ ব্যাপি দীর্ঘ। প্রাগৈতিহাসিক কালৰ পৰাই যে অসমত সংগীত চর্চাৰ এটি ধাৰাবাহিকতা চলি আহিছে, তাৰ যথেষ্ট প্রমাণ পোৱা যায়। আদিম মানুহৰ সামাজিক জীৱন যাপন আৰু জীৱিকা নির্বাহক কেন্দ্ৰ কৰিয়েই যে সংস্কৃতি গঢ়ি উঠিছে, ই সর্বজন বিদিত। এটা কথা স্বীকাৰ কৰিব লাগিব যে প্রাচীন কালত অসমৰ বিভিন্ন ঠাইত, বিভিন্ন সময়ত, বিভিন্নজন ৰজাৰ ৰাজত্ব কালত নির্মাণ কৰা দেৱ-দেৱীৰ মন্দিৰসমূহৰ ভিতৰে-বাহিৰে, দেৱাল, স্তম্ভ, দর্জা প্রভৃতিত অলংকৃত ভাস্কর্যই অসমৰ সংগীত পৰম্পৰাৰ সাক্ষ্য দিয়ে। ভাষা সৃষ্টিৰ আগতেই সংগীত তথা গীত-বাদ্য-নৃত্যৰ সৃষ্টি বুলি মনিষীসকলে মতপোষণ কৰিছে।
ভাষা-সংস্কৃতিৰ প্রতি সচেতনতা
স্বাধীনতাৰ পাছৰ পৰাই অসমৰ জনসাধাৰণ ভাষা-সংস্কৃতিৰ প্রতি সচেতন হোৱা দেখা যায়। বিশেষকৈ সংগীত বিষয়ত। অনৈক্যৰ মাজতে ঐক্য— ই অসমৰ সংস্কৃতিৰ মূলমন্ত্র। আঞ্চলিক প্রচেষ্টাক যদি আমি গোড়ামি বা ঠেক মনৰ প্রাদেশিকতা বুলি গণ্য কৰোঁ, তেন্তে ভাষা-সংস্কৃতিৰ সৰ্বাংগীন উন্নতিত বাধাৰ সৃষ্টি হ’ব। অসমৰ ভাষা-সংস্কৃতিৰ ভঁৰালটি চহকী কৰাৰ ক্ষেত্ৰত আঞ্চলিক বা থলুৱা সাহিত্য-সংগীত-কলাৰ অৱদানক নুই কৰিব নোৱাৰি। সেয়েহে থলুৱা অৱদানসমূহৰ পুনৰোদ্ধাৰ আৰু বিজ্ঞানসন্মত অনুশীলনৰ দ্বাৰা সৰ্বভাৰতীয় মূল্যাংকন কৰাৰ সময় এতিয়াই।
অসমৰ সাংস্কৃতিক পৰম্পৰা
গীত, বাদ্য আৰু নৃত্য তথা সংগীতে অসমৰ সংস্কৃতিৰ পথাৰখনৰ এটা বুজন অংশ অধিকাৰ কৰি আছে। অসমীয়া মানুহৰ জীৱন নির্বাহৰ গতিপথত সংগীতৰ প্ৰভাৱ মন কৰিবলগীয়া। অসমীয়া মানুহৰ পুৱাৰ টোপনি ভাগে বৰগীতৰ ৰাগেৰে। মাকে বা ঢাই মাকে কেঁচুৱা ওমলায় নিচুকনি গীতেৰে। দুখনি হিয়াৰ মিলন ঘটে আয়তীসকলৰ জোৰানামৰ ধ্বনিৰে। পুৱা-গধূলি গোসাঁইঘৰ বা থাপনাৰ আগ মুখৰিত হয় মাধৱদেৱৰ ঘোষাৰে। নামঘৰ, কীর্তনঘৰ মুখৰিত হয় নিত্যনৈমিত্তিক নাম কীর্তন, পাঠ-প্রসংগৰে। ঢেঁকীশাল, তাঁতৰ শাল, ৰান্ধনীঘৰ ৰজনজনায় লোক সংগীত আৰু বৰগীতেৰে।
ভাৰতবৰ্ষৰ অন্যান্য সংগীত ধাৰাৰ দৰে অসমৰ সংগীতকো দুটা প্ৰধান ভাগত ভগাব পাৰি। এটা হ’ল ৰাগ সংগীত আৰু আনটো হ’ল লোক সংগীত। এই দুয়োটা ধাৰা বা ভাগ শুনাত, পৰিৱেশন পদ্ধতিত, আনুষ্ঠানিক উপস্থাপন ৰীতিত, গুণগত বৈশিষ্ট্যত আৰু সময় সমীক্ষাত পৃথক হ’লেও দুয়োটাৰ মাজত এৰাব নোৱৰা সম্পর্ক বিৰাজমান। লোক সংগীতৰ প্ৰভাৱত যিদৰে ৰাগ সংগীত চহকী, ঠিক সেইদৰে ৰাগ সংগীতৰ অনুপ্ৰেৰণাতে সৃষ্টি হৈছে বিভিন্ন লোক সংগীত। বর্তমান অসমৰ বহুতো লোক সংগীত লুপ্তপ্রায়। এই সমস্ত লুপ্তপ্রায় লোক সংগীতৰ অভাৱত অসমৰ সংগীতৰ পথাৰখন সংকুচিত হৈ পৰিছে।
অসমৰ ৰাগ সংগীতৰ ইতিহাস
অতীত কালত অসমত লোক সংগীতৰ চৰ্চাৰ উপৰিও যে ৰাগ সংগীতৰ বিশদ চর্চা আছিল, সেই বিষয়ে ভালেমান পৌৰাণিক আখ্যানৰ পৰা উমান পাব পাৰি। বাণতনয়া ঊষাৰ বান্ধৱী নৃত্য পটিয়সী চিত্রলেখাই শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ (কুমৰ)ক হৰণ কৰিছিল নৃত্য-গীতৰ যাদুৰে। চিত্রলেখাৰ চৰিত্ৰৰ মাজেদি সেই সময়ত যে অতি উন্নত মানৰ নৃত্য-গীতৰ চৰ্চা আছিল, তাক সহজতে অনুমান কৰিব পাৰি। কামৰূপৰ পৰাক্ৰমী নৃপতি ভগদত্তৰ ৰাজসভা সদায় নৃত্য-গীতেৰে মুখৰিত আছিল। চীনা পৰিব্রাজক হিউ এন-চাঙক ভাস্কৰবৰ্মাৰ ৰাজসভাত নৃত্য-গীতেৰে আপ্যায়িত কৰাৰ কথা হিউ এন-চাঙৰ টোকাত উল্লেখ আছে। বনমালাবৰ্মাৰ ৰাজত্ব কালত প্ৰস্তুত কৰা তামৰ ফলিত সেই সময়ৰ দেৱালয়সমূহত নৃত্য-গীতৰ অবিৰত চৰ্চা থকাৰ প্ৰমাণ পোৱা যায়। তান্ত্রিক পুথি কালিকা পুৰাণত পূজাৰ বিধানসমূহত গীত-বাদ্যৰ প্ৰয়োগৰ উল্লেখ আছে। একেখন পুথিতে ৰজাসকলে শক্তি-সমৃদ্ধি বৃদ্ধিৰ বাবে নৃত্য-গীত, ক্রিয়া-কৌতুকৰ দ্বাৰা দৈৱিক শক্তিক আৰাধনা কৰাৰ কথা উল্লেখ আছে।
বিভিন্ন সময়ত শিলত কটা নৃত্য-বাদনৰত নানা মূর্তি অসমত পোৱা গৈছে। ভুর্তিবৰ্মাৰ বহুতো ফলিত ঢোল, তাল, নাচ, বাঁহী, বীণা আদি বজোৱা মূর্তি তেজপুৰ, গুৱাহাটী, গোলাঘাট, শিৱসাগৰ আদি ঠাইত পোৱা হৈছে। উল্লিখিত তথ্যসমূহৰ পৰা অসমত যে অতি প্রাচীন কালৰ পৰা সংগীতৰ চৰ্চা চলি আহিছে, তাক ঠাৱৰ কৰিব পাৰি। এই ক্ষেত্ৰত অসমত ৰাগ সংগীতৰ প্ৰচলন কেতিয়াৰ পৰা কেনেকৈ হ’ল তাক সঠিকভাৱে ক’ব নোৱাৰিলেও গাঁৱে-ভূঞে লোক সমাজত প্ৰচলিত ফকৰা-যোজনা আদিত উল্লেখ থকা ৰাগ শব্দই প্রাচীন কালৰ পৰাই যে অসমত ৰাগ সংগীতৰ চৰ্চা চলি আহিছে, তাক প্রমাণ কৰে। এই ক্ষেত্ৰত ডাকৰ বচনো অন্যতম। যেনে—-
- তিৰীৰ মিঠা খাৰী। ৰাগৰ মিঠা বড়াৰী॥ -বাপেকে নাজানে ৰাগৰ ভাও। পুতেকে বোলে বীণাহে বাওঁ॥ -ৰাগ নাজানি গায় গীত। পৰৰ নাৰীত সদায় চিত॥ -ৰাগ নাজানি বেহায় হাট। ৰজায়ো হেৰুৱায় আপোন পাট॥ -লেহীৰ তিৰীয়ে পঞ্চৰাগ বুজে। ভদীয়া দমৰাই বিনাশিঙে খুঁজে॥
অসমত আর্য সভ্যতা যেতিয়াৰ পৰা বিস্তাৰিত হৈছে, তেতিয়াৰ পৰাই অসমত ৰাগ সংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটাটো নিঃসন্দেহ। অসমৰ ৰাগ সংগীত ঘাইকৈ ধর্মীয় আচাৰ-অনুষ্ঠানৰ লগত জড়িত থকাৰ বহুতো প্রমাণ আছে। খ্রীষ্টীয় অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত চর্যাপদসমূহত বিভিন্ন ৰাগৰ উল্লেখ আছে, যেনে— পটমঞ্জৰী, গুঞ্জৰী, দেৱক্ৰী, ভৈৰৱী, ধনী, ৰামক্রী, গৱাৰা ইত্যাদি। নিঃসন্দেহ এই ৰাগবোৰৰ পদসমূহ বিশেষ সুৰ আৰু তাল-মানৰ সহযোগত গোৱা হৈছিল।
প্রাক শংকৰী যুগৰ কবি মাধৱ কন্দলিৰ ৰামায়ণতো গীত-বাদ্যৰ উল্লেখ থকালৈ চাই অসমৰ ৰাগ সংগীত যে অতি প্রাচীন, তাক ঠাৱৰ কৰিব পাৰি। দুর্গাবৰ ৰচিত গীতি ৰামায়ণত অহিৰ, গুঞ্জৰী, চালনি, পটমঞ্জৰী, বড়াৰী, বেলোৱাৰ, মেঘমণ্ডল, দেৱমোহন আদি ৰাগৰ নাম পোৱা যায়। কবি পীতাম্বৰ দ্বিজৰ ঊষা পৰিণয় পুথিত নাগ, পাহাড়ী, ভৈৰৱ, মল্লাৰ, বসন্ত আদি ৰাগৰ উল্লেখ আছে। দুর্গাবৰৰ মনসা গীততো সুহাই, ৰামক্রী, পাহাড়ী আদি ৰাগৰ উল্লেখ আছে। উল্লিখিত ৰাগসমূহৰ নামৰ লগত উত্তৰ আৰু দক্ষিণ ভাৰতৰ বহুতো ৰাগৰ নামৰ লগত মিল থকা দেখা যায়। কিন্তু মেঘমণ্ডল বা আকাশমণ্ডল ৰাগৰ উল্লেখ সমসাময়িক কোনো সংগীত শাস্ত্ৰত পোৱা নাযায়। গতিকে এনে ধৰণৰ ৰাগৰ সৃষ্টি অসমতেইহে প্রথম হোৱা বুলি ক’ব পাৰি। যিহেতুকে অসমখন মেঘ আৰু বৰষুণৰ দেশ; সেয়ে মেঘে ঢাকা কলীয়া আকাশে অসমৰ কোনো সংগীত শিল্পীক ৰাগ সৃষ্টিৰ বাবে প্ৰেৰণা যোগাইছিল। প্রাচীন মেঘমণ্ডল ৰাগৰ লগত পাছৰ যুগৰ মেঘমল্লাৰ ৰাগৰ কিবা মিল আছে নে নাই ই বিচার্যৰ বিষয়।
সংগীতৰ ‘গেয়’ অংশটিত বাদ্য সংগীতেও এটি মহত্বপূর্ণ স্থান অধিকাৰ কৰি আহিছে। তাল আৰু কলা গীতৰ প্রাণ। তালবিহীন গীত নিষ্প্ৰাণ। গতিকে গীতৰ প্রাণ প্রতিষ্ঠাৰ বাবে বাদ্যৰ প্রয়োজন। ভৰতৰ নাট্যশাস্ত্ৰত চাৰি প্ৰকাৰৰ বাদ্যৰ উল্লেখ আছে।
“ততং চৈবাবনদ্ধং চ ঘন সুৰিৰমেব চ।” অসমত বহু কালৰ পৰাই এই চাৰিওবিধ বাদ্যৰ প্ৰচলন থকাৰ বহুতো প্রমাণ আছে। “মৃদঙ্গান্দিন্দিমাং শ্চৈব্য গোমুখাং পণবাংস্তথা।” মৃদঙ্গ, পটহ, পনব, গোমুখ আদি অতি প্রাচীন বাদ্য। নাট্যশাস্ত্ৰত মৃদঙ্গ, পটহ, পনব, দর্দুৰ আদি বাদ্যক ‘চর্মাবন্বদ্ধানি’ বাদ্য হিচাপে বর্ণনা কৰিছে। মাধৱ কন্দলিৰ ৰামায়ণত ভাণ্ডি, ভেৰি, ঝৰ্ঝৰ, মাদল আদি বাদ্যৰ উল্লেখ আছে। ভাণ্ডি প্রাচীন পুষ্কৰ শ্ৰেণীৰ বাদ্য। শাৰংগদেৱৰ সংগীত ৰত্নাকৰত ভেৰী বাদ্যৰ বৰ্ণনা আছে। ভেৰী বাদ্য তিনি প্রকাৰৰ—
১। ৰণভেৰী
২। সানন্দ ভেৰী
৩। মদন ভেৰী।
ৰাগ সংগীতৰ ইতিহাসত তবলা অতি পুৰণি বাদ্য নহ’লেও পুৰণি অসমীয়া সাহিত্যত তবলাৰ উল্লেখ মন কৰিবলগীয়া। মাধৱ কন্দলিৰ ৰামায়ণৰ অযোধ্যা কাণ্ডত তবলাৰ একাধিক উল্লেখ আছে। কবিগৰাকীয়ে এইদৰে লিখিছে—
“ঢোল ঢাক শঙ্খ বজাৱে অসংখ্য ঝমকে বাজে মাদল।
উটত নিশান অনেক বিশাল ঘোকাত বাজে তবল।।”
কিষ্কিন্ধ্যা কাণ্ডত আছে—
“বীৰ ঢাক ঢোল বাজে তবলা ডগৰ ভাণ্ডি
শৱদ শুনিয়া কোলাহল।”
সপ্তদশ শতিকাৰ গড়গাঁৱৰ ৰাজবিষয়া কবি ৰামচন্দ্ৰ বৰপাত্ৰই হাজোৰ হয়গ্ৰীৱ মন্দিৰক লৈ ৰচনা কৰা কাব্যত পূজাৰ সময়ত মন্দিৰত অন্য বাদ্যৰ লগত তবলা বজোৱাৰ উল্লেখ আছে—
“ঢোল ডগৰ দামা নাগাৰ কহুল।
বাজন্ত তবলা ডম্ৰ আৰু কৰতাল।।”
নাট্যশাস্ত্ৰত আৰু ৰাম সৰস্বতীৰ ৰচনাত ‘বিপঞ্চি’ নামৰ এবিধ বাদ্যৰ উলেখ পোৱা হয়। বিপঞ্চি তন্ত্ৰীযুক্ত বীণা বাদ্য শ্ৰেণীৰ এবিধ বাদ্য— “সপ্ততন্ত্রী ভৰেৎ চিত্রা বিপঞ্চি নৱতন্ত্রীকা।”
“ঢাক ঢোল দামা মৃদঙ্গ বজায় শব্দৰ কোলাহল।
কাহাৰি মহাৰি বিপঞ্চি দোতাৰা শব্দ কৰে আসফাল।।”
ৰবাব এবিধ প্রাচীন বাদ্য। ১৮শ শতিকাৰ কবি সূর্যখড়ি দৈৱজ্ঞই ৰচনা কৰা দৰং ৰাজবংশাৱলীত ৰবাব বাদ্যৰ প্রয়োগ উল্লেখ কৰিছে এইদৰে—
“শঙ্খ ঘণ্টা ঢাক ঢোল শিঙা কালী ভেৰী।
জয়কালী ৰামবীণা বজাৱে মহৰী।।
খোল কৰতাল বাৱে নাগাৰা মৃদঙ্গ।
দোতাৰা সাৰিন্দা বাঁশী ৰবাব উপাঙ্গ।।”
গুৰু চৰিত্ৰৰ মতে ভাস্কৰ বিপ্ৰ নামৰ শঙ্কৰদেৱৰ এগৰাকী শিষ্যই ৰবাব বজাই বৰগীত গাই ফুৰিছিল। ৰবাব শব্দটি সংস্কৃতৰ ‘ৰব’ শব্দৰ পৰাই উদ্ভৱ হোৱা বুলি ক’ব পাৰি।
ভাৰতীয় ৰাগ সংগীতৰ প্ৰেক্ষাপটত অসমৰ ৰাগ সংগীত
অসমৰ ৰাগ সংগীতৰ পৰম্পৰা আৰু ঐতিহ্যৰ বিষয়ে আলোচনা কৰাৰ ক্ষেত্ৰত ভাৰতৰ অন্যান্য সংগীত ধাৰাৰ দৰে অসমৰ সংগীত ধাৰাৰ ব্যৱহাৰিক অথবা ঔপপত্তিক বিষয়ৰ কোনো পুৰণি গ্রন্থ পোৱা হোৱা নাই। তথাপি তলত উল্লেখ কৰা পুথিসমূহে অসমৰ সংগীত বিষয়ত কিছু অৰিহণা যোগোৱাৰ প্ৰমাণ পোৱা হয়।
১। ১৩শ শতিকাৰ শাৰঙ্গদেৱৰ সঙ্গীত ৰত্নাকৰ
২। ১৭শ শতিকাৰ দামোদৰ বিপ্ৰৰ সঙ্গীতদর্পণ (বর্তমান পাবলৈ নাই)
৩। ষোড়ষ শতাব্দীৰ শুভঙ্কৰ কবিৰ শ্ৰীহস্ত মুক্তাৱলী (নৃত্য বিষয়ক)
৪। শুভঙ্কৰ কবিৰ সংগীত দামোদৰ
৫। ৰাজভ্রাতা শুক্লধ্বজৰ গীত গোবিন্দৰ টীকা সাৰৱতীত সংগীত দামোদৰৰ কেইবাটাও ৰাগৰ উদ্ধৃতি দিয়া দেখা যায়।
৬। স্বর্গীয় মিত্ৰদেৱ মহন্তৰ বাদ্য বিষয়ক বাদ্য প্রদীপ নামৰ এখনি তাল-মানৰ সৰু পুথিও পোৱা হৈছে।
অসমৰ ৰাগ সংগীতৰ শ্ৰেষ্ঠ নিদর্শন স্বৰূপে মহাপুৰুষ দুজনাৰ দ্বাৰা বিৰচিত বৰগীতসমূহলৈ আঙুলিয়াব পাৰি৷ দুয়োগৰাকী মহাপুৰুষে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি আৰু ধৰ্মৰ ক্ষেত্ৰত এক নৱ আলোড়ন সৃষ্টি কৰি থৈ গৈছে। গীত, পদ, নাট, ভটিমা, ছপয়, টোটয়, পাঠ-প্রসঙ্গ আদিৰে অসমীয়া সমাজৰ সংস্কৃতিৰ পথাৰখন উর্বৰ কৰিলে। গুণী গায়নজনক সঙ্গীত বিশাৰদ, বায়নজনক বাদ্য বিশাৰদ, নটুৱাজনক নৃত্য বিশাৰদ সন্মান দিয়াটো গুৰু দুজনাৰে আদর্শ। দুজনা গুৰু বিৰচিত বৰগীতসমূহত প্রায় ছবিশ-পঁচিশটামান শুদ্ধ ৰাগ আৰু সাতটা মিশ্র ৰাগৰ উল্লেখ পোৱা হয়। কোনো কোনো ৰাগৰ নাম উত্তৰ আৰু দক্ষিণ ভাৰতৰ ৰাগৰ নামৰ লগত মিলে। পুন্দৰিক বিঠঠলৰ ‘সদৰাগ চন্দোদয়’ত উল্লেখ থকা ‘সুহৰী’ ৰাগৰ লগত বৰগীতৰ ‘সুহাই’ ৰাগৰ কিবা মিল থকাটো সম্ভৱ। পুৰণি সংগীত শাস্ত্ৰত উল্লেখ থকা ‘কহু’ ৰাগৰ লগত বৰগীতৰ ‘কৌ’ ৰাগৰ সম্পর্ক হয়তো থাকিব পাৰে। বাদ্যৰ ক্ষেত্ৰত খোল, তাল, মৃদঙ্গ, দবা, নাগাৰা, কালি, মহাৰি, বৰকাঁহ আদি উল্লেখনীয়। উল্লেখযোগ্য যে গুৰুজনাৰ আদৰ্শতে আজান ফকীৰে মুছলমান সম্প্রদায়ৰ বাবে জিকিৰ আৰু জাৰি গীত ৰচনা কৰিছিল।
ভাৰতীয় অন্যান্য ৰাগ সংগীতত থকাৰ দৰে বৰগীততো অনিবদ্ধ আৰু নিবদ্ধ দুটা অংশ পোৱা হয়। অনিবদ্ধ অংশক সত্ৰীয়া মহলত বা বৰগীতৰ ওজাসকলে ৰাগ দিয়া বা ৰাগ টনা বুলি কয়। অসমৰ সত্ৰীয়া সংগীতৰ তিনিটা মুখ্য ধাৰা— বৰদোৱা, বৰপেটা আৰু কমলাবাৰী। তিনিওটা ধাৰাৰে ৰাগ দিয়া প্রথা বেলেগ বেলেগ। বৰদোৱা ধাৰাত ‘কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম’ বুলি, বৰপেটা ধাৰাত ‘হা-উ-ৰি তানা না না’ বুলি আৰু কমলাবাৰী ধাৰাত ‘গোবিন্দে হৰি ৰাম ৰাম’ বুলি ৰাগ দিয়াৰ প্রথা। ৰাগ দিওঁতে ৰাগৰ চাৰিটা স্তৰ প্ৰকাশ কৰাটো বাধ্যতামূলক। সেই চাৰিটা স্তৰ, প্ৰয়াত গিৰিকান্ত মহন্তদেৱৰ মতে— উকাৰ, হুকাৰ, তাৰ আৰু ঘোৰ বা উগাৰ, উৰণী, ঘূৰণী আৰু মর্দন। মতান্তৰে— মন্দ্র, মধ্য, তাৰ আৰু ঘোৰ।
শঙ্কৰোত্তৰ যুগৰ গীতিকাৰ, যেনে— ৰাম আতা, ৰামানন্দ দ্বিজ, যদুমণি ঠাকুৰ, দৈত্যাৰি ঠাকুৰ, গোপাল আতা আদি কেইবাগৰাকীও গীতিকাৰে দুজনা গুৰুৱে ৰচনা নকৰা কেবাটাও ৰাগ ৰচনা কৰি অসমৰ সংগীত চর্চাৰ ধাৰা অব্যাহত ৰাখে। তেৰাসকলে ৰচনা কৰা ৰাগকেইটি হ’ল— ইমন কল্যাণ, ত্রমত কল্যাণ, মুলতানী, ভৈৰৱী, সুৰট, জয়শ্রী আদি। ৰামানন্দ দ্বিজৰ মাত্ৰ এটিহে— ভৈৰৱী ৰাগ পোৱা হৈছে।
শঙ্কৰ-মাধৱৰ পাছৰ কালছোৱাত অঞ্চল বিশেষে অসমত সংগীত চর্চাৰ বহুল প্রচাৰ হোৱা বুলি ক’ব পাৰি। ‘সুৰট’, ‘ভৈৰৱী’, ‘মুলতানী’ আদি কেবাটাও ৰাগ উত্তৰ ভাৰতত প্রচলিত ৰাগ। পাছতহে অসমত সোমায়।
ৰাজনৈতিক পৃষ্ঠপোষকতা
উল্লেখনীয় যে আহোম স্বৰ্গদেউসকলৰ ভিতৰত শিৱসিংহ আৰু ৰাজেশ্বৰ সিংহৰ দিনত অসমত সংগীতৰ অবিৰত চৰ্চা থকাৰ প্ৰমাণ পোৱা যায়। স্বৰ্গদেউ শিৱসিংহই নিজে বহুটো গীত ৰচনা কৰিছিল আৰু উত্তৰ ভাৰতৰ পৰা ভালেমান সংগীতজ্ঞ লোকক অসমলৈ আনি সংগীত শিক্ষা দিয়াৰ কথা গুণাভিৰাম বৰুৱাৰ অসম বুৰঞ্জীত উল্লেখ আছে। অসমৰৰ এচাম লোক দিল্লীলৈ গৈ পাখোৱাজ বজাবলৈ শিকি আহে আৰু ৰজাঘৰীয়া বাদ্য হিচাপে পাখোৱাজ ব্যৱহাৰ কৰাৰ কথা তুংখুঞ্জীয়া বুৰঞ্জীয়ে প্রমাণ দিয়ে। দুই-এখন সত্ৰৰ বুঢ়া ভকতৰ মুখত এতিয়াও পাখৌজী বাজানাৰ বোল শুনিবলৈ পোৱা যায়।
অসমৰ ৰাগ সংগীত পিছ পৰি কিয় আছে
এনে এটি উন্নত, সুদৃঢ় আৰু সৰ্বসাধাৰণ ৰাইজক সামৰি ল’ব পৰা পৰিৱেশৰ গৰাকী হৈয়ো অসম সংগীতৰ ক্ষেত্ৰত পিছ পৰি থকাৰ কেবাটাও কাৰণ পৰিলক্ষিত হয়; যথা—
১। মানৰ আক্ৰমণ
২। মুছলমান আৰু খ্ৰীষ্টান মিছনেৰীসকলৰ আগমন
৩। বৃটিছৰ শাসন
৪। ৰাজনৈতিক পৰিৱৰ্তন
৫। বাঙালী ভাষাৰ আগ্ৰাসন।
এই সময়ছোৱাত অসমৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক তথা ভাষা-ধর্ম-সাহিত্যৰ অবর্ণনীয় ক্ষতি সাধিত হয়। বৃটিছৰ শাসন কালত জিলা আৰু মহকুমা ভিত্তিত সৃষ্টি হোৱা চহৰসমূহত আৰবান সংস্কৃতিয়ে গঢ় লৈ উঠে। ঐতিহাসিক দৃষ্টিত এই সংস্কৃতি সম্পূর্ণ নতুন। বাঙালী ভাষাৰ খোপনিৰ কালছোৱাত হিন্দুস্থানী ৰাগ সংগীতৰ ধাৰাত বঙ্গীয় থিয়েটাৰ আৰু যাত্রা-গানে অসমত প্ৰভাৱ বিস্তাৰ কৰিলে, যাৰ বাবে গোৱালপাৰা আৰু কামৰূপত যাত্রা-গানৰ জনপ্রিয়তা বাঢ়িল আৰু অসমৰ ৰাগ সংগীত আৰু লোক সংগীতৰ চৰ্চা নোহোৱা হ’ল। পৰিৱর্তে টপ-খেয়ালৰ আৰ্হিত দেশ, ভীমপলশ্রী, মালকোশ, বেহাগ আদি ৰাগৰ চৰ্চা হ’বলৈ ধৰিলে।
ওপৰত উল্লেখ কৰা কাৰণসমূহৰ বাবে একো একোটা সময়ত অসমৰ সংগীত চৰ্চাৰ গতিধাৰা ম্লান হলেও অসমৰ এচাম সংগীত সাধকৰ আপ্রাণ চেষ্টাত পুনৰ সঞ্জীৱীত হয়। সেইসকলৰ ভিতৰত সংগীতাচার্য লক্ষীৰাম বৰুৱা, গৌৰীপুৰৰ জমিদাৰ ৰজা প্রভাত চন্দ্ৰ বৰুৱা, যোৰহাটৰ কীর্তিনাথ বৰদলৈ, গোপাল ভট্টাচার্য, গোপাল বৰুৱা, যোগানন্দ দত্ত, গুৱাহাটীৰ দুলর্ভ চন্দ্র চাংকাকতি, ৰত্নেশ্বৰ বৰদলৈ, নাৰায়ণ দাস, মাণিক চন্দ্র দাস, তেজপুৰৰ পৰমানন্দ আগৰৱালা, যজ্ঞেশ্বৰ ফুকন, সূর্যলাল তেৱাৰী, বলীন্দ্র কুমাৰ বৰুৱাৰ নাম বিশেষভাৱে উল্লেখ কৰিব পাৰি।
লোক সংগীতৰ ক্ষেত্ৰত জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভাৰ নাম উল্লেখনীয়।
সহায়ক গ্ৰন্থ: ৰাগ সংগীত, বীৰেন্দ্ৰ কুমাৰ ফুকন
ফিচাৰড ইমেজ: চিত্ৰ ভাগৱতৰ এটি পৃষ্ঠাৰ ছবি
❧ | আৰু পঢ়ক: