ফেঁ চা বুলিলেই আমাৰ বহুতৰে মন অজানিতে শিঁয়ৰি উঠে৷ সচৰাচৰ দেখা পোৱা চৰাই-চিৰিকটিবোৰৰ ভিতৰত লোকবিশ্বাসত ফেঁচাৰ আসনখন যেন কিছু বেলেগ— কিছু ৰহস্যময় আৰু শিহৰণকাৰী! ফেঁচাক লৈ জন্ম হৈছে নানা লোককথা আৰু অন্ধবিশ্বাসৰ৷ গভীৰ নিশা ফেঁচাৰ নিউ নিউ মাত শুনিলে বহুতৰে মন মৃত্যুৰ আশংকাত ভীতিবিহ্বল হৈ পৰে৷ তেনেদৰে ফেঁচাৰ উৰুলি শুনি কাৰোবাৰ বিয়াৰ লগন পৰিছে বুলিও বহুতে ভাবে৷ কেৱল অসমতে নহয়, দেশ-দেশান্তৰৰ লোকবিশ্বাস আৰু কৃষ্টিত ফেঁচাই অতীজৰে পৰা এই অবাঞ্ছিত ভূমিকা লাভ কৰি আহিছে৷ অৱশ্যে, ভাৰতত হিন্দুৰ দেৱী লক্ষ্মীৰ বাহন হিচাপে শুকুলা ফেঁচাক জ্ঞান আৰু ঐশ্বৰ্যৰ প্ৰতীক বুলি মনা হয়৷ এই ফেঁচাবিধ ‘Barn owl’ বুলি ভবা হয়৷ প্ৰচলিত মতবাদ মতে, প্ৰাচীন ৰোমত যুদ্ধৰ সময়ত সৈনিকে ফেঁচাৰ মাত অনুকৰণ কৰি শত্ৰুৰ আক্ৰমণৰ সংকেত দিছিল৷ ফলত ই অমংগলৰ এক প্ৰতীক ৰূপে ৰৈ গ’ল৷ ফেঁচাৰ দেহৰ অনুপাতে প্ৰকাণ্ড চেপেটা মুখ, ডিঙি ঘূৰাই চাব পৰা ক্ষমতা, নিশাচৰ অভ্যাস— সকলো মিলি ইহঁতক মানুহৰ দৃষ্টিত ৰহস্যময় কৰি তোলে৷ তদুপৰি গভীৰ নিশা ভাহি অহা ফেঁচাৰ বিশেষ মাতেও এক শিহৰণ জগাই তোলাটো স্বাভাৱিক৷ ইহঁতে প্ৰায়ে গাৱেঁ-ভূঞে থকা পুৰণি আৰু বৃহৎ গছত নিশা খাদ্য বা লগৰীয়াৰ সন্ধানত পৰেগৈ৷ এনে গছ সাধাৰণতে শ্মশানৰ ওচৰে পাজৰেও থাকে, সেয়ে এনে ঠাইৰ পৰা ভাহি অহা মাতৰ বাবে মানুহে ফেঁচাক অপশক্তিৰ বাহক বুলি গণ্য কৰিবলৈ ল’লে যেন ভাব হয়৷
এণ্টাৰ্কটিকাৰ বাহিৰে পৃথিৱীৰ প্ৰায় সকলো ঠাইতে ফেঁচা দেখা পোৱা যায়৷ সমগ্ৰ বিশ্বত কমেও ১৫০ বিধ ফেঁচাৰ প্ৰজাতি আছে৷ ইহঁতৰ মাইকী চৰাইজনী মতাটোতকৈ সাধাৰণতে আকাৰত কিছু ডাঙৰ হয়৷ ফেঁচা প্ৰধানতঃ এবিধ নিশাচৰ চৰাই৷ ইয়াৰ শাৰিৰীক গঠনো অন্য চৰাইতকৈ যথেষ্ট বেলেগ৷ মুখখন ঘূৰণীয়া চেপেটা, দুচকু বৃহৎ আকাৰৰ আৰু ঠেংকেইখন নোমাল৷ ফেঁচাৰ চকু দুটা ‘স্ক্লেৰ’টিক ৰিং’ (Sclerotic ring) নামৰ এক হাড়েৰে আবৰি থাকে বাবে ই কেৱল পোনে পোনেহে চাব পাৰে৷ কাষৰীয়াকৈ চাব লগা হ’লে সেয়ে ই মূৰটো ঘূৰাই চাব লাগে৷ তাৰ বাবে ইয়াৰ ডিঙি বিশেষভাৱে অভিযোজিত, ফলত ই মূৰটো ২৭০ ডিগ্ৰীলৈকে ঘূৰাব পাৰে৷ তেনেদৰে নিশা চিকাৰ কৰিবৰ বাবেও ইয়াৰ শ্ৰৱণ শক্তি অতি শক্তিশালী৷ এই অভিযোজনৰ বাবে ফেঁচাৰ কাণদুখন কেতিয়াবা অলপ তল-ওপৰকৈ থাকে৷ ফেঁচাই জীৱন্ত প্ৰাণী, যেনে পোক-পৰুৱাৰ পৰা আৰম্ভ কৰি সৰু স্তন্যপায়ী প্ৰাণীও চিকাৰ কৰি খায়৷ বহুতে ভাবে, ফেঁচাৰ এশ এটা মাত আছে৷ বিভিন্ন সময়ত মানুহক বিভিন্ন বাৰ্তা বা আগজাননী দিবলৈ ই বেলেগ বেলেগ মাত ব্যৱহাৰ কৰে৷ কথাটো একধৰণে সঁচা৷ কিন্তু, ডাঙৰ ভুল ধাৰণাটো হৈছে, ই মানুহক আগজাননী দিবলৈ বেলেগ বেলেগ মাত নুলিয়ায়, প্ৰকৃততে নিজৰ উদেশ্যৰ বাবেহে বেলেগ বেলেগ মাত দিয়ে৷ প্ৰায়বোৰ চৰাইৰে মাতৰ উদেশ্য হ’ল, নিজৰ মাজত যোগাযোগ কৰা৷ মতাই মাইকী চৰাইক মোহিবলৈ সুললিত কণ্ঠেৰে গান (bird song) গায়, এটা মতা চৰায়ে অন্য এটাক নিজৰ বাসস্থান বা টেৰিটৰীৰ ভিতৰত নোসোমাবলৈ সঁকীয়াই দিওঁতে এবিধ বিশেষ মাত (territorial call) উলিয়ায়৷ তেনেকৈ শত্ৰুৰ আগমণৰ ইংগিত দিবলৈয়ো চৰায়ে এবিধ বিশেষ মাত (alarm call) মাতে৷ ফেঁচাৰ ক্ষেত্ৰতো একে কথাই খাটে৷
অসমত বিশ বিধ ফেঁচাৰ প্ৰজাতি দেখা পোৱা যায়৷ ইয়াৰে ভয়ংকৰ বুলি লোকবিশ্বাসত গণ্য কৰা প্ৰজাতিটো হৈছে— Forest-Eagle Owl (Bubo nipalensis)৷ অতীজৰে পৰা অসমকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত এই চৰাইবিধক মৃত্যু-সংবাদৰ বাহক বুলি গণ্য কৰি ‘Devil Bird’ নামেৰে জনা যায়৷ কিন্তু, ঘৰৰ চালত বা আশে পাশে গছৰ ডালত পৰি ‘নিউ নিউ’ মাতেৰে প্ৰকৃততে ই মানুহক মৃত্যুৰ আগজাননী নিদিয়ে; লগৰীয়াৰ সৈতে যোগাযোগহে কৰে৷ এনে মাত বিশেষ সময়তহে শুনিবলৈ পোৱাৰ কাৰণ হ’ল, প্ৰজননৰ সময়তহে সচৰাচৰ ই এনে গান গায়৷ ভাৰতত ঠাই বিশেষে প্ৰজনন কাল ভিন্ন যদিও অসমৰ ফালে ই ফেব্ৰুৱাৰী-মাৰ্চ মাহত প্ৰজনন কৰে বুলি জনা যায়৷ ইয়াৰ দেহৰ আকাৰ বৃহৎ আৰু সেই অনুপাতে কেৰ্কেটুৱা, বনকুকুৰা, ময়ূৰৰ পৰা পোৱালি সুগৰি পহুও ইহঁতে চিকাৰ কৰিব পাৰে৷ তেনেদৰে উৰুলিৰ দৰে গান গোৱা ফেঁচাবিধ হ’ল— Asian barred Owlet (Glaucidium cuculoides)৷ ইয়াৰ দেহৰ আকাৰ তুলনামূলকভাৱে সৰু৷ ইহঁত নিশাচৰ নহয়, দিনৰ ভাগতহে বিশেষকৈ সক্ৰিয় হৈ থাকে৷ ইয়াৰ মাতো কেইবাবিধো বুলি জনা যায়৷
Asian barred Owlet-অৰ মাত
মৃত্যুৰ আগজাননী দিয়া বুলি অপবাদ পোৱা ফেঁচাৰ বৰ্তমান নিজৰ জীৱনলৈয়ে শংকা আহি পৰিছে মানুহৰ এই অন্ধবিশ্বাসবোৰৰ ফলস্বৰূপে৷ TRAFFIC নামৰ বন্যপ্ৰাণীৰ বেহা নিয়ন্ত্ৰণ কৰা সংস্থাটোৰ শেহতীয়া তথ্য অনুসৰি ভাৰতৰ বিভিন্ন ঠাইত অন্ধবিশ্বাসৰ বলি হৈ মৃত্যুমুখত পৰা ফেঁচাৰ সংখ্যা বৃদ্ধি পাইছে৷ বিশেষকৈ দীপাৱলীৰ দিনা হিন্দু পৰম্পৰা মানি বহুতে ফেঁচা বলি দিয়ে৷ ফেঁচাৰ দেহৰ বিভিন্ন অংশ তথাকথিত দৰৱৰ নামত চোৰাংভাৱে বিক্ৰী হয়৷ তেনেদৰে ৰাইজক আভুঁৱা ভৰা তান্ত্ৰিক-বাবা জাতীয় লোকেও ফেঁচাৰ পাখি, চকু, কণী আৰু অন্যান্য অংগ প্ৰত্যংগ ব্যৱহাৰ কৰে৷
❧ | আৰু পঢ়ক: বৰঘৰৰ মেকুৰী সৰুঘৰলৈ গ’লেই যেনিবা, তাতেনো কি অমঙ্গল হ’ল!
এই নিমাখিত চৰাইবিধে মানুহৰ অপকাৰ সধা দূৰৰে কথা, বৰং ই মানুহৰ বসতিস্থলৰ পোক-পতংগ, নিগনি আদি চিকাৰ কৰি প্ৰাকৃতিকভাৱে মহামাৰী নিয়ন্ত্ৰণৰ কামহে কৰে৷ সেয়ে ই খাদ্যজালৰ সমতা ৰক্ষা কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ বিশেষকৈ খেতি-প্ৰধান অঞ্চল এটাত ফেঁচাই উৎপাদন বৃদ্ধিতো বহুলভাৱে সহায় কৰিব পাৰে৷ পুৰণি কালত বতাহ-বৰষুণলৈকো ভয় কৰা মানুহৰ সমাজ এখনত অজ্ঞানতাৰ আন্ধাৰত জন্ম হোৱা এইবোৰ অন্ধবিশ্বাসৰ পৰা আধুনিক সমাজ মুক্ত নোহোৱাটো অতি পৰিতাপৰ কথা৷ ৰাইজ সচেতন নহ’লে সংকটৰ গৰাহত পৰা অন্য বহুতো আপুৰুগীয়া জীৱ-জন্তু, চৰাই-চিৰিকটিৰ দৰে এই চৰাইবিধো অদূৰ ভৱিষ্যতে আমাৰ মাজৰ পৰা হেৰাই যাব৷
❧ | আৰু পঢ়ক: