নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

এবাৰ আকাশলৈ চোৱা

এবাৰ আকাশলৈ চোৱা

যাব পৰাকৈ আজৰি নাথাকে সকলো মানুহ

এবাৰ আকাশলৈ চাই বৰষুণৰ উমান লোৱা
চোৱা চকুৰ কোনোবাখিনিত ওপঙি থাকে মেঘ

গেঁৰধৰা ধানবোৰ কেতিয়া সোণালী হ’ব তাৰ উমান পাওঁ
উমান নেপাওঁ কেৱল বুকুৰ বাতৰিবোৰ
মৰমসনা কথাৰ পাক কেনেকৈ বাগৰি যায়
ইহাতৰ পৰা সিহাতলৈ

আজৰি সময় এখিনি বুলিব পৰাকৈ মোৰ যে অলপো নাই
তোমাৰো নাই
ভালপোৱাৰ আখৰেৰে লিখি ৰখা কবিতা পঢ়াৰো
তোমাৰ আহৰি নাই
এবাৰ মাত্ৰ চাবলৈকো তোমাৰ আজৰি নাই

তথাপি এবাৰ আকাশলৈ চোৱা
এবাৰ বৰষুণৰ উমান লোৱা
চোৱা চকুৰ কোনোবাখিনিত চাগে ওপঙি আছে ভালপোৱা

আৰু পঢ়ক
ধূলিকণা মই

ধূলিকণা মই

অনিৰ্বাণ দত্ত

খুচুৰা

খুচুৰা

নয়ন মণি মিশ্ৰ

বিপন্ন সময়

বিপন্ন সময়

উৎপল বৰকটকী

তেওঁক লগ পোৱাৰ দিনা

তেওঁক লগ পোৱাৰ দিনা

সৌৰভজ্যোতি কলিতা

দেশ কাগজত অঁকা নক্সা নহয়

দেশ কাগজত অঁকা নক্সা নহয়

পল্লৱপ্ৰাণ গোস্বামী

এই লেখকৰ অধিক লেখা পঢ়ক

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব: