নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

হে মোৰ বিপন্ন সময়
ফুলে-পাতে ৰঙীন উছৱৰ পাৰ ভাঙি
মেঘৰ চকু বয়

ৰক্তৰঞ্জিত বাট— শক্তিৰ খেলা
বাহুবলে ভাঙি নিয়ে নিৰীহৰ কামিহাড়

শক্তিৰ ওচৰত মোৰ দোৱাই
সত্যও মূক হৈ থাকোঁতে থাকোঁতে
ই নিয়ম হ’ল

সুবিধাবাদী মানুহবোৰে চকুমুদি
একো দেখা নাপালে বুলি ক’লে

এৰা
গণতন্ত্ৰত ৰাইজ কোনোদিনা ৰজা হোৱা নাছিল
মানুহক মিছাকৈ পতিয়ন নিওৱা হৈছিল

নিৰীহ ক্ষমতাহীন মানুহবোৰে জীৱনটো
কেৱল শাৰীহে পাতিলে
বাছৰ বাবে ৰেলৰ বাবে ন্যায়ৰ বাবে
গণতন্ত্ৰৰ বাবে

তেওঁলোকে এতিয়াও শাৰী পাতি আছে
নিজৰ প্ৰাপ্যৰ বাবে
তেওঁলোকৰ বাবে ভিআইপি শ্ব’ৰ্টকাট নাই

তাৰ পাছতো আমি শ্লোগান দিওঁ এতিয়াও গণতন্ত্ৰৰ
পুঁজিবাদে চেপি নিয়া আমাৰ মাত
কোনে কেতিয়া ক’ত কাঢ়ে

হে মোৰ বিপন্ন সময়
প্ৰতিবাদৰ বাবেও পাৰমিশ্বন লাগে
মোৰ গণতন্ত্ৰক

আৰু পঢ়ক
তেওঁক লগ পোৱাৰ দিনা

তেওঁক লগ পোৱাৰ দিনা

সৌৰভজ্যোতি কলিতা

দেশ কাগজত অঁকা নক্সা নহয়

দেশ কাগজত অঁকা নক্সা নহয়

পল্লৱপ্ৰাণ গোস্বামী

মই

মই

ঋতুপৰ্ণ শৰ্মা

সময়ান্তৰ

সময়ান্তৰ

প্ৰদীপ দাস

এই লেখকৰ সকলো লেখা চাওক →
বিপন্ন সময় | উৎপল বৰকটকী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব:

ইয়াতেই শৈশৱ আছিল

ইয়াতেই শৈশৱ আছিল

বঁটাৰ হাট

বঁটাৰ হাট

মই অবিহনে জীৱন

মই অবিহনে জীৱন