মহামাৰী মহাকাল
ৰজাৰ অভয় প্ৰজাৰ ভয়
মূল্যবৃদ্ধিৰ ধুমুহাত তচনচ জীৱন।
মৃত্যু উপত্যকাত আপোন জনৰ চকুপানী
চুই চাব নোৱৰাৰ বেদনাত
আহত হৃদয়।
দুঃসময়ৰ বাটত অচিন ৰোগৰ কিৰীলি
অৰ্থনৈতিক সংঘাটত জুৰুলা
সৰল বুকুত অভাৱৰ যন্ত্ৰণা।
আতংকৰ ধূসৰিত পৃষ্ঠাত
হেৰাই যায় শিক্ষাৰ পোহৰ
বাঢ়ি যায় কুটুমৰ দূৰত্ব।
ৰাজসভাৰ পদূলিত হেঁচা-ঠেলা
ৰাজপাট কোনে খায়
আশাত বন্দী জৰৌ ৰৌৱা প্ৰজা।
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক