এ বিপি নিউজ নামৰ টেলিভিচন চেনেলটোৰ পৰিচালন সম্পাদক মিলিন্দ খাণ্ডেকাৰে ১ আগষ্ট তাৰিখে পদত্যাগ কৰিলে। তাৰ পাছদিনাই একেটা চেনেলৰ জ্যেষ্ঠ সাংবাদিক তথা এংকৰ পুণ্য প্ৰসূন বাজপাই (Punya Prasun Bajpai)-এ পদত্যাগ কৰিলে। চেনেলটোৰ আন এজন জ্যেষ্ঠ সাংবাদিক অভিসাৰ শৰ্মাক কর্তৃপক্ষই পোন্ধৰ দিনৰ ছুটী ল’বলৈ বাধ্য কৰিলে। একেটা টেলিভিচন চেনেলৰ তিনিজনকৈ সাংবাদিকৰ একে সময়তে পদত্যাগ আৰু ছুটীয়ে স্বাভাৱিকতে ৰহস্য আৰু কৌতুহলৰ উদ্রেক কৰে। যোৱা ৬ আগষ্ট তাৰিখে পুণ্য প্ৰসূন বাজপাইয়ে ‘দ্য ৱায়াৰ’ (thewire.in) নামৰ সংবাদ পৰ্টেলটোত লিখা এটা প্রবন্ধই এই কৌতুহল নিৰসন কৰাৰ লগতে আমাৰ সংবাদ জগতত ৰাজনৈতিক নেতা আৰু চৰকাৰৰ অশুভ দখলদাৰীৰ কিছু ভয়ংকৰ দিশ মুকলি কৰিছে। (বাজপাইৰ প্ৰবন্ধটোৰ অসমীয়া অনুবাদ ১১ আগষ্ট সংখ্যা ‘আমাৰ অসম’ কাকতত প্রকাশিত হৈছে। প্ৰবন্ধটো পঢ়িবলৈ ইয়াত ক্লিক কৰক।)
বাজপাইয়ে অনুভৱ কৰা মতে, পদত্যাগ কৰিব লগীয়া হোৱা পৰিস্থিতিটোৰ গজালি মেলিছিল এই বছৰৰে ২০ জুন তাৰিখে। সেইদিনা প্রধান মন্ত্রী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্স যোগে ছট্টিছগড়ৰ কিছু কৃষকৰ লগত কথা পাতিছিল আৰু সেই বার্তালাপ বিভিন্ন মাধ্যমেৰে সম্প্ৰচাৰিত হৈছিল। চন্দ্রমণি কৌশিক নামৰ এগৰাকী মহিলাই প্রধান মন্ত্রীৰ প্রশ্নৰ উত্তৰত তেওঁৰ আয় আগৰ তুলনাত দুগুণ হোৱা বুলি জনাইছিল আৰু সেই ভাষ্য শুনি প্রধান মন্ত্রীৰ দৈহিক ভংগীত আত্মতুষ্টিৰ ভাব ফুটি ওলাইছিল। এই কাৰবাৰটোৰ সঁচা-মিছাৰ বুজ লোৱাৰ উদ্দেশ্যে পুণ্য প্ৰসূন বাজপাইয়ে সাংবাদিক প্ৰেৰণ কৰি চন্দ্রমণি কৌশিকৰ পৰা তথ্য উদ্ধাৰ কৰে যে তেওঁৰ আয় দুগুণ হোৱা কথাটো সত্য নহয়, দিল্লীৰ পৰা অহা কিছু চৰকাৰী বিষয়াই শিকাই দিয়া মতে তেওঁ ভিডিঅ’ কনফাৰেন্সত কথা কৈছিল। এই তথ্য আৰু ভিজুৱেল বাজপাইয়ে ৬ জুলাই তাৰিখৰ তেওঁৰ ‘মাষ্টাৰষ্ট্ৰোক’ নামৰ প্রাইম টাইম অনুষ্ঠানত সম্প্রচাৰ কৰে। এই সম্প্রচাৰৰ পাছৰে পৰা বিভিন্ন প্রকাৰে এবিপি চেনেল, পৰিচালন সম্পাদক মিলিন্দ খাণ্ডেকাৰ আৰু এংকৰ পুণ্য প্ৰসূন বাজপাইৰ ওপৰত হেঁচা পৰিবলৈ ধৰিলে। সামাজিক মাধ্যমত ট্রলিং (trolling) আৰম্ভ হ’ল। তথ্য-সম্প্রচাৰ ৰাজ্য মন্ত্রী ৰাজ্যবর্ধন সিং ৰাথোৰৰ টুইটৰ ভাষাও নিনাও ট্রলৰ ভাষাৰ দৰে গুৱালগালিৰ পর্যায়লৈ নামিল। তাৰ মাজতে অভিসাৰ শৰ্মাই লক্ষ্ণৌৰ এটা গুলীচালনাৰ ঘটনাক লৈ কৰা বাতৰিয়ে জ্বলা জুইত ঘিউ ঢালিলে। সেই বাতৰিটোত উত্তৰ প্ৰদেশৰ আইন-শৃংখলাৰ পৰিৱেশ লৈ প্রশ্ন তোলা হৈছিল। এবিপি নিউজৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়াই মিলিন্দ খাণ্ডেকাৰক হেঁচা প্রয়োগ কৰিলে পুণ্য প্ৰসূন বাজপাই আৰু অভিসাৰ শৰ্মাক নিয়ন্ত্ৰণত ৰাখিবলৈ। তাৰ পাছত বাজপাইক মাতি নি নির্দেশ দিলে, তেওঁৰ অনুষ্ঠানত প্রধান মন্ত্রী নৰেন্দ্ৰ মোদীৰ নাম উল্লেখ নকৰিবলৈ, নৰেন্দ্ৰ মোদীৰ ছবি নেদেখুৱাবলৈ। এই সম্পর্কত বাজপাইৰ ভাষ্য— নৰেন্দ্ৰ মোদী চৰকাৰ গঠন হোৱাৰ পৰা বিগত প্রায় চাৰে চাৰি বছৰত চৰকাৰে ১০৬খন আঁচনি ঘোষণা কৰিছে আৰু প্রত্যেকখন আঁচনি খোদ নৰেন্দ্ৰ মোদীয়েই ৰাজহুৱা কৰিছে, তেনে ক্ষেত্ৰত নৰেন্দ্ৰ মোদীৰ নাম নোকোৱাকৈ বা নৰেন্দ্ৰ মোদীৰ ভিজুৱেল নেদেখুৱাকৈ এইবোৰৰ বিষয়ে বাতৰি কৰা সম্ভৱনে? আঁচনি ঘোষণাৰ তুষ্টিখিনি নৰেন্দ্ৰ মোদীক অকলেই লাগে, কিন্তু সেইবোৰৰ বিফলতাৰ দায়িত্ব তেখেতে নলয় আৰু সেই বিষয়ে প্রচাৰ হোৱাটোও তেখেতৰ বাবে মর্যাদা হানিকৰ! তেনেহ’লে উপায়? এবিপি নিউজক হেঁচা— এবিপিৰ হেঁচা খাণ্ডেকাৰক আৰু ফলশ্রুতিত দুজন সাংবাদিকৰ পদত্যাগ আৰু এজন ছুটীত যাবলৈ বাধ্য!
বিভিন্ন মাধ্যমত বিভিন্ন জনে কৈছে যে দেশত বর্তমান এক অঘোষিত জৰুৰী অৱস্থা চলিছে। এবিপি নিউজৰ ঘটনাটো ইয়াৰ এক শেহতীয়া উদাহৰণ। ঘোষিত জৰুৰী অৱস্থাতকৈ অঘোষিত জৰুৰী অৱস্থা বেছি ভয়াবহ; কাৰণ ইয়াক অতি সহজে অস্বীকাৰ কৰিব পাৰি আৰু সেই অস্বীকাৰৰ আঁৰত দেশ-সমাজ-সংবিধানৰ বাবে ক্ষতিকাৰক, অৰুচিকৰ কর্মকাণ্ড চলাই যাব পাৰি। এই অৰুচিকৰ কর্মকাণ্ড নির্বিঘ্নে চলাই ৰাখিবলৈ মানুহৰ প্রতি মানুহৰ সন্দেহ আৰু ঘৃণা সমাজৰ সর্বস্তৰত বিয়পাই দিয়াটো দৰকাৰী। তাতোকৈয়ো দৰকাৰী বুকুৱে বুকুৱে ভয়ৰ স্থিতি গজগজীয়া কৰাটো। আৰু সেইবাবেই সম্প্রতি খুব পদ্ধতিগতভাৱে সমাজত ঘৃণা আৰু ভয়ৰ প্ৰতিষ্ঠাপন (installation) চলিব লাগিছে।
শাসকৰ দ্বাৰা সাংবাদিক নিগ্রহ বা সংবাদ মাধ্যমৰ ওপৰত আক্রমণ কোনো নতুন কথা নহয়। দেশে দেশে আৰু আমাৰ দেশতো সাংবাদিক নিগ্রহ আৰু চেন্সৰশ্বিপৰ নজহা-নপমা ইতিহাস আছে। কিন্তু শেহতীয়া সময়ত যি হাৰত আমাৰ সংবাদ জগতত ভয়ৰ ৰোপণ চলিব লাগিছে, সি অভূতপূর্ব। এই ভয় বিভিন্ন প্রকাৰৰ— চৰিত্র হননৰ ভয়, প্রাণ হৰণৰ ভয়, আয়ৰ উৎস নাইকিয়া হোৱাৰ ভয়।
পুণ্য প্ৰসূন বাজপাইয়ে কোৱা মতে, তথ্য-সম্প্রচাৰ মন্ত্রণালয়ৰ ২০০জন বিষয়া-কৰ্মচাৰীয়ে প্রতি মুহূর্ততে ভাৰতীয় সংবাদ মাধ্যম, বিশেষকৈ বাতৰি চেনেলসমূহ নিৰীক্ষণ কৰি আছে। চৰকাৰৰ বাবে অস্বস্তিকৰ কোনো বাতৰি প্ৰচাৰ হোৱা যেন দেখিলেই সেই চেনেললৈ চৰকাৰৰ পৰা নির্দেশ যায় তেনে বাতৰিৰ প্ৰচাৰ বন্ধ কৰিবলৈ। আৰু কেনে বাতৰি কেনেকৈ প্রচাৰ কৰিব লাগিব, তাৰো উপদেশনামা প্রেৰিত হয়। চেনেলৰ সম্পাদকে সেয়া পালন নকৰিলে পৰৱর্তী পর্যায়ত চেনেলৰ স্বত্ত্বাধিকাৰৰ লগত চৰকাৰে ‘বুজা-পৰা’ কৰে। এই বুজা-পৰাত হেঙাৰ হোৱা সাংবাদিকৰ পৰিণতি মিলিন্দ খাণ্ডেকাৰ, পুণ্য প্ৰসূন বাজপাইৰ দৰে হয়। এই ধৰণেই চলিছে এতিয়াৰ ভাৰতীয় ৰাষ্ট্রীয় সংবাদ মাধ্যম। কিছু দিনৰ আগতে ‘কোব্রাপষ্ট’ (cobrapost.com) নামৰ নিউজ পৰ্টেলটোৱে চলোৱা এক বৃহদাকাৰ ষ্টিং অপাৰেচনত ভাৰতীয় সংবাদ মাধ্যমত চলি থকা এনে অশুভ কার্যকলাপ আৰু ভয়ংকৰ দিশ কিছুমান পোহৰলৈ আহিছিল।
এই ধৰণৰ অশুভ দখলদাৰী আৰু অনৈতিক লাভৰ লোভত অধিকাংশ ৰাষ্ট্ৰীয় বাতৰি চেনেলেই সম্প্রতি চৰকাৰী পক্ষ আৰু শাসকীয় দলৰ মুখপাত্ৰত পৰিণত হোৱা দেখা পোৱা গৈছে। এনে প্রেক্ষাপটতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় সংবাদ মাধ্যমে যথেষ্ট কুখ্যাতি অর্জন কৰিছে। সাংবাদিকতাৰ অন্যতম প্রাথমিক বৈশিষ্ট— ‘প্রশ্ন কৰা’— এতিয়া ভাৰতীয় সংবাদ মাধ্যমত অদৃশ্য হৈ পৰিছে। সাংবাদিকে যদি প্রশ্নই নকৰে, সাধাৰণ জনতাই জিজ্ঞাসা পূৰণ কৰিব কেনেকৈ? প্রশ্নকর্তাৰ প্রশ্ন যদি উত্তৰদাতাৰ শ্ৰুতলিপি অনুযায়ী হয়, জনতাই প্রকৃত তথ্য পাব কেনেকৈ? স্বার্থান্বেষী ৰাজনীতিকৰ অজস্ৰ মিছা কথা আৰু অপপ্রচাৰ ফাদিল কৰাৰ সলনি সংবাদ মাধ্যমে যদি সেইবোৰ গৰিমামণ্ডিত কৰি প্ৰচাৰহে কৰে, সাধাৰণ জনগণৰ পৰিত্ৰাণৰ পথ কি? পুণ্য প্ৰসূন বাজপাইৰ নিচিনা প্রশ্ন কৰিব বিচৰা বা নির্মোহভাৱে আলোচনা কৰিব বিচৰা অৱশিষ্ট সাংবাদিকক বিভিন্ন প্রকাৰে ব্যতিব্যস্ত আৰু অকলশৰীয়া কৰি পেলোৱাৰ কৌশল ৰচিত হৈছে। জ্যেষ্ঠ সাংবাদিক কৰণ থাপাৰৰ শেহতীয়া আত্মজৈৱনিক গ্রন্থ ‘ডেভিলচ এডভোকেট’ (জুলাই, ২০১৮)ত বিজেপি দলে কেনেকৈ তেওঁক বয়কট কৰিছে, সেয়া মুকলিকৈ আলোচনা কৰিছে।
এই ধৰণৰ পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে কিছুমান বিকল্প চিন্তাৰ উকমুকনি ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। ইণ্টাৰনেটৰ প্ৰসাৰ আৰু সহজলভ্যতাৰ সুবাদত সংবাদ মাধ্যমেও ডিজিটেল জগতত প্ৰসাৰ লাভ কৰিছে। ডাঙৰ ডাঙৰ সংবাদ প্রতিষ্ঠানবোৰৰ লগতে অপেক্ষাকৃত সৰু কিন্তু উৎসর্গীকৃত আৰু জনগণৰ দ্বাৰা গঠিত পুঁজিৰে চালিত সংবাদ প্রতিষ্ঠানৰ উত্থান ইণ্টাৰনেট জগতত দেখা পোৱা গৈছে। ‘দ্য ৱায়াৰ’, ‘স্ক্ৰল’ (scroll.in) আদি এই ধৰণৰ ৱেবপৰ্টেল জনগণৰ পুঁজিৰে চালিত (crowd funded) হয়। সেইবাবেই টি আৰ পি, বিজ্ঞাপন আদিৰ হেঁচাৰ পৰা মুক্ত হৈ এই চাইটবোৰে জনগণৰ পইছাৰে জনগণৰ স্বাৰ্থত মাত মাতিব পাৰিছে। আৰু এই প্রৱণতাটো দেখা পোৱাৰ বাবেই হয়তো ওপৰত কৈ অহা ‘ভয়’ৰ প্ৰতিষ্ঠাপনটো সামাজিকভাৱে গজগজীয়া কৰিব বিচৰা হৈছে। কেনেকৈ?
নিউজ ৱেবচাইট আৰু সামাজিক মাধ্যমসমূহ অংগাগীভাৱে সংযুক্ত। ইয়াৰ জৰিয়তে পাঠক বা দর্শক এজনে তৎকালীনভাৱে বাতৰি এটা, প্রবন্ধ এটা বা প্রতিবেদন এখনৰ সম্পৰ্কত নিজৰ প্রতিক্রিয়া প্রকাশ কৰিব পাৰে, যিটোৱে পাৰস্পৰিক আলোচনাৰ মাধ্যমেৰে সমাধান সূত্র বা নতুন চিন্তাৰ উন্মেষ ঘটোৱাত ইতিবাচক ভূমিকা গ্রহণ কৰে। এই প্রক্রিয়াটো চৰকাৰ বা শাসক পক্ষৰ বাবে মুঠেই সুখকৰ বা সুবিধাজনক নহয়। সেয়েহে এনে ধৰণৰ আলোচনাত যাতে নাগৰিকে মুক্তভাৱে অংশগ্রহণ কৰিবলৈ শংকা কৰে, তাৰ বাবে ভয় তৈয়াৰ কৰিবলৈ অকথ্য-অশ্রাব্য ভাষাৰে গালি-গালাজ কৰিবলৈ শাসকীয় পক্ষই ট্রল বাহিনী গঠন কৰিছে। এই ট্রল বাহিনীয়ে আলোচনা, প্রশ্নৰ মাজত মর্যাদা হানিকৰ মন্তব্য দিব, গালি পাৰিব, প্রাণনাশৰ ভাবুকি দিব। ফলত জনতাই লাহে লাহে এই আলোচনা-বিলোচনাত অংশগ্রহণ কৰিবলৈ, মন্তব্য দিবলৈ এৰি দিব। সামাজিক মাধ্যমবিলাকৰ বহুল অংশ অতি সম্প্রতি ৰাজনৈতিক দলৰ ট্রল বাহিনীৰ দখলত,— সমাজৰ সর্বস্তৰত ভয় বিয়পাই দিবলৈ শাসকীয় পক্ষৰ ই এক ভয়ংকৰ অস্ত্র!
নাগৰিক আৰু সংবাদ মাধ্যমৰ পৰা মূল প্রশ্নবিলাক লুকুৱাই ৰাখিবলৈ আৰু প্রশ্ন সোধাৰ অভ্যাসক বাৰণ কৰিবলৈ এনে ধৰণেই বর্তমান শাসক পক্ষই অনেক যুগুতি কৰি ৰাখিছে। আক্ষৰিক অর্থতেই কৌটিল্যৰ ‘উপায় চতুষ্টয়’— “সাম-দান-দণ্ড-ভেদ” (সাম- সহযোগিতা, বুজনি; দান- উপঢৌকন, উপহাৰ; দণ্ড- শাস্তি, ভয়; ভেদ- ভাগ কৰা, হৰণ কৰা)ৰ পূর্ণ প্রয়োগ ঘটিছে আধুনিক ডিজিটেল ভাৰতবৰ্ষত! সর্ববৃহৎ গণতান্ত্রিক দেশখনৰ অৱশিষ্ট গণতন্ত্র আৰু নাগৰিকৰ বাবে যমৰ দুৱাৰ মুকলি কৰিছে মনু-কৌটিল্য যুগৰ ধ্যান-ধাৰণাই। সর্ববৃহৎ গণতন্ত্র বুলি গৌৰৱ কৰিলেও, ডিজিটেল ইণ্ডিয়া বুলি শ্লোগান আঁৰিলেও খুব কৌশলেৰে দেশখনক মনু-কৌটিল্যৰ যুগলৈ চোঁচোৰাই লৈ যাব খোজা হৈছে। বিয়পাই দিয়া হৈছে ঘৃণা আৰু ভয় চৌদিশে।
কোনে ৰক্ষা কৰিব ক্ৰমে ৰাজতান্ত্রিক হৈ যাব খোজা এইখন দেশ? ঘৃণা আৰু ভয়ক সমাজৰ অংগ কৰি পেলাব খোজা শক্তিৰ পৰা দেশখনে উদ্ধাৰ কেনেকৈ পাব? এই মুহূর্তত নাগৰিক সমাজে এই পৰিস্থিতিটো আৰু পৰিস্থিতিটোৱে কঢ়িয়াই অনা ভয়ংকৰ দিশবিলাক বুজি উঠাটো বৰ দৰকাৰী হৈ পৰিছে। ক্ষুদ্র স্বার্থ কিছুমান ত্যাগ কৰি ভৱিষ্যতৰ প্রজন্ম আৰু ভৱিষ্যতৰ ভাৰতবৰ্ষখনৰ স্বাৰ্থত থিয় হোৱাটো বৰ জৰুৰী হৈ পৰিছে। দেশখনৰ অধিকতৰ মানুহে কথাবোৰ উপলব্ধি কৰা প্রক্রিয়াটোৰ মাজতে হয়তো লুকাই আছে এই ৰুদ্ধশ্বাস পৰিৱেশৰ পৰা পৰিত্ৰাণৰ পথ— ঘৃণা আৰু ভয়ৰ সামাজিকীকৰণৰ প্রক্রিয়া দলিয়াই পেলোৱাৰ শুভবোধ।