ম ন সম্বন্ধে বৈজ্ঞানিক আলোচনাকে মনস্তত্ত্ব বা মনোবিজ্ঞান বোলা হয়। মনে আত্মপ্ৰকাশ কৰে চিন্তা,অনুভূতি আৰু ইচ্ছা প্ৰণোদিত যাৱতীয় মানসিক অৱস্থাসমূহৰ মাজেদি। মনস্তত্ত্বৰ জৰিয়তে ব্যক্তি বিশেষৰ মনৰ অৱস্থাৰ লগতে বাহ্য প্ৰকাশৰো পৰিচয় পোৱা যায়। কিন্তু মন কৰিব লগীয়া কথা যে নাৰী আৰু পুৰুষৰ মাজত লিংগ ভিত্তিক বৈষম্য, আচাৰ-ব্যৱহাৰ কৰ্মৰাজিৰ বিভেদতা হেতু মনস্তত্ত্ব পৃথক হয়। কিছুমান ক্ষেত্ৰত পুৰুষ আৰু নাৰীৰ চিন্তাশক্তিৰ মাজতো পাৰ্থক্য আহি পৰে। সেইদৰে ইচ্ছা-অনুভূতিৰ ক্ষেত্ৰতো একেই কথা প্ৰযোজ্য। নাৰী আৰু পুৰুষৰ হৃদয়ৰ স্বৰূপো কিছু বেলেগ। নাৰী আৰু পুৰুষৰ প্ৰধান পাৰ্থক্যই হ’ল দৈহিক গঠন। সেই কাৰণে নাৰী আৰু পুৰুষৰ মনো-দৈহিক গঠনো একে নহয়।
নাৰী মানৱ জাতিৰ সেই মহত্বম অংগ, য’ৰ পৰা সৃষ্টিধাৰাই গতিশীলতা লাভ কৰে। নাৰী বিহীন সৃষ্টিধাৰাৰ কল্পনাও স্থবিৰ; ৰং, ৰূপ আৰু বৈচিত্ৰ্যশূন্য। নাৰীৰ প্ৰেম, ঐশ্বৰ্য, গৰিমা আৰু মাধুৰ্যই পুৰুষৰ পৌৰুষক উজ্জীৱীত কৰে। সংঘাত আৰু বাধা আক্ৰান্ত জীৱনৰ প্ৰাপ্তি-অপ্ৰাপ্তিৰ মাজত নাৰীয়ে দীপশিখাৰ দৰে মনৰ অন্ধকাৰ চুক-কোণ পোহৰাই তুলি উৎসাহিত কৰে। পুৰুষ নিয়ন্ত্ৰিত সমাজ ব্যৱস্থাৰ ঘোষিত-অঘোষিত অজস্ৰ বাধাৰ প্ৰাচীৰ পাৰ হৈ নাৰীৰ প্ৰতিভা, প্ৰজ্ঞা অথবা বুদ্ধিমত্তা সম্পন্ন ব্যক্তিত্বৰ প্ৰকাশ ঘটিবলৈ সমগ্ৰ বিশ্বতেই বহু সময় লাগিছিল। লাহে লাহে কালৰ গতিত সাহিত্যৰ বিভিন্ন দিশত নাৰীবাদী চিন্তাই প্ৰাধান্য পাবলৈ লয়। আনকি পুৰুষৰ ৰচনাত নাৰী চৰিত্ৰৰ ৰূপায়ণ কেৱল পুৰুষৰ দৃষ্টিৰেই নহয়, নাৰীৰ দৃষ্টিভংগীৰে, নাৰীৰ অৱস্থানত নিজকে একাত্মভাৱে স্থাপন কৰি বিশ্লেষণ কৰাৰ প্ৰয়াস আৰম্ভ হয়। নাৰীক লিংগ-বৈষম্য মুক্ত মানুহ বুলি গণ্য কৰাৰ প্ৰয়াস লক্ষ্য কৰা যায় বিভিন্ন লেখকৰ ৰচনাত। অসমীয়া সাহিত্যত সেই ধৰণৰ লেখাৰ ভিতৰত ড° বাণীকান্ত কাকতিদেৱৰ ‘সাহিত্য আৰু প্ৰেম’ নামৰ গ্ৰন্থখনৰ ‘নাৰী হৃদয়’ এটি উল্লেখযোগ্য প্ৰবন্ধ। কাৰোবাৰ বাবে প্ৰেমৰ স্বৰূপ খন্তেকীয়া মোহৰ ধৰফৰণি আৰু কাৰোবাৰ বাবে প্ৰেম— প্ৰেৰণা, শক্তি,— এই দুই ধৰণৰ প্ৰক্ৰিয়াক উপলক্ষ্য কৰিয়ে কাকতিদেৱে প্ৰবন্ধটো লিখিছে।
ড° কাকতিদেৱে প্ৰবন্ধটোৰ মাজেৰে নাৰীৰ মনস্তত্ত্ব আলোচনা কৰিছে। নাৰীৰ চিন্তা, ভাৱনা, আবেগ-অনুভূতিৰ প্ৰতি কাকতিদেৱ আছিল শ্ৰদ্ধাশীল মনোভাৱৰ। তেখেতে বিশ্বাস কৰিছিল যে নাৰী, পুৰুষ উভয়ৰে অৱদানৰ দ্বাৰাহে মানৱ সভ্যতাৰ বিকাশ সম্ভৱ হৈছে।
পুৰুষ প্ৰধান সমাজত পুৰুষ লেখকসকলে নিজৰ লেখনিৰ মাজেৰে এনে ভাৱধাৰা প্ৰকাশ কৰি অহা লক্ষ্য কৰিছোঁ যে প্ৰেমে নাৰীৰ জীৱন ধন্য কৰে, মহিমামণ্ডিত কৰে আৰু ঘৃণা বা অৱহেলাই নাৰীৰ জীৱন ধ্বংসও কৰে। মূলতে এই সকল লেখকে ভাবে যে নাৰীৰ নিজা বুলিবলৈ একো নাই। ড° বাণীকান্ত কাকতিদেৱে ইতিহাসৰ আধাৰত এইটো প্ৰমাণ কৰিব বিচাৰিলে যে নাৰীৰ প্ৰেম ভাৱনা আৰু চিন্তা-চৰ্চায়ো পুৰুষৰ জীৱন ধন্য কৰিব পাৰে। পৰিস্থিতি অনুযায়ী নাৰীয়েও নিজৰ স্বাৰ্থ ত্যাগ কৰি পুৰুষৰ জীৱন গৌৰৱান্বিত কৰিব পাৰে। ইয়াৰে উদাহৰণ—‘নাৰী হৃদয়’।
‘নাৰী হৃদয়’ প্ৰবন্ধটিৰ কথাভাগ হৈছে মধ্যযুগৰ ইউৰোপৰ বিখ্যাত পণ্ডিত পীয়াৰে আবেলাৰ্ড (Pierre Abélard) আৰু তেওঁৰ প্ৰেয়সী হেলাইছা (Héloïse d’Argenteuil)ৰ সকৰুণ প্ৰেম কাহিনী। প্ৰেম কাহিনীটোৰ মাজেৰে হেলাইছাৰ চৰিত্ৰৰ বিভিন্ন দিশ অতি সুন্দৰভাৱে প্ৰকাশ পাইছে। হেলাইছা প্ৰেমৰ প্ৰতি পৰম একাগ্ৰ আছিল আৰু আবেলাৰ্ডৰ মংগলৰ বাবে নিজৰ সকলো স্বাৰ্থ হেলাৰঙে ত্যাগ কৰিব পাৰিছিল। ফুচুলনিত মান্তি নহ’লে শাৰীৰিক বলৰ আশ্ৰয় লৈ হ’লেও কামনা চৰিতাৰ্থ কৰিবলৈ কুণ্ঠাবোধ নকৰা প্ৰেমিক আবেলাৰ্ডৰ চৰিত্ৰ হেলাইছাৰ তুলনাত তেনেই নিষ্প্ৰভ। প্ৰেমিকৰ সন্তানৰ মাতৃ হৈও আবেলাৰ্ডৰ বিয়াৰ প্ৰস্তাৱ হেলাইছাই প্ৰত্যাখ্যান কৰিছিল, কাৰণ তাই জানিছিল যে সমাজৰ নিয়ম উলংঘা কৰি বিবাহৰ বান্ধোনত সোমালে আবেলাৰ্ডে বিদ্বৎ সমাজত নিজৰ স্থান আৰু মৰ্যাদা হেৰুৱাব, লগতে ককায়েকৰ প্ৰতিহিংসাৰ বলি হ’ব। সেয়ে হেলাইছাই গোটেই জীৱন ৰক্ষিতা হৈয়ে থাকিব বিচাৰিছিল। তেওঁ চিঠিত লিখিছিল— “…তোমাৰ লগত অভিসাৰিকা সম্বন্ধহে মোৰ প্ৰিয়তৰ লাগিছিল। তোমাৰ মনত মোৰ অৱস্থা যিমানেই হীন হয়, সিমানেই তোমাৰ অনুগ্ৰহৰ পাত্ৰী হ’ম যেন ভাবিছিলোঁ।” এয়া হেলাইছাৰ মহানুভৱতা আৰু নাৰী মনৰ অকপট স্বীকাৰোক্তি।
আবেলাৰ্ডক হেলাইছাই প্ৰাণ ভৰি ভাল পায়, তেওঁৰ মংগল কামনাই হৈছে হেলাইছাৰ ধৰ্ম। আবেলাৰ্ডক বাদ দি তেওঁৰ একো অস্তিত্ব নাই। বাণীকান্ত কাকতিয়ে এই ক্ষেত্ৰত কৈছে— “আবেলাৰ্ড আৰু আবেলাৰ্ডৰ প্ৰেমেই তেওঁৰ জীৱন।… এই প্ৰণয়ৰ লক্ষ কি? ডাণ্টে-ব্ৰিয়েটিছ আখ্যানৰ পৰা পুৰুষৰ নিষ্কাম প্ৰেমৰ স্বৰূপ দেখিবলৈ পোৱা যায়। হেলাইছাৰ প্ৰেম সেই শ্ৰেণীৰ নে?এই প্ৰশ্নৰ উত্তৰতেই নাৰী চৰিত্ৰৰ প্ৰকৃতিগত বিশিষ্টতাৰ পৰিচয় পোৱা যায়। কবি টেনিচনে তেওঁৰ এজনী নায়িকাৰ মুখেৰে কোৱাইছে— Who loves me must have a touch of the earth। অৰ্থাৎ নিষ্কাম দেৱতুল্য মানুহে তিৰোতাৰ মন আকৰ্ষণ কৰিব নোৱাৰে। তিৰোতাৰ প্ৰেম কামনাত আৰম্ভ হৈ নিষ্কামতাত ডাণ্টেৰ প্ৰেমৰ ওখ আসনত উঠিব পাৰে।”
হেলাইছাই তেওঁৰ প্ৰেমিকৰ ইচ্ছাৰ প্ৰতি সহৃদয়তা প্ৰকাশ কৰি জীৱনৰ সকলো আশা-আকাংক্ষা প্ৰেমাস্পদৰ আশা আকাংক্ষাত সমৰ্পণ কৰি যৌৱন কালতে সন্ন্যাস ব্ৰত গ্ৰহণ কৰি পুৰুষৰ বাবে নাৰীয়ে কৰিব পৰা ত্যাগৰ নমুনা সমাজত থৈ গ’ল। পুৰুষ সমালোচকসকলে নাৰী হৃদয় সম্পৰ্কে সততে কৰি অহা মন্তব্য ‘a mere nothing’— ‘এটি বিৰাট শূন্যতা’ কথাষাৰৰ প্ৰতিবাদ কৰি কৈছে— “হেলাইছাৰ অকপট আত্মপ্ৰকাশক পাছত সমালোচকে কোৱাৰ দৰে নাৰী হৃদয় বিৰাট শূন্যতা বা অৰূপ শিলাখণ্ড হয়নে নহয় সেইটো আলোচনা নকৰিলেও হ’ব। ই যদি বাস্তৱিকতে শূন্য হয়, ই এনে শূন্য য’ত যকলো ৰূপ-ঝংকাৰ মাৰ গৈ আছে; ই এনে অৰূপ, য’ত সকলো ৰূপ সানমিহলি হৈ আছে; ই যদি বৰণ নোহোৱা হয়, তেন্তে সূৰ্যৰ পোহৰৰ দৰে অবৰ্ণ, য’ত সাতোটা ৰং মিহলি হৈ আছে।”
❧ | আৰু পঢ়ক: নাৰীৰ বিষয়ে কিছুমান সাহসী মন্তব্য
নাৰী চৰিত্ৰ বুজা টান বুলি সকলোৰে মনত এটা ধাৰণা আছে। সঁচাকৈয়ে নাৰী যিমান সহজ-সৰল, সিমান জটিলো। লেখকে প্ৰবন্ধটোৰ মাজেৰে নাৰীৰ মনস্তত্ত্বৰ বিভিন্ন দিশ হেলাইছাৰ মাজেৰে অতি সুন্দৰভাৱে প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে। কিন্তু এটা কথা ক’বই লাগিব, উপন্যাসৰ বাদে অসমীয়া সাহিত্যৰ অন্য ক্ষেত্ৰসমূহৰ মাজত নাৰীবাদী চিন্তাতো বাদেই, নাৰী মনৰ স্বাভাৱিক অনুভূতিবোৰৰ নিঃসংকোচ, সহজ আৰু স্পষ্ট প্ৰকাশ ঘটিবলৈ এতিয়াও বহুত বাকী যেন লাগে। তথাপি ভাৰতবৰ্ষৰ অন্যান্য অঞ্চলতকৈ স্বাভাৱিকতে আগৰে পৰা বহু পৰিমাণে মুক্ত অসমীয়া নাৰীৰ মাজতো নিজৰ প্ৰতি হোৱা অন্যায়-অৱহেলাৰ প্ৰতি সচেতনতা চকুত লগা নহয়। আপাত দৃষ্টিত মুক্ত যেন লগা অসমীয়া নাৰী জানো সঁচাকৈয়ে সামাজিক অথবা পাৰিবাৰিক ক্ষেত্ৰত পুৰুষৰ সমানেই মুক্ত? অসমীয়া সাহিত্যত এই কথাবোৰৰ বহল আলোচনাৰ অৱকাশ আৰু সম্ভাৱনাই নিশ্চিতভাৱে বাট চাইছে।
প্ৰসংগ পুথি:
১. বাণীকান্ত ৰচনাৱলী, সম্পাদনা- ড° মহেশ্বৰ নেওগ
২. বাণীকান্ত কাকতি: ব্যক্তিত্ব আৰু কৃতিত্ব, চিত্ৰৰঞ্জন চৌধুৰী
ফিচাৰড্ ইমেজ: ‘Abaelardus and Heloise surprised by Master Fulbert’, by Jean Vignaud | Public Domain