যাব পৰাকৈ আজৰি নাথাকে সকলো মানুহ
এবাৰ আকাশলৈ চাই বৰষুণৰ উমান লোৱা
চোৱা চকুৰ কোনোবাখিনিত ওপঙি থাকে মেঘ
গেঁৰধৰা ধানবোৰ কেতিয়া সোণালী হ’ব তাৰ উমান পাওঁ
উমান নেপাওঁ কেৱল বুকুৰ বাতৰিবোৰ
মৰমসনা কথাৰ পাক কেনেকৈ বাগৰি যায়
ইহাতৰ পৰা সিহাতলৈ
আজৰি সময় এখিনি বুলিব পৰাকৈ মোৰ যে অলপো নাই
তোমাৰো নাই
ভালপোৱাৰ আখৰেৰে লিখি ৰখা কবিতা পঢ়াৰো
তোমাৰ আহৰি নাই
এবাৰ মাত্ৰ চাবলৈকো তোমাৰ আজৰি নাই
তথাপি এবাৰ আকাশলৈ চোৱা
এবাৰ বৰষুণৰ উমান লোৱা
চোৱা চকুৰ কোনোবাখিনিত চাগে ওপঙি আছে ভালপোৱা
আৰু পঢ়ক
ধূলিকণা মই
অনিৰ্বাণ দত্ত

খুচুৰা
নয়ন মণি মিশ্ৰ

বিপন্ন সময়
উৎপল বৰকটকী

তেওঁক লগ পোৱাৰ দিনা
সৌৰভজ্যোতি কলিতা

দেশ কাগজত অঁকা নক্সা নহয়
পল্লৱপ্ৰাণ গোস্বামী
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক
