খুচুৰা মানে ভঙা টকা নহয়,
খুচুৰা মানে ভগা সম্পৰ্কৰ পাছত
যি অৱশিষ্ট থাকি যায়।
নোট সকলোৱে সযতনে ৰাখে,
খুচুৰা কোনেও নাৰাখে—
পকেটত, টেবুলত, খিৰিকীৰ কাষত
সিঁচৰতি হৈ থাকে,
যেন সিহঁতৰ কোনো ঘৰ নাই!
দোকানীয়ে কয়— খুচুৰা নাই
আচলতে কয়,— মোৰ ওচৰত
আৰু অতিৰিক্ত দিবলৈ একো নাই।
আমি খুচুৰা নগণো, দলিয়াই দিওঁ,
কাৰণ খুচুৰাৰ শব্দ আছে, মূল্য নাই—
ঠিক আমাৰ অনেক কথাৰ দৰে।
পকেটত হাত দিলে যি খুচুৰাবোৰ বাজি উঠে,
সেইবোৰ টকা নহয়,
সেইবোৰ আমাৰ ভিতৰৰ
সেই সৰু সৰু অপৰাধবোধবোৰ,
যিবোৰ অকলে চলিব নোৱাৰে,
কিন্তু দল বান্ধিলে গধুৰ হৈ উঠে।
ভিক্ষাৰীয়ে নোট নলয়, খুচুৰা লয়,
কাৰণ তেওঁ জানে—
ডাঙৰ দানে আঘাত কৰে,
সৰু দানে লাজ নিদিয়ে।
আৰু শেষত?
শেষত সকলো নোট বজাৰলৈ গুচি যায়,
পকেটত পৰি থাকে মাথোঁ এটকীয়া এটা মুদ্ৰা—
যাৰে একো কিনিব নোৱাৰি,
কেৱল আঙুলিৰে ঘূৰাব পাৰি,
নিঃসংগ দুপৰীয়াত।
বিপন্ন সময়
উৎপল বৰকটকী

তেওঁক লগ পোৱাৰ দিনা
সৌৰভজ্যোতি কলিতা

দেশ কাগজত অঁকা নক্সা নহয়
পল্লৱপ্ৰাণ গোস্বামী

ঘৰবোৰৰ ওপৰেদি পানী
উদয় শইকীয়া

মই
ঋতুপৰ্ণ শৰ্মা
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
