মা নুহ দিবাচৰ জীৱ অর্থাৎ মানুহে দিনৰ পোহৰত সক্রিয় হৈ কাম কৰে আৰু ৰাতি হ’লেই আৰাম কৰি দেহটোক পাছৰ দিনটোৰ কামলৈ প্ৰস্তুত কৰে। দিন-ৰাতিৰ চক্ৰৰ লগত মানুহৰ জৈৱিক প্রক্রিয়াৰ সম্বন্ধ স্থাপন কৰাৰ বাবে ২০১৭ চনত জেফ্রি হল (Jeffrey C. Hall), মাইকেল ইয়ং (Michael W. Young) আৰু মাইকেল ৰচবেছ (Michael Rosbash)ক নোবেল বঁটা প্ৰদান কৰা হৈছিল। আমি এই দিন-ৰাতিকেই ঘড়ীৰ লগত সমকালীকৃত (synchronized) কৰি দৈনন্দিন জীৱনৰ কাম কাজ কৰি যাওঁ। কিন্তু পৃথিৱীৰ আন ঠাইৰ দৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকেও এইদৰেই ঘড়ীৰ কাঁটাৰ লগত আগবাঢ়েনে?
বৈজ্ঞানিকভাৱে উত্তৰ পূৰ্বাঞ্চলৰ লোকে ঘড়ীৰ কাঁটা প্রকৃত সময়তকৈ প্রায় এঘণ্টা পিছুৱাইহে ব্যৱহাৰ কৰে। জুন মাহত পুৱা ৪ বজাৰ (4.00 am IST) আগতেই পোহৰ হ’ব ধৰা আৰু নৱেম্বৰত সন্ধিয়া ৫ বজাতেই (5.00 pm IST) অন্ধকাৰ নমা এই অঞ্চলৰ লোকে দিনত উপলব্ধ পোহৰক সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ সক্ষম নহয়। ইয়াৰ ফলত মানুহৰ উৎপাদনশীলতা হ্রাস পায় আৰু শক্তিৰ প্ৰচুৰ অপচয় হয়। নিজ অক্ষক কেন্দ্ৰ কৰি ঘূৰোঁতে পৃথিৱীয়ে প্রতি ৬০ মিনিটত প্রায় ১৫ ডিগ্রী ঘূৰে আৰু ২৪ ঘণ্টাত ৩৬০ ডিগ্রীৰ ঘূর্ণন সম্পন্ন কৰে। এই তথ্যক ব্যৱহাৰ কৰি বিজ্ঞানীসকলে গোলকীয় পৃথিৱীক অনুদৈৰ্ঘিকভাৱে ১৫ ডিগ্রীকৈ মুঠ ২৪টা সময়-অঞ্চলত ভাগ কৰিলে। লণ্ডনত থকা গ্রীণউইচৰ সম্যক (00:00 h) মান-সম্য (GMT) বুলি ধৰি লোৱা হ’ল। সহজ অর্থত, আপুনি যদি গ্রীণউইচৰ পৰা দক্ষিণলৈ যায়, তেন্তে প্রতি ১৫ ডিগ্রী যোৱাৰ পাছত গ্রীণউইচ মান সময়তকৈ ১ ঘণ্টা পিছুৱাই যাব আৰু যদি গ্রীণউইচৰ পৰা পূব দিশলৈ গৈ থাকে, প্রতি ১৫ ডিগ্রীৰ পাছত আপুনি গ্রীণউইচ মান সময়তকৈ এঘণ্টা আগুৱাই যাব।
ভাৰত ৰাষ্ট্র প্রায় ২৮°৬’ বিস্তৃত হৈ থকা এক অঞ্চল। স্বাভাৱিকতেই ভাৰতবৰ্ষত দুটা সময়-অঞ্চল (time-zone)-ৰ প্ৰযোজন। কিন্তু স্বাধীন হোৱাৰ ঠিক পাছতেই সমগ্র দেশতেই সময়ৰ ক্ষেত্ৰত সমতা স্থাপন কৰাৰ উদ্দেশ্যে ১৯৪৭ চনৰ ১ চেপ্তেম্বৰত ভাৰতীয় মান সময় (IST)ৰ ব্যৱহাৰ আৰম্ভ কৰা হ’ল। ভাৰতীয় মান সময় গ্রীণউইছৰ পৰা ৮২°৫’ পূর্ব দ্রাঘিমাংশক ধৰি হিচাপ কৰা হয়। এই ৰেখাডাল উত্তৰ প্ৰদেশৰ মির্জাপুৰৰ ওপৰেদি পাৰ হৈ গৈছে। গ্রীণউইছৰ লগত ইয়াৰ সময় পার্থক্য +০৫:৩০ ঘণ্টা, অর্থাৎ ভাৰতীয় মান সময় গ্রীণউইছ মান সময়তকৈ ৫ ঘণ্টা ৩০ মিনিট আগবঢ়া। বৃটিছসকলে দিনৰ পোহৰক ঘড়ীৰ কাঁটাৰ লগত সঠিকভাৱে ব্যৱস্থাপনা কৰিবৰ বাবে আৰু শক্তিৰ সংৰক্ষণৰ বাবে ভাৰতক দুটা সময়-অঞ্চলত ভাগ কৰিছিল। বৃটিছ ৰাজৰ দিনত ভাৰতৰ পূবফালে কলিকতাৰ সময় আৰু পশ্চিমে বোম্বেৰ মান সময় মানি চলা হৈছিল। কিন্তু স্বাধীনতাৰ পাছৰে পৰা এই ব্যৱস্থা নোহোৱা হ’ল। অসমৰ চাহ বাগিচাসমূহত প্রচলিত বাগান সময়ৰ (Bagan Time) ব্যৱস্থাও বৃটিছসকলে আৰম্ভ কৰিছিল। উত্তৰ-পূৰ্বাঞ্চলৰ বাবে পৃথক সময়-অঞ্চলৰ ব্যৱস্থা কৰিবলৈ ২০০২-০৩ চনত তেতিয়াৰ ত্ৰিপুৰাৰ ৰাজ্যপালৰ উপদেশমর্মে এখন উচ্চস্তৰীয় সমিতি গঠন কৰা হৈছিল। সমিতিখনে দুটা সময়-অঞ্চলৰ দ্বাৰা দেশৰ ভিতৰত যাতায়াতৰ ক্ষেত্ৰত অসুবিধা হ’ব বুলি উল্লেখ কৰিছিল, অৱশ্যে স্থানীয় কার্যালয়সমূহে নিজাববীয়াকৈ এনে ব্যৱস্থাৰ প্রৱর্তন কৰিব পাৰে বুলি অভিমত ব্যক্ত কৰিছিল। কিন্তু প্রশ্ন হয় যে কার্যালয়ে কার্যালয়ে যদি নিজাববীয়া সময়েই হয়, মান সময়ৰ প্ৰযোজন কি থাকিল?
২০০৬ চনত পৰিকল্পনা আয়োগে পুনৰ দুটা সময়-অঞ্চলৰ পোষকতা কৰি কৈছিল যে ইয়াৰ দ্বাৰা যথেষ্ট শক্তি সঞ্চয় হ’ব। ২০১৩ চনত National Institute of Advanced Studies (NIAS) ৰ দ্বাৰা প্রকাশিত এখন গৱেষণা পত্ৰত অৱশ্যে কোৱা হৈছিল যে দুটা মান সময়ৰ দ্বাৰা দেশত যথেষ্ট বিশৃংখলতাৰ সৃষ্টি হ’ব; সমাধান সূত্ৰৰূপে ভাৰতীয় মান সময়কে আৰু আধা ঘণ্টা আগুৱাই (UTC+6:00 h) দিয়াৰ মত পোষণ কৰি দেখুওৱা হৈছিল যে ইয়াৰ দ্বাৰা বছৰি প্ৰায় ২ নিযুত kWh বিদ্যুৎ ৰাহি হ’ব।
২০১৭ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে দুটা সময় অঞ্চলক লৈ দাখিল কৰা এখন ৰাজহুৱা স্বার্থজনিত আবেদন খাৰিজ কৰি ক্য় যে এই বিষয়ে ইতিমধ্যেই ২০০৩ চনত উচ্চস্তৰীয় সমিতিযে মতামত দাঙি ধৰিছে আৰু এই বিষয়ে সিদ্ধান্ত ভাৰত চৰকাৰে লোৱা উচিত। অতিসম্প্রতি এই বিষয়ে বিতর্ক হোৱাৰ বাট মুকলি কৰিছিল অক্টোবৰ, ২০১৮ ত প্রকাশিত CSIR-NPL-ৰ এখন গৱেষণা পত্ৰই। এই গৱেষণা পত্রখনত কিদৰে ভাৰতত দুটা সময় অঞ্চল (IST-I আৰু IST-II) বিনা সমস্যাই বৰ্তাই ৰাখিব পাৰি সেইটো দেখুওৱা হৈছিল। আগৰ গৱেষণাত ৰেল আৰু যাতায়াতত হ’ব পৰা অসুবিধাক লৈ সন্দেহ কৰা হৈছিল যদিও নতুন গৱেষণা পত্ৰখনত উল্লেখ কৰা হৈছিল যে কেৱল আলিপুৰদুৱাৰ আৰু নিউ কোচবিহাৰ ষ্টেচনত সময়ৰ ব্যৱস্থাপনা কৰি এই অসুবিধা আঁতৰ কৰিব পৰা যাব। ভাৰতৰ দুই সময় অঞ্চলৰ সীমা অসম আৰু পশ্চিমবংগৰ মাজৰ ৮৯°৫২’ (পূর্ব) ৰেখাডাল বুলি ধৰি লৈ অসম, মণিপুৰ, মেঘালয়, নগালেণ্ড,অৰুণাচল, মিজোৰাম, ত্ৰিপুৰা আৰু আন্দামান নিকোবৰ দ্বীপপূঞ্জত IST-II (UTC+6:30 h, মূল ভাৰতীয় সময়তকৈ এঘণ্টা আগুৱাই)ৰ মতে ঘড়ীৰ সময় ব্যৱহাৰ কৰিবলৈ প্ৰস্তাৱ দিয়া হৈছিল।
❧ | আৰু পঢ়ক: উত্তৰ-পূবৰ বাবে সুকীয়া টাইম জ’নৰ প্ৰয়োজনীয়তা
আমেৰিকা আৰু ৰাছিয়াৰ দৰে ঠাইত ১১টাকৈ সময়-অঞ্চল আছে। মঙ্গোলিয়াৰ দৰে সৰু দেশতো আছে ২টা সময় অঞ্চল। ভাৰতত দুটা সময় অঞ্চল হ’লে কিছু অসুবিধা নোহোৱা নহয়, কিন্তু এই অসুবিধাসমূহ দূৰ কৰি কিদৰে দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সময় আৰু শক্তিৰ অপচয় ৰোধ কৰিব পাৰি, সেই বিষয়ে CSIR-National Physical Laboratory (NPL-India)ৰ বৈজ্ঞানিকসকলে গৱেষণা কৰি দেখুৱাইছিল। অৱশ্যে লোকসভাত এই বিষযে সোধা এক প্রশ্নৰ উত্তৰত কেন্দ্রীয় মন্ত্রী হর্ষবর্ধনে কয় যে চৰকাৰৰ এক “উচ্চস্তৰীয় মণ্ডলীয়ে কৌশলগত কাৰণত” ভাৰতক দুটা সময় অঞ্চলত ভাগ নকৰিবৰ বাবে পৰামর্শ দিছে। উল্লেখযোগ্য যে এই মণ্ডলী কেতিয়া গঠন হ’ল বা কি ধৰণেৰে এনে এক মতামতত উপনীত হ’ল, সেই বিষয়ে বিশেষ একো জনা নগ’ল। কিছু লোকৰ মতে, দুটা সময়-অঞ্চলে উত্তৰ-পূৰ্বাঞ্চলৰ বিচ্ছিন্নতাবাদী গোটসমূহক অধিক শক্তিশালী কৰি তুলিব। কাৰিকৰী দিশত থকা অসুবিধাসমূহ আতঁৰ কৰিবৰ বাবে বিজ্ঞানে বাট দেখুওৱালেও ৰাজনৈতিক দিশত থকা অসুবিধাসমূহৰ সমাধান কিদৰে উলিয়াব পাৰি সেয়াহে ভাবিবলগীয়া বিষয়। অৱশ্যে কোৱা নিষ্প্রযোজন যে দেশৰ ভিতৰত প্রথমেই সূৰ্যৰ পোহৰ পোৱা এটা অঞ্চলে আন ঠাইবোৰৰ লগত একেলগে নিজৰ কামলৈ ওলাই যাবৰ বাবে প্রায় এঘণ্টা সময় ৰৈ থাকিব লগা হোৱাটো, অযুক্তিকৰ আৰু বৈষম্যমূলক।
ফিচাৰড্ ইমেজ: দোকমোকালি গোস্বামী (৫ বছৰ)