অসমৰ জনসাধাৰণৰ বিপুল আস্থা আৰু বিশ্বাস শিৰত লৈ শাসনভাৰ লাভ কৰা নতুন চৰকাৰখনলৈ আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। এখন প্ৰগতিশীল আৰু স্বাভিমানী অসম গঢ়াৰ লক্ষ্যৰে আপোনালোকে যি যাত্ৰা আৰম্ভ কৰিছে, সেই যাত্ৰাই আমাৰ ৰাজ্যখনৰ সৰ্বাংগীণ উন্নতিৰ লগতে প্ৰাকৃতিক সম্পদৰ সুৰক্ষাৰ দিশটোতো এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আমি আশাবাদী। চৰকাৰৰ এই নতুন কাৰ্যকালত অসমৰ প্ৰতিটো খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ আশা-আকাংক্ষাই পূৰ্ণতা পাওক— তাৰেই কামনা কৰিলো।
এনে এক ইতিবাচক সন্ধিক্ষণত, অসমৰ প্ৰকৃতিপ্ৰেমী তথা এগৰাকী নতুন প্ৰজন্মৰ প্ৰতিনিধি হিচাপে মই নতুন চৰকাৰখনৰ দৃষ্টি আকৰ্ষণ কৰি আমাৰ ৰাজ্যৰ জলজ সম্পদ, বিশেষকৈ থলুৱা মাছৰ অস্তিত্ব ৰক্ষাৰ হেতু এক গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিব বিচাৰিছোঁ।
এতিয়া বাৰিষা কাল। মাছৰ উজান উঠাৰ সময়। এটা সময়লৈকে উভেনদী হৈ থকা মাছৰ উজান আজিকালি দেখিবলৈ নোপোৱা হ’লো। অথচ মৎস্য সম্পদৰ ক্ষেত্ৰত অসম অতিকে চহকী। অসমৰ বহু অঞ্চলৰ নামৰ সৈতে মাছৰ সংগতি দেখা পোৱা যায়; যেনে— মাছখোৱা, শিঙিমাৰী, শ’লমৰা, শালমাৰী, খলিহামাৰী, কাৱৈমাৰী, গৰৈমাৰী, মোৱামাৰী, ৰৌমাৰী আদি। অসমীয়া গীত-মাততো মাছৰ প্ৰসংগ দেখা যায়। ‘মাছৰ চিকুণ মোৱা, টোপনিৰ চিকুণ পুৱা’, ‘নয়া নদীৰ নয়া কুল, মাগুৰ মাছৰ বিলাহী জোল’, ‘মাছৰ সোৱাদ ৰৌ, আঞ্জাৰ সোৱাদ ঔ’, ‘অধিক মাছত বগলী কণা’, ‘কাৱৈ মাছক কচি কাটিয়া, হালধি মৰিষ তৈলে ভাজিয়া’, ‘মোৱা মাছ পকনি, কলডিল শুকনি, আয়ে ভোজন বুলি লয়’ আদি ইয়াৰ উদাহৰণ।
আমাৰ দেশত থলুৱা প্ৰজাতিৰ মাছবোৰৰ চাহিদা আন মাছৰ তুলনাত যথেষ্ট বেছি। আমি সৰুতে ককা-আইতা বা পৰিয়ালৰ জ্যেষ্ঠ জনে কোৱা বহুতো মাছৰ নাম শুনাৰ বাদে সেই মাছ কেনেকুৱা আছিল, সেয়া পৰ্যৱেক্ষণ কৰাটো আমাৰ বাবে অসম্ভৱপ্ৰায় হৈ পৰিছে। অথচ কিছু বছৰৰ আগলৈকে অসমত মাছ উভৈনদী আছিল। ককা-আইতাহঁতে দেখা এই মাছবোৰ তেনেহ’লে কলৈ গ’ল বাৰু?
আচলতে আমি খাদ্য সম্পদৰ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰায়ে কাণসাৰ নিদিওঁ। আমাৰ চিন্তা-চেতনাত এই যে খাদ্যসম্পদ, মাছ আদি সংৰক্ষণ কৰাৰ প্ৰয়োজন আছে, সেই কথা বুজিব পৰাকৈ বোধশক্তিৰ যেন অভাৱ ঘটিছে। যিদৰে উৎকট গৰমত আজি গছ-গছনিৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছোঁ, ঠিক এনেকৈয়ে এদিন মহৰ প্ৰকোপ বৃদ্ধি পালে, বিভিন্ন বেমাৰ-আজাৰে ভয়ংকৰ ৰূপ ল’লেহে হয়তো মাছৰ গুৰুত্বৰ কথা উপলব্ধি কৰিব পাৰিম।
চ’ত মাহৰ মাজৰ পৰা আহাৰ মাহৰ মাজৰ সময়ছোৱাত মাছে পোৱালি জগোৱা কাম সম্পন্ন কৰে। এই সময়ছোৱাত বৰষুণৰ পৰিমাণ বৃদ্ধি পোৱাৰ বাবে মাছে কণী পাৰিবলৈ উপযুক্ত পৰিৱেশ লাভ কৰে। কিছুমান মাছৰ কণী পানীত ওপঙি থকাৰ পৰিৱৰ্তে কিছুমান মাছৰ কণী পানীৰ তলৰ জলজ উদ্ভিদৰ দেহত লাগি থাকে। এজনী মাছে পাঁচৰ পৰা বিছ হাজাৰ পৰ্যন্ত কণী পাৰে। কণীবোৰৰ পৰা ইহঁতৰ পোৱালি জগে, যাক আমি পোনামাছ বুলি কওঁ। এই পোনামাছবোৰো বহুত মানুহে ধৰি ধৰি খায়, ফলত মাছৰ পোৱালি অনুপাতে ডাঙৰ হোৱা মাছৰ সংখ্যা কম হয়। আপোনালোকে ভাবি চাওকচোন, এই সময়ছোৱাত কণী লগা মাছ খোৱা মানে আমি কিমান ডাঙৰ অপৰাধ কৰা হয়! মাকৰ লগতে পোৱালি হ’ব পৰা মাছবোৰ খাই আমি মাক আৰু সম্ভাৱ্য পোৱালিক হত্যা কৰা নাইনে? কেনেবাকৈ যদিহে কণীবোৰ ৰক্ষা পৰে, তাতো আকৌ ভূতৰ ওপৰত দানহ পৰাৰ দৰে পোনাবোৰ খাই আমি কিমান ভয়াৱহ কাম কৰি আছোঁ নিজেই কল্পনা কৰিব পৰা নাই। আহাৰ মাহৰ শেষৰ ফালে প্ৰাকৃতিক জলাশয়, খাল-বিল, জান আদিত থলুৱা প্ৰজাতিৰ মাছবোৰ উপচি পৰিছিল যদিও জলাশয় পুতি পুতি খেতি মাটিৰ পৰিসৰ বৃদ্ধি কৰাৰ ফলত বহুতো জলাশয় আজি খেতিপথাৰলৈ পৰিৱৰ্তিত হৈছে। ফলত মাছৰ প্ৰাকৃতিক আৱাসভূমিও চকুত লগাকৈ কমি আহিছে।
অন্ধবিশ্বাসৰ বলি ফেঁচা
ড° জলি বৰা
নদীক কেন্দ্ৰ কৰিয়েই আমাৰ লোক-পৰম্পৰা, সংস্কৃতি, সভ্যতা আদিয়ে ঠন ধৰি উঠিছে। অথচ নদীৰ আপুৰুগীয়া সম্পদ মাছবোৰৰ সংৰক্ষণৰ ক্ষেত্ৰত বিজ্ঞানভিত্তিক সজাগতাৰ অভাৱ স্পষ্টকৈ দেখা পোৱা যায়। ইয়াৰ উপৰিও অসমৰ মীন পালকসকলে বিদেশী মাছ পালনত যিদৰে গুৰুত্ব দিয়ে, ঠিক একেদৰে থলুৱা মাছ পালনত গুৰুত্ব দিয়া দেখা নাযায়। অথচ বিদেশী মাছৰ তুলনাত থলুৱা মাছবোৰ অধিক সোৱাদযুক্ত হোৱাৰ লগতে ইয়াৰ চাহিদাও বেছি। অসমৰ থলুৱা মাছবোৰৰ সংৰক্ষণৰ বাবে আইনেও বহুকেইটা নীতি-নিয়ম বান্ধি দিছে। থলুৱা মাছ সংৰক্ষণৰ বাবে অসম মীন নীতি (১৯৫৩)ত বহুকেইটা কঠোৰ নীতি-নিয়ম বান্ধি দিয়া হৈছে। ইয়াৰ উপৰিও অসম মীন পোনা নীতি (২০০৫)তো থলুৱা মাছৰ পোনা ধৰা আৰু ভক্ষণ কৰাৰ পৰা আঁতৰি থাকিবলৈ কিছু কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। আইনগত ইমানবোৰ কঠোৰ নীতি-নিয়ম থকাৰ পাছতো মাছ ধৰাৰ বাবে নিষিদ্ধ ঘোষণা কৰা সময়ছোৱাত মাছ, পোনা ধৰিয়েই থকা দেখা যায়। আনকি মুকলি বজাৰতো সহজলভ্য হৈ থকা দেখা যায়।
অসমৰ মৎস্য পালকসকলেও মাছৰ সুৰক্ষাৰ প্ৰতি দায়বদ্ধ হ’ব লাগিব। যি প্ৰাণীয়ে তেওঁলোকক ভোকৰ ভাতমুঠি যোগান ধৰিছে, সেই জীৱৰ সংৰক্ষণ কৰিবলৈ তেওঁলোকক উদ্বুদ্ধ কৰিব লাগিব। এই ক্ষেত্ৰত বন বিভাগ, মীন বিভাগৰ ভূমিকা গুৰুত্বপূৰ্ণ। সমান্তৰালভাৱে মাছমৰীয়াসকলৰ জীৱিকা তথা উপাৰ্জনৰ কথাও ভাবিব লাগিব। তাৰ বাবে মীন বিভাগে উদ্যোগ লৈ স্থায়ী কাৰ্যপন্থা গ্ৰহণ কৰাটো অতিকে প্ৰয়োজনীয়। এইক্ষেত্ৰত মৎস্যজীৱীসকলৰ বাবে বিকল্প উপাৰ্জন ব্যৱস্থাপনা কৰিব লাগিব।
মাছ সংৰক্ষণৰ ক্ষেত্ৰত গুৰি ধৰা কামটো আৰম্ভ কৰিব লাগিব আমি আমাৰ ঘৰৰ পৰাই। এই ক্ষেত্ৰত যুৱক সংঘ, শিক্ষক, শিক্ষাৰ্থী আৰু নৱ-প্ৰজন্মই উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব পাৰে। স্থানীয় যুৱক সংঘৰ বিষয়-ববীয়াসকলে লগ হৈ নিজা নিজা গাঁৱত সজাগতামূলক সভা অনুষ্ঠিত কৰাৰ উপৰিও বাটৰ নাট, গীত-মাত আদিৰে মাছৰ গুৰুত্ব সম্পৰ্কে সজাগ কৰিব পাৰে। ব্যৱসায়ীসকলকো এনে সজাগতা সভাসমূহত লগত ল’ব লাগে। আইনী দিশসমূহ বুজাবলৈ মীন বিভাগৰ বিষয়াসকলকো এনে সভালৈ আমন্ত্ৰণ জনাব লাগে। শিক্ষকসকলেও বিদ্যালয়ত শিক্ষাৰ্থীসকলক যদি সজাগ কৰে, তেন্তে আমাৰ ৰাজ্যত সহজে এটা সজাগ প্ৰজন্মই গঢ় লৈ উঠিব পাৰে। লেখকসকলে এই সম্পৰ্কে সচেতনভাৱে লিখাটো দৰকাৰী। এই লেখকৰ পাৰিপাৰ্শ্বিক শিশু-গল্প সংকলন ‘পোনাকণৰ পৃথিৱী’ত শিশুসকলে কিদৰে থলুৱা মাছ সুৰক্ষিত কৰিব পাৰে সেই সম্পৰ্কে উনুকিওৱা হৈছে।
মাছ সংৰক্ষণৰ বাবে ইয়াৰ আৱাসভূমি সংৰক্ষণ কৰাটো খুবেই প্ৰয়োজন। ইয়াৰ মূল দায়িত্ব মৎস্যজীৱীসকলেই ল’ব লাগিব। তেওঁলোকে মীন বিভাগৰ সৈতে একত্ৰ হৈ থলুৱা মাছ পোৱা বিল-জলাশয়সমূহ চিনাক্ত কৰাৰ লগতে সেই স্থানসমূহ সংৰক্ষণ কৰাৰ উদ্যোগ ল’ব লাগিব। মাছ আৰু আৱাসভূমিৰ মাজৰ ভাৰসাম্য যাতে ক্ষতিগ্ৰস্ত নহয়, তাৰ প্ৰতি চকু দিব লাগিব। নদী, বিল, জলাশয়সমূহত অলাগতিয়াল পদাৰ্থ পেলাই যাতে নদী প্ৰদূষিত কৰা নহয়, তাৰ প্ৰতিও গুৰুত্ব দিব লাগিব।
অতি সম্প্ৰতি অত্যধিক মাছ ধৰা, পৰিৱেশ প্ৰদূষণ, জলাশয়ৰ সংকোচন আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত এই থলুৱা মাছৰ প্ৰজাতিসমূহ বিপন্ন হৈ পৰিছে। সেয়েহে এই মাছৰ সংৰক্ষণ অতি জৰুৰী।
থলুৱা মাছ সংৰক্ষণৰ ক্ষেত্ৰত মানুহৰ মাজত সংৰক্ষণ মনোভাবৰ বিকাশৰ বাবে অসমৰ ৰাজ্যিক মাছৰ অভাৱ অনুভৱ কৰা যায়। আমাৰ দেশৰ বহুকেইখন ৰাজ্যত ৰাজ্যিক মাছ আছে যদিও আমাৰ ৰাজ্যত কোনো থলুৱা মাছক ৰাজ্যিক মাছ হিচাপে ঘোষণা কৰা হোৱা নাই। অসমৰ জলজ জৈৱবৈচিত্ৰ্য প্ৰকৃতিৰ এক অমূল্য সম্পদ। অসমৰ বিল আৰু জলাশয়ত প্ৰায় ২০০ৰো অধিক মাছৰ প্ৰজাতি পোৱা যায়। মাছৰ প্ৰজাতিসমূহ অসমৰ নৈপৰীয়া লোকসকলৰ জীৱন-জীৱিকাৰ মূল ভিত্তি আৰু খাদ্য সুৰক্ষাৰ এক গুৰুত্বপূৰ্ণ উৎস। কিন্তু অত্যধিক মাছ ধৰা, উদ্যোগৰ বিষাক্ত পদাৰ্থ, প্লাষ্টিক দূষণ আৰু জলবায়ু পৰিৱৰ্তন, বাসস্থান ধ্বংস আদিৰ লগতে জলাশয়ৰ অবাধ বেদখলৰ ফলত এই প্ৰজাতিসমূহৰ ওপৰত তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে। এনে পৰিপ্ৰেক্ষিতত অসমৰ বাবে এটা জাতীয় মাছ নিৰ্বাচন কৰাটো খুবেই গুৰুত্বপূৰ্ণ হৈ পৰিছে। জাতীয় মাছৰ প্ৰতীকী মৰ্যাদাই জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি, বিজ্ঞানসন্মত গৱেষণা ত্বৰান্বিতকৰণ আৰু সংৰক্ষণৰ নীতি প্ৰণয়নত সহায় কৰিব। উদাহৰণস্বৰূপে, অসমৰ জাতীয় বৃক্ষ হোলোং গছ, জাতীয় পক্ষী দেওহাঁহৰ প্ৰতীকী মৰ্যাদাই ইয়াৰ সুৰক্ষাৰ প্ৰচেষ্টাক অধিক শক্তিশালী কৰাৰ লগতে জনসচেতনতাৰো বিকাশ ঘটাইছে।
অসমৰ জাতীয় মাছ হিচাপে পাভ মাছ (Ompok bimaculatus) আৰু চেং মাছ (Channa barca) সবাতোকৈ উপযুক্ত বুলি বিবেচনা কৰিব পাৰি। কাৰণ, পাভ মাছ বিপদাপন্ন মাছ হোৱাৰ লগতে অসমৰ থলুৱা মাছ। পাভ মাছ সাধাৰণতে ২৫ চেণ্টিমিটাৰ পৰ্যন্ত দীঘল হয়। কিছুমান ক্ষেত্ৰত ইয়াৰ আকাৰ ২৮ চেণ্টিমিটাৰ পৰ্যন্ত হ’ব পাৰে। ইয়াৰ শৰীৰ দীঘলীয়া, চিকুণ আৰু বাকলিবিহীন। কাঁইটৰ সংখ্যা তুলনামূলকভাৱে কম। অসমীয়া বিহুগীত, লোককথা আৰু কবিতাত এই মাছৰ উল্লেখ পোৱা যায়। পাভ মাছৰ প্ৰজননকাল সাধাৰণতে চ’ত-বহাগ মাহৰ পৰা আহাৰ মাহলৈকে হয়। পানীৰ উষ্ণতা অনুসৰি ১ ঘণ্টাৰ পৰা ২৪ ঘণ্টাৰ ভিতৰত কণীৰ পৰা পোনা জন্ম হয়। পোনাবোৰে প্ৰথমে পানীত থকা ক্ষুদ্ৰ উদ্ভিদ প্লৱক আৰু প্ৰাণী প্লৱক খায়। জাতীয় মাছ হিচাপে পাভ মাছৰ ক্ষেত্ৰত এটা খোকোজা আহিব পাৰে। পাভ মাছ ত্ৰিপুৰাৰ ৰাজ্যিক মাছ। এনে স্থলত আমাৰ ৰাজ্যৰ ৰাজ্যিক মাছ হিচাপে পাভ মাছ হোৱাত অসুবিধা হ’ব নেকি? এই প্ৰশ্নৰ উত্তৰ দিবলৈ হ’লে আমি অসম আৰু অৰণাচলৰ ৰাজ্যিক ফুললৈ লক্ষ্য কৰিব পাৰোঁ। কাৰণ, দুয়োখন ৰাজ্যৰে ৰাজ্যিক ফুল হ’ল কপৌফুল। সেয়েহে পাভ মাছক অসমৰ ৰাজ্যিক মাছ ঘোষণা কৰাতো নিশ্চয় একেটা প্ৰক্ৰিয়াই খাটিব।
আমি আশা ৰাখিম, অনতিপলমে চৰকাৰী সদিচ্ছাৰে অসমৰ চেং মাছেই হওক বা পাভ মাছেই হওক বা অন্য মাছেই হওক, যিকোনো এবিধ থলুৱা মাছক জাতীয় মাছ হিচাপে ঘোষণা কৰি থলুৱা মাছ সুৰক্ষাৰ ক্ষেত্ৰত আগভাগ লোৱাৰ উদ্যোগ ল’ব। অসমৰ থলুৱা মাছৰ বৈচিত্ৰ্য সুৰক্ষাৰ বাবে জাতীয় মাছৰ ধাৰণা এক বিজ্ঞানসন্মত, সামাজিক আৰু অৰ্থনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ পদক্ষেপ হ’ব বুলি আমাৰ বিশ্বাস। এই প্ৰস্তাৱ কেৱল মাছৰ প্ৰজাতিৰ সুৰক্ষাৰ বাবেই নহয়, অসমৰ পৰিৱেশ, অৰ্থনীতি আৰু সংস্কৃতিৰ সামগ্ৰিক সংৰক্ষণৰ বাবে এক জাগৰণৰ আহ্বান। বিজ্ঞানসন্মত পদ্ধতি— যেনে জিনগত সংৰক্ষণ, বাসস্থান পুনৰুদ্ধাৰ আৰু প্ৰদূষণ নিয়ন্ত্ৰণেৰে চৰকাৰ, বন বিভাগ, গৱেষক, স্থানীয় পৰিৱেশ সংৰক্ষণ গোষ্ঠী আৰু স্থানীয় সম্প্ৰদায়ৰ সহযোগিতাৰে এই লক্ষ্য অৰ্জন কৰিব পাৰি। অসমৰ প্ৰতিজন নাগৰিকৰ বাবে এই প্ৰশ্ন— আমি আমাৰ জলজ সম্পদৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ সাজু নে?
আশা কৰোঁ, নতুন চৰকাৰখনে এই বিষয়টো গুৰুত্বসহকাৰে ল’ব আৰু অনতিপলমে যিকোনো এবিধ থলুৱা মাছক ‘অসমৰ জাতীয় মাছ’ হিচাপে ঘোষণা কৰিব। ইয়াৰ সমান্তৰালভাৱে মীন বিভাগে স্থানীয় মৎস্যজীৱীৰ বাবে নিষিদ্ধ সময়ছোৱাত বিকল্প উপাৰ্জনৰ ব্যৱস্থা কৰাৰ উদ্যোগ ল’ব। বিল-জলাশয়সমূহ বেদখল মুক্ত কৰি প্ৰাকৃতিক মৎস্য উৎপাদনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব। লগতে জিনগত সংৰক্ষণ আৰু বৈজ্ঞানিক গৱেষণাৰ বাবে বিশেষ পুঁজি আবণ্টন দি পাৰিপাৰ্শ্বিক সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত ল’ব।
অন্ধবিশ্বাস, কুসংস্কাৰ আৰু শাস্ত্ৰৰ ব্যাখ্যা
ড° খৰ্গেশ্বৰ ভূঞা
- কনাক নামৰ কাউৰীটো
- বৰঘৰৰ মেকুৰী সৰুঘৰলৈ গ’লেই যেনিবা, তাতেনো কি অমঙ্গল হ’ল!
- মাহপ্ৰসাদ: এক বিজ্ঞানসন্মত অৱলোকন
- এজাক মৰা শগুন আৰু পাগলী পথাৰৰ হুমুনিয়াহ
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক

