নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

হৰেকৃষ্ণ ডেকাৰ কবিতা: প্ৰাতঃভ্ৰমণৰ এটা দৃশ্য

হৰেকৃষ্ণ ডেকাৰ কবিতা: প্ৰাতঃভ্ৰমণৰ এটা দৃশ্য

বহুদিনৰ মূৰত ঘূৰি-পকি ঘৰ পাইছোঁহি।
পুৱা খোজ কঢ়া অভ্যাস। আজিও ওলাইছোঁ।
ৰাস্তাৰ জাবৰৰ দ’ম এটাত মানুহ এজনীয়ে কিবা খুঁচৰি আছিল।
জাবৰৰ উৎকট গোন্ধ। নাকত ৰুমাল ল’লো।
তাই খুঁচৰি থকা জাবৰৰ মাজত কিবা এটা জিলিকি উঠিল।
তাইৰ মুখত উজলি উঠিল হাঁহিটো।
চিকমিকাই থকা এডাল নকলী হাৰ।
তাই পিন্ধিবলৈ লৈ বাটলৈ চালে।
তাইৰ আৰু মোৰ মূৰত বেলিটোৰ পোহৰ সমান।
তাই দেখিলে নাকত ৰুমাল লোৱা এজন মানুহ
কাষেৰে গৈ আছে।
তাই পিন্ধিবলৈ লোৱা হাৰ ডিঙিৰ পৰা নমাই আনিলে।
ভোৰভোৰালে, নিজৰ পেটৰ গোন্ধ নাকত নালাগে নেকি?
মোৰ নাকৰ ৰুমাল নামি আহিল।

পূৰ্ব প্ৰকাশ: ৰাজপথৰ কবিতা, সপ্তম সংখ্যা ১৬ মাৰ্চ ২০২০ (সম্পাদক: জ্ঞান পূজাৰী)
হৰেকৃষ্ণ ডেকাৰ এই কবিতাটি ‘ৰাজপথৰ কবিতা’ৰ সৈতে বুজাবুজি মৰ্মে প্ৰকাশ কৰা হৈছে।

এই লেখকৰ সকলো লেখা চাওক →
হৰেকৃষ্ণ ডেকাৰ কবিতা: প্ৰাতঃভ্ৰমণৰ এটা দৃশ্য | হৰেকৃষ্ণ ডেকা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব: