বৈদিক যুগৰ ভাৰতীয় নাৰী

বৈদিক যুগৰ ভাৰতীয় নাৰী
  • 28 Dec, 2020

ভা ৰতবৰ্ষৰ ইতিহাসৰ সোণালী যুগ হৈছে বৈদিক যুগ। এই কালছোৱাত ভাৰতবৰ্ষৰ বৌদ্ধিক উৎকৰ্ষই উচ্চ শিখৰত প্ৰতিষ্ঠিত হ’বলৈ সক্ষম হৈছিল। ফলত সামাজিক আৰু সাংস্কৃতিক দিশতো এই যুগে উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে। এই কালছোৱাত সকলো ব্যক্তিকে যোগ্যতা অনুসৰি ঘৰুৱা আৰু সামাজিক সকলো কামতে সম অধিকাৰ আৰু সম মৰ্যাদা প্ৰদান কৰা হৈছিল। লিঙ্গবৈষম্য সেই সময়ত নাছিল। সেয়েহে প্ৰত্যেকজন ব্যক্তিয়ে বিনা প্ৰতিবন্ধকতাৰে নিজৰ যোগ্যতা অনুসৰি নিজৰ সমাজৰ বিকাশত অৰিহণা যোগাব পাৰিছিল।

‘বেদ’ শব্দটো সংস্কৃত ‘ৱিদ’ ধাতুৰ পৰা আহিছে। ৱিদ+অচ্‌=ৱেদ। বেদ মানে জ্ঞান, পৰম জ্ঞান। যাজ্ঞবল্ক্যই কৈছে—

প্ৰত্যেক্ষেনানুমিত্যা বা যস্তূ পায়ো ন ৱিদ্যতে।
এনং বিদন্তি ৱেদেন তস্মাদ ৱেদস্য ৱেদতা॥

অৰ্থাৎ প্ৰত্যক্ষ বা অনুমানৰ দ্বাৰা যি জ্ঞান লাভ কৰাৰ কোনো উপায় নাই, সেই অতীন্দ্ৰিয় জ্ঞান ‘বেদ’ৰ পৰা লাভ হয়। সেইবাবে এই ধৰ্মগ্ৰন্থক বেদ বোলা হয়। বেদক ত্ৰয়ী বিদ্যা বা ত্ৰয়ী বোলা হয়। ঋগবেদ, সামবেদ আৰু যজুৰ্বেদ,— এই তিনিখন বেদক একেলগে ত্ৰয়ী বোলা হয়। এইমতে অথৰ্ববেদ ত্ৰয়ী বিদ্যাৰ অন্তৰ্ভুক্ত নহয়। অথৰ্ববেদত যিবিলাক মন্ত্ৰ আছে, সেইবোৰৰ ঋক আৰু যজুৰ্মন্ত্ৰৰ লক্ষণৰ দৰে পৃথক কোনো বিশিষ্ট লক্ষণ নাই বুলি এদল পণ্ডিতে মত পোষণ কৰে। কিন্তু এই মত যুক্তিসংগত নহয় বুলি আন এদল পণ্ডিতে যুক্তি প্ৰদৰ্শন কৰিছে।

বেদ শব্দৰ কেইটামান প্ৰতিশব্দ প্ৰচলিত আছে; যেনে— শ্ৰুতি, ত্ৰয়ী, আগম, ছন্দস্‌ প্ৰভৃতি। অনাদি কালৰ পৰা বেদ গুৰু-শিষ্য পৰম্পৰাৰে শ্ৰৱণ, বিধৃত আৰু স্মৃতি-মণ্ডিত হৈ চলি আহিছিল। বহুকালৰ পাছত ইয়াক লিপিবদ্ধ ৰূপত পোৱা গৈছে।

বেদ শব্দৰ অৰ্থ হৈছে জ্ঞান (to know something))। প্ৰাচ্য পণ্ডিত ড° প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ মতে, বেদ হৈছে জনসাধাৰণৰ প্ৰাচীন জ্ঞান (Ancient knowledge of the folk)। বেদ বুলিলে সংহিতা চাৰিখন, প্ৰত্যেক বেদৰ ব্ৰাহ্মণসমূহ, আৰণ্যকসমূহ আৰু উপনিষদৰাজিক বুজায়। গতিকে বেদৰ এটি বিশেষ কাল নিৰ্ণয় কৰা কঠিন। কিয়নো মন্ত্ৰ, ব্ৰাহ্মণ, আৰণ্যক আৰু উপনিষদসমূহৰ সৃষ্টিৰ কাল ভিন ভিন। গতিকে সমগ্ৰ বেদৰ কাল নিৰ্ণয় কৰা অতি দুঃসাধ্য কাম আৰু সেইবাবে মেক্স মূলাৰে কৈছে— Whether the Vedic hymnsä; were composed in 1000 or 1500 or 2000 or 3000 BC, no power on earth will ever determine।

❧ | আৰু পঢ়ক: বেদৰ পৰিচয়

ভিণ্টাৰনিৎসে তেওঁৰ History of Indian Literature গ্ৰন্থৰ প্ৰথম খণ্ডত বিস্তাৰিতভাৱে বৈদিক সাহিত্যৰ ইতিহাস সম্পৰ্কে আলোচনা কৰিছে। বেদৰ সৃষ্টি সম্পৰ্কে তেওঁ কৈছে যে অতি প্ৰচীন কাল বা অতি আধুনিক কাল বুলি ধৰা উচিত নহয়। তেওঁৰ মতে ২৫০০ খ্ৰীষ্টপূৰ্ব বেদৰ সৃষ্টিৰ সময়।

বৈদিক যুগৰ নাৰী

পৌৰাণিক ভাৰতবৰ্ষৰ গৌৰৱোজ্জ্বল এই সময়ছোৱাত নাৰীয়ে সমাজত উচ্চ মৰ্যাদা লাভ কৰিছিল। তেওঁলোকে পুৰুষৰ লগতে শিক্ষাৰ সম অধিকাৰ লাভ কৰিছিল। বৰ্তমান সমাজত প্ৰচলিত কিছুমান কু-প্ৰথা, যেনে— পৰ্দা প্ৰথা, সতীদাহ প্ৰথা, বিধৱাৰ ওপৰত চলা আতিশয্য, বাল্য বিবাহ আদি সেই সময়ত প্ৰচলিত নাছিল।

বেদ অধ্যয়নৰ মাঙ্গলিক অনুষ্ঠান উপনয়ন ল’ৰা-ছোৱালী সকলোৰে বাবে প্ৰযোজ্য আছিল। ছাত্ৰ জীৱনটোকে ব্ৰহ্মচৰ্য বুলি কোৱা হৈছিল। ব্ৰহ্মচৰ্য কাল শেষ নোহোৱা পৰ্যন্ত কোনেও বিয়া-বাৰু কৰাব নোৱাৰিছিল। শিক্ষিত মহিলাসকলক ব্ৰহ্মবাদিনী, মন্ত্ৰবিদ বা পণ্ডিত বুলি জানিছিল। ঋগবেদত বিশ্ববাৰা, অপালা, ৰোমশা, লোপামুদ্ৰা, অম্ভৃনীবাক, কাক্ষিৱতি, ঘোষা, জাৰিতা, শ্ৰদ্ধা, কামায়নী, জুহু, পৌলাসী আদি বেদমন্ত্ৰ ৰচয়িত্ৰী নাৰী ঋষিসকলৰ নাম পোৱা যায়। বৈদিক দেৱতাসকলক লৈ আলোচনা কৰা ‘বৃহৎ দেৱতা’ নামৰ পুথিত মন্ত্ৰদ্ৰষ্টা নাৰীসকলক ব্ৰহ্মবাদিনী বোলা হৈছে। বৃহস্পতিৰ কন্যা ৰোমশা এগৰাকী ব্ৰহ্মবাদিনী নাৰী। ইয়াৰ বাহিৰেও বেদমন্ত্ৰৰ কথোপকথনত ঋক সংহিতাত অংশগ্ৰহণ কৰা সৰ্বৰাজ্ঞী, ইন্দ্ৰানী, যমী, উৰ্বশী প্ৰভৃতি নাৰীৰ নাম উল্লেখ আছে। সামবেদৰ নোধা, গোপায়না, অকৃষ্টভাষা, মিকতা, নিৰায়বী আদি মন্ত্ৰদ্ৰষ্টা নাৰী ঋষিৰ নাম পোৱা যায়।

বৈদিক যুগৰ নাৰীৰ উপনয়ন আৰু গায়ত্ৰীৰ অধিকাৰ

ঋগবেদ সংহিতাৰ দিনৰ পৰা সূত্ৰ সাহিত্যৰ কাললৈকে তিনিটা উচ্চ শ্ৰেণীৰ মহিলাৰ লগুণ দিয়াৰ ব্যৱস্থা আছিল। তেওঁলোকে সাৱিত্ৰী বা গায়ত্ৰী মন্ত্ৰ জপ কৰিছিল। যজ্ঞাগ্নি প্ৰজ্জ্বলিত কৰিছিল আৰু অন্যান্য শাস্ত্ৰৰ লগতে বেদো অধ্যয়ন কৰিছিল। মনু সংহিতাৰ ৰচনা কালত এই প্ৰথা একেবাৰে লুপ্ত হয়।

বৈদিক যুগৰ নাৰীৰ বেদ আৰু যজ্ঞৰ অধিকাৰ

পাণিনিৰ ‘পত্যুৰ্নঃ যজ্ঞ সংযোগে’ সূত্ৰত ‘পত্নী’ শব্দৰ অৰ্থ ভাঙি দেখুৱাইছে। ইয়াৰ অৰ্থ হ’ল— ‘পতি’ শব্দত ‘ন’ প্ৰত্যয় সংযোগে পতিৰ যজ্ঞ সম্পাদন কাৰ্যত সহায় কৰা বুজায়। পত্নী অবিহনে যজ্ঞ কাৰ্য সম্পন্ন হ’ব নোৱাৰে। গতিকে তিৰোতাৰ প্ৰতিশব্দ ‘পত্নী’ শব্দৰ যজ্ঞ কাৰ্যৰ সাহায্যকাৰিণী অৰ্থয়েই মূল ব্যুৎপত্তিগত অৰ্থ আছিল। উল্লেখ্য যে ৰামচন্দ্ৰই ৰাজসূয় যজ্ঞ সম্পাদন কৰিবলৈ সীতাৰ স্বৰ্ণমূৰ্তি নিৰ্মাণ কৰি বনবাসত থকা সীতাৰ প্ৰতিনিধিত্ব কৰাইছিল।

বিবাহৰ ক্ষেত্ৰত নাৰী

বিবাহৰ ক্ষেত্ৰতো কইনাগৰাকীক কিছুমান অধিকাৰ দিয়া হৈছিল। উদাহৰণ স্বৰূপে, কুশণ্ডীকা নামে এগৰাকী কইনাই ধ্ৰুৱতৰালৈ লক্ষ্য কৰি এই মন্ত্ৰ উচ্চাৰণ কৰিছিল—

“ধ্ৰুৱং দৌঃ ধ্ৰুৱা পৃথিৱী ধ্ৰুৱেয়ং।
ধ্ৰুৱাহং পতিকুলে ভুয়াসম॥”

অৰ্থাৎ আকাশ যুগমীয়া, পৃথিৱী যুগমীয়া আৰু ধ্ৰুৱ তৰাটো যুগমীয়া। ময়ো মোৰ পতিগৃহত যুগমীয়া হৈ বিৰাজ কৰিম। তেনেকৈ কইনাই এই মন্ত্ৰটোও উচ্চাৰণ কৰিব লাগে— “প্ৰ মে পতিবানঃ কল্পতাম” আৰু পতি-পত্নী দুয়ো “সৰস্বতী প্ৰবেদাম” ইত্যাদি মন্ত্ৰ একেলগে উচ্চাৰণ কৰিব লাগে।

শিক্ষয়িত্ৰী ৰূপে নাৰী

বৈদিক যুগত বহু সংখ্যক মহিলা শিক্ষয়িত্ৰী আছিল। পাণিনিয়ে আচাৰ্যা আৰু উপাধ্যায়া, আচাৰ্যানী আৰু উপাধ্যায়ী— এইকেইটা শব্দ সম্বন্ধে কৈছে। প্ৰথম শব্দ দুটাই শিক্ষয়িত্ৰী নাৰীক বুজাইছে; আনহাতে পিছৰ দুটাই শিক্ষকৰ পত্নীক বুজাইছে। পাণিনিৰ এই সূত্ৰৰ ওপৰতে মন্তব্য কৰোঁতে পতঞ্জলিয়ে তেওঁৰ বিশ্ববিশ্ৰুত গ্ৰন্থ ‘মহাভাষ্য’ত আচাৰ্যা আৰু উপাধ্যায়া— এই দুটা শব্দৰ উদাহৰণ স্বৰূপে অতীত ভাৰতৰ দুগৰাকী মহিলা শিক্ষয়িত্ৰী আপিশালা আৰু ঔদমেধীৰ নাম উল্লেখ কৰিছে।

বৈদিক যুগৰ বিদূষী নাৰী

সংহিতা, ব্ৰাহ্মণ আৰু উপনিষদ আদি কৰি বিশাল বৈদিক সাহিত্যত ভালেমান বিদুষী নাৰীৰ নাম পোৱা যায়। বচক্নুৰ দুহিতা গাৰ্গী আছিল উচ্চ শিক্ষিতা, বিদুষী আৰু যশস্বীনী নাৰী ঋষি। তেওঁক বৈদিক নাৰীসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠা আছিল বুলি কোৱা হয়। তেওঁ জনক ৰজাৰ ৰাজসভাত বিখ্যাত শাস্ত্ৰজ্ঞ ঋষি যাজ্ঞবল্ক্য আৰু অন্যান্য ঋষিসকলৰ লগত শাস্ত্ৰ বিষয়ৰ তুমুল বিচাৰ-বিতৰ্কত ভাগ লৈছিল। অন্যান্য সকলো ঋষিক তৰ্কযুদ্ধত পৰাস্ত কৰা যাজ্ঞবল্ক্যৰ দৰে প্ৰখ্যাত শাস্ত্ৰজ্ঞ, ব্ৰহ্মজ্ঞ কুশলী তাৰ্কিকেও ব্ৰহ্মবাদিনী নাৰী গাৰ্গীক তৰ্কত পৰাস্ত কৰিব পৰা নাছিল; গাৰ্গীয়েও যাজ্ঞবল্ক্যক পৰাস্ত কৰিব নোৱাৰি দুয়ো শাস্ত্ৰ বিচাৰত সমান হৈ থাকিল।

সেই একে উপনিষদত ঋষি যাজ্ঞবল্ক্য আৰু তেওঁৰ পত্নী মৈত্ৰেয়ীৰ মাজত হোৱা আধ্যাত্মিক আলোচনাৰ বিষয়েও উল্লেখ আছে। এইজনা ঋষিৰ কাত্যায়নী নামৰ আন এগৰাকী পত্নী আছিল। তেওঁলোক দুয়োৰে মাজত মৈত্ৰেয়ী আছিল ব্ৰহ্মবাদিনী আৰু কাত্যায়নী আছিল সাংসাৰিক জ্ঞানত অধিক পাৰ্গত।

উল্লেখ আছে যে যাজ্ঞবল্ক্যই সংসাৰ পৰিত্যাগ কৰি সমুদায় পাৰ্থিৱ বিষয়বস্তু পত্নী দুগৰাকীৰ হাতত সমৰ্পণ কৰি প্ৰব্ৰজ্যা বা সন্ন্যাস গ্ৰহণ কৰি তপোবনলৈ যাবলৈ সাজু হৈছিল। তেনেতে মৈত্ৰেয়ীয়ে আধ্যাত্মিক প্ৰেৰণাৰে প্ৰণোদিত হৈ পতিক প্ৰশ্ন কৰিলে— “এই পৃথিৱীখন যদি ঐশ্বৰ্যেৰে পৰিপূৰ্ণ কৰা হয়, তেন্তে মই অমৰত্ব লাভ কৰিব পাৰিমনে?” যাজ্ঞবল্ক্যই উত্তৰ দিলে— “নোৱাৰা, ঐশ্বৰ্যৰ দ্বাৰা অমৰত্ব লাভৰ আশা নাই।” ইয়াকে শুনি মৈত্ৰেয়ীয়ে ক’লে— “যিবোৰে মোক অমৰত্ব দিব নোৱাৰে, সেইবোৰ অসাৰ বস্তু লৈ কি কৰিম?” মৈত্ৰেয়ীৰ এই পাণ্ডিত্যপূৰ্ণ বাণীয়ে যুগে যুগে ঋষি-মুনি আৰু সত্যান্বেষীসকলৰ অন্তৰ আলোড়িত কৰি আহিছে। পাৰ্থিৱ প্ৰাচুৰ্য বা ঐশ্বৰ্য-বিভূতিৰে মানুহৰ দৈহিক আৰু ঐহিক বাসনা পৰিতৃপ্ত কৰিব পাৰি; কিন্তু আধ্যাত্মিক স্পৃহা বা অমৰত্বৰ আকাংক্ষা কেতিয়াও পূৰণ কৰিব নোৱাৰি।

‘ঐতৰেয় ব্ৰাহ্মণ’ত গন্ধৰ্ৱ গৃহীতা নামে এগৰাকী শিক্ষিতা নাৰীৰ উল্লেখ আছে। আশ্বায়নগৃহ্য সূত্ৰত বড়বা প্ৰাতিগেয়ী নামে সেই যুগৰ এগৰাকী বিদুষী মহিলাৰ কথা পোৱা যায়। বৃহদাৰণ্যকোপনিষদত উল্লেখ আছে যে পিতৃ-মাতৃয়ে যদি বিদুষী কন্যাৰ জন্ম কামনা কৰে, তেনেহ’লে দুয়ো গৰ্ভধাৰণৰ পূৰ্বে এটি বিশেষ হোমৰ অনুষ্ঠান কৰিব লাগে। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে সেই যুগত পিতৃ-মাতৃয়ে কেৱল শিক্ষিত পুত্ৰ লাভৰ কামনাই কৰা নাছিল, তেওঁলোকে বিদুষী কন্যা লাভৰ বাবে আকাংক্ষা কৰিছিল। কোনোৱে যদি দীৰ্ঘায়ু আৰু বিদুষী কন্যা লাভ কৰিব বিচাৰে, ‘অথ য ইচ্ছেৎ দুহিতা সে পণ্ডিতা জায়তে সৰ্বমায়ুৰিয়াৎ’— তেন্তে তিলেৰে সৈতে চাউল সিজাই তাৰ লগত মাখন সানি পত্নীক খুৱাব লাগে।

বৈদিক যুগৰ ব্ৰহ্মচাৰিণী নাৰী

ব্ৰহ্মবাদিনীসকলৰ বাহিৰেও ভালেমান ব্ৰহ্মচাৰিণীৰ নাম বৈদিক আৰু পৌৰাণিক সাহিত্যত উল্লেখ আছে। তেওঁলোকে ছাত্ৰসকলৰ দৰে ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিছিল। শুক্ল যৰ্জুবেদত উল্লেখ আছে যে ব্ৰহ্মচৰ্য ব্ৰত পালনৰ অন্ততহে কন্যাক উপযুক্ত দৰাৰ হাতত অৰ্পণ কৰিব লাগে। নিজকে গাৰ্হস্থ্য জীৱনত সোমোৱাৰ উপযুক্ত কৰিবলৈ ছাত্ৰ জীৱনত ব্ৰহ্মচৰ্য বা সংযমী জীৱন যাপন কৰা ছোৱালীৰ নাম অথৰ্ববেদত পোৱা যায়।

বৈদিক যুগৰ নাৰীৰ সাংস্কৃতিক শিক্ষা

বৈদিক যুগত ললিত কলাৰ ব্যাপক চৰ্চা হৈছিল। মহিলাসকলক নৃত্য আৰু গীত— এই দুয়োবিধ কলা শিকোৱা হৈছিল। নৃত্য-গীতৰ চৰ্চা নাৰী-পুৰুষ উভয়েই কৰিছিল যদিও বৈদিক যুগত ইয়াক বিশেষকৈ নাৰীৰ উপযোগী সুকুমাৰ কলা বুলি গণ্য কৰা হৈছিল। শতপথ ব্ৰাহ্মণত পোৱা যায় যে আদিতে উদগাতা বা সামবেদী পুৰোহিতৰ পত্নীসকলে যজ্ঞত সামগীত পৰিৱেশন কৰিছিল; পাছতহে তেওঁলোকৰ পতিসকলে এই সাম গীতৰ চৰ্চা কৰিছিল।

বৈদিক যুগৰ নাৰী আৰু হস্তশিল্প

বৈদিক যুগৰ নাৰীৰ বাবে ঊণ গোঁঠা, চিলাই কৰা, তাঁত বোৱা, ফুল বছা আদি শিল্প-বিদ্যা নিৰ্দিষ্ট আছিল। বেজিৰ কাম বা কাৰুকাৰ্য খচিত সূচী শিল্পক ‘পেশস্কৰণ’ বুলি কোৱা হৈছিল। ‘পেশ’ শব্দৰ অৰ্থ হৈছে বেজিৰ কাম। সেয়ে ফুল বছা আদি বস্ত্ৰৰ অলংকৰণ কামত পাৰ্গত নাৰীক বৈদিক যুগত ‘পেশস্কৰী’ বোলা হৈছিল। শুক্ল যজুৰ্বেদৰ ত্ৰিশ সংখ্যক অধ্যায়ত বৈদিক যুগত প্ৰচলিত সত্তৰবিধ জীৱিকাৰ উপায় উল্লেখ আছে; তাৰ ভিতৰত বাষষ্ঠিবিধ জীৱিকা পুৰুষৰ বাবে আৰু আঠবিধ জীৱিকা মহিলাৰ বাবে নিৰ্দিষ্ট আছিল। পাচি-খৰাহি সজা, কঠ বা পাটী সজা, ৰচী তৈয়াৰ কৰা, সূতা কটা, কাপোৰ ৰং কৰা, সুগন্ধি দ্ৰব্য প্ৰস্তুত কৰা, চকুৰ কাজল প্ৰস্তুত কৰা, পুতলা সজা প্ৰভৃতি কৰ্ম নাৰীৰ জীৱিকাৰ কাৰণে নিৰ্দ্ধাৰিত অছিল। তাঁত বোৱা বা বয়ন শিল্পৰ উল্লেখ ঋক্‌ সংহিতাত আছে।

বৈদিক যুগৰ নাৰীৰ সামৰিক প্ৰশিক্ষণ

ঋগবেদত যুদ্ধক্ষেত্ৰলৈ গৈ অস্ত্ৰধাৰণ কৰা বহুতো বীৰাঙ্গনাৰ নাম উল্লেখ আছে। ৰজা নমুচিৰ ৰাণীয়ে যুদ্ধক্ষেত্ৰত স্বামীৰ সহকাৰিণী হৈ যুঁজাৰ কথা পোৱা যায়। অশ্বিনীকুমাৰ যুগলৰ উদ্দেশ্যে ৰচনা কৰা ঋগবেদৰ এফাঁকি মন্ত্ৰত খেল ৰজাৰ ৰাণী বিসপনা নামে এগৰাকী বীৰাঙ্গনাৰ ৰণক্ষেত্ৰত যুদ্ধবিদ্যা আৰু সাহসৰ উল্লেখ আছে। শত্ৰুৰ বিৰুদ্ধে যুঁজ কৰোঁতে তেওঁ কৰঙনত বৰ বেয়াকৈ আঘাত পাইছিল; ফলত তেওঁৰ আহত কৰঙন কাটি পেলাই তাৰ ঠাইত লোহাৰ কৰঙন লগাই ল’বলগীয়া হৈছিল। ঋগবেদত উল্লেখিত এই কাহিনীত নাৰীৰ বীৰত্ব, সামৰিক শিক্ষাৰ নৈপুণ্য আৰু তাৰ লগতে সেই সুপ্ৰাচীন যুগৰ শল্য চিকিৎসাৰ দক্ষতাৰ পূৰ্ণ পৰিচয় পোৱা যায়।

মহিলাৰ সামৰিক প্ৰশিক্ষণ আৰু শৰীৰ চৰ্চাৰ শিক্ষা বৈদিক যুগৰ পাছতো দেখা যায়। মেগাস্থিনিছে সম্ৰাট চন্দ্ৰগুপ্তৰ ৰাজপ্ৰাসাদত পহৰা দিয়া বীৰাঙ্গনা নাৰীৰ কথা উল্লেখ কৰিছে। তাৰ পাছত খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাত পতঞ্জলিয়ে তেওঁৰ প্ৰসিদ্ধ গ্ৰন্থ ‘মহাভাষ্য’ত শাক্তিকী নামে খ্যাত বল্লমধাৰিণী বা যাঠি চলাব পৰা মহিলাৰ বিষয়ে কৈছে।

❧ | আৰু পঢ়ক: জনশিক্ষাৰ কঠীয়াতলী: লোকসংস্কৃতি

উপৰিউক্ত আলোচনাৰ পৰা এই কথা স্পষ্টকৈ বুজা যায় যে বৈদিক যুগৰ নাৰীৰ মানসিক, শাৰীৰিক, আধ্যাত্মিক, নৈতিক, আৰ্থিক আদি বিভিন্ন বিষয়ৰ শিক্ষা অতি সুপৰিকল্পিত আৰু উচ্চ পৰ্যায়ৰ আছিল। সেই যুগত নাৰীয়ে পুৰুষৰ সমানে সাংসাৰিক সকলো দিশতে অংশগ্ৰহণ কৰিছিল। তেওঁলোকে বৌদ্ধিক দিশৰ লগতে আন আন দিশতো নিজৰ পাৰদৰ্শিতা সুন্দৰভাৱে প্ৰদৰ্শন কৰাৰ সুবিধা লাভ কৰিছিল। মহিলাৰ উপনয়ন, বেদ-অধ্যয়ন, যজ্ঞাদি কামতো অধিকাৰ আছিল। বৈদিক যুগৰ পাছত বিভিন্ন সামাজিক আৰু ৰাজনৈতিক কাৰণত নাৰীৰ মৰ্যাদা ক্ৰমাগতভাৱে অৱনমিত হ’বলৈ ধৰে। এতিয়াও মহিলাই হৃত মৰ্যাদা লাভ কৰিবলৈ সমৰ্থ হোৱা নাই। ইতিহাসৰ হেনো পুনৰাবৃত্তি হয়; আমি আশা কৰিছোঁ ইতিহাসৰ পুনৰাবৃত্তি হৈ এখন মহিমামণ্ডিত ভাৰতবৰ্ষ পুনৰ গঢ়ি উঠক, য’ত মহিলাই পুৰুষৰ হাতত হাত মিলাই দেশ গঢ়াৰ ক্ষেত্ৰত যথোপযুক্ত ভূমিকা পালন কৰিব পাৰে।

প্ৰসংগ পুথি:
১. বেদৰ পৰিচয়, ড° যোগীৰাজ বসু
২. Education in Ancient India, Dr. A.S. Altekar
৩. Modern Indian Education, C.P.S. Chouhan

বৈদিক যুগৰ ভাৰতীয় নাৰী | ড° মোহিনী গোস্বামী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক