বহুদিনৰ মূৰত ঘূৰি-পকি ঘৰ পাইছোঁহি।
পুৱা খোজ কঢ়া অভ্যাস। আজিও ওলাইছোঁ।
ৰাস্তাৰ জাবৰৰ দ’ম এটাত মানুহ এজনীয়ে কিবা খুঁচৰি আছিল।
জাবৰৰ উৎকট গোন্ধ। নাকত ৰুমাল ল’লো।
তাই খুঁচৰি থকা জাবৰৰ মাজত কিবা এটা জিলিকি উঠিল।
তাইৰ মুখত উজলি উঠিল হাঁহিটো।
চিকমিকাই থকা এডাল নকলী হাৰ।
তাই পিন্ধিবলৈ লৈ বাটলৈ চালে।
তাইৰ আৰু মোৰ মূৰত বেলিটোৰ পোহৰ সমান।
তাই দেখিলে নাকত ৰুমাল লোৱা এজন মানুহ
কাষেৰে গৈ আছে।
তাই পিন্ধিবলৈ লোৱা হাৰ ডিঙিৰ পৰা নমাই আনিলে।
ভোৰভোৰালে, নিজৰ পেটৰ গোন্ধ নাকত নালাগে নেকি?
মোৰ নাকৰ ৰুমাল নামি আহিল।
পূৰ্ব প্ৰকাশ: ৰাজপথৰ কবিতা, সপ্তম সংখ্যা ১৬ মাৰ্চ ২০২০ (সম্পাদক: জ্ঞান পূজাৰী)
হৰেকৃষ্ণ ডেকাৰ এই কবিতাটি ‘ৰাজপথৰ কবিতা’ৰ সৈতে বুজাবুজি মৰ্মে প্ৰকাশ কৰা হৈছে।
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক