মূল (হিন্দী: খানা বনাতী স্ত্ৰিয়াঁ): কুমাৰ অম্বুজ
অনুবাদ: পল্লৱপ্ৰাণ গোস্বামী

যেতিয়া তেওঁ কুলি চৰাই আছিল তেওঁ ৰান্ধিছিল
পাছত হৰিণী হৈ
পাছত ফুলৰ এটি থোপা হৈ

যেতিয়া কোমল দূবৰিবোৰেও বতাহৰ সৈতে নাচি আছিল
যেতিয়া সকলোফালে উষ্ণ ৰ’দে জিলমিলাইছিল
তেওঁ সপোনবিলাক একেলগে সী পেলাইছিল
হৃদয়াকাশৰ সকলো তৰা ভাঙি
অন্তৰৰ চুপহিবোৰৰ ৰস মিহলাইছিল
কিন্তু শেষত তেওঁ কাঁহী দলিয়াই দিয়াৰ শব্দ শুনিছিল

আপুনি তেওঁক সুন্দৰ বুলি কওঁতে তেওঁ ৰান্ধিছিল
আৰু ডাইনী বুলি কওঁতেও
তেওঁ গৰ্ভত সন্তান ৰাখিও ৰান্ধিছিল
পাছত সন্তানত কোচত লৈ
তেওঁ নিজৰ সপোনৰ ঠিক মাজতো ৰন্ধা-বঢ়া কৰিছিল
আপোনাৰ সপোনতো তেওঁ ৰান্ধিয়েই আছিল
প্ৰথমে কৃশকায়া থাকোঁতেও ৰান্ধিছিল
পাছত কুৰূপা হৈয়ো

তেওঁ সমুদ্ৰত গা ধুই আহি ৰান্ধিছিল
তৰাবিলাকক চুই আহিছিল তেতিয়াও
তেওঁ কিমানবাৰ কেৱল এটা আলু এটা পিয়াজেৰে ভোজন ৰান্ধিছিল
আৰু কিমানবাৰ কেৱল নিজৰ ধৈৰ্যৰে
বিষালী কঁকালত বাঢ়ি অহা জ্বৰত
বাহিৰৰ ধুমুহাত
ভিতৰৰ বানত তেওঁ ৰান্ধিছিল
পাছত মৰমৰে ভৰি পৰি
তেওঁ দৌলমুৰিকৈ ৰান্ধিছিল

আপুনি আধাৰাতিও তেওঁৰ হতুৱাই ৰন্ধাইছিল
বিছজন মানুহৰ ভোজন ৰন্ধাইছিল
জ্ঞাত-অজ্ঞাত নাৰীৰ উদাহৰণ দি দি
ভোজন ৰন্ধাইছিল
কিমানবাৰ ৰঙা চকু দেখুৱাই
কিমানবাৰ গোৰ মাৰি
আৰু তাৰপাছত নাৰীৰ বাবে এয়াই উপযুক্ত বুলি
আপুনি চিঞৰিছিল— উস্, ইমান নিমখ
আৰু পাহৰি গৈছিল সেই চকুলোবিলাকক
যিবিলাক মাটিত পৰাৰ আগতে
চচপেনত পৰিছিল, কাঁহী-বাটিত পৰিছিল

কেতিয়াবা তেওঁৰ গোটেই সপ্তাহটো আনন্দত পাৰ হৈছিল
কাৰণ যোৱা বুধবাৰত চিঞৰ-বাখৰ নকৰাকৈ
খাদ্য খাইছিল
কাৰণ পৰহি দুবাৰ প্ৰশংসা পাইছিল
সেই আলহীক ধন্যবাদ যিয়ে পেট পূৰা কৰি খাই ধন্যবাদ দিছিল
আৰু তেওঁকো, যিয়ে অভিনয় হ’লেও
হাতত এগৰাহ লৈয়ে প্ৰশংসা কৰিছিল

আপুনি কেৰাণী হ’ল, বিষয়া হ’ল
আপুনি চেকুৰি থাকিল আৰু চেতাৰ বজাই থাকিল
কিন্তু প্ৰতিবাৰেই তেওঁৰ সমুখত একেই পৰীক্ষা ৰখা হ’ল
এতিয়া তেওঁ ভাগৰৰ শিলত চাটনী হৈ পিছি আছে
ৰাতি হৈ অহাৰ লগে লগে তেওঁ বেলিছে ৰুটি
তেওঁৰ ডিঙিৰ পৰা, পিঠিৰ পৰা
তেওঁৰ অন্ধকাৰৰ পৰা বৈ আছে ঘাম
বৈ আছে ভৰিলৈকে
আৰু তেওঁ কৈছে— এইখন ৰুটি লওক
এইখন গৰম

ৰাতিপুৱাৰ টোপনিত তেওঁ ৰান্ধিবলগীয়া হ’ল
পাছত দুপৰীয়াৰ টোপনিত
ৰাতিৰ টোপনিত
আৰু টোপনিৰ টোপনিত তেওঁ ৰান্ধিলে
তেওঁৰ তলুৱাত তেজ জমা হ’ল
ৰাজহাঁড় বেঁকা হ’ল
আঁঠুত আৰ্থাইটিছে টোকৰ মাৰিলে
আপুনি বোধহয় মন কৰা নাই
যোৱা কেইবাদিনৰ পৰা তেওঁ
বহি বহি খাদ্য ৰান্ধিবলৈ আৰম্ভ কৰিছে
যদিও তেওঁ ভালদৰে বহিবও নোৱৰা হ’ল।

কুমাৰ অম্বুজ

Kumar Ambuj
কুমাৰ অম্বুজ

হিন্দী কাব্য-জগতৰ সুপৰিচিত কবি কুমাৰ অম্বুজৰ জন্ম হৈছিল ১৯৫৭ চনৰ ১৩ এপ্ৰিলত মধ্য প্ৰদেশৰ গুনাত। ১৯৮৯ চনত ‘কিৱাড়’ কবিতাৰে কবিতা-জগতত প্রৱেশ কৰে। এতিয়ালৈকে কুমাৰ অম্বুজৰ পাঁচটা কবিতা সংকলন [‘কিৱাড়’ (১৯৯২), ‘ক্ৰূৰতা’ (১৯৯৬), ‘অনন্তিম’ (১৯৯৮), ‘অতিক্ৰমণ’ (২০০২), ‘অমীৰী ৰেখা’ (২০১১)] প্ৰকাশ হৈছে। তেওঁৰ ‘ইচ্ছাএঁ’ (২০০৮) নামৰ এটা গল্প সংকলন, ‘মনুষ্য কা অৱকাশ’ শীৰ্ষক প্ৰবন্ধ সংকলন আৰু ‘থলচৰ’ শীৰ্ষক এটি সৃষ্টিশীল ৰচনাৰ সংকলন প্ৰকাশ হৈছে । কুমাৰ অম্বুজে মাখনলাল চতুৰ্বেদী পুৰস্কাৰ, ভাৰতভূষণ অগ্ৰৱাল স্মৃতি পুৰস্কাৰ, শ্ৰীকান্ত বাৰ্মা পুৰস্কাৰ, গিৰিজাকুমাৰ মাথুৰ সন্মান, কেদাৰ সন্মান আৰু বাগীশ্বৰী পুৰস্কাৰ লাভ কৰিছে।

আৰু পঢ়ক
দুটা কোৰিয়ান কবিতা

দুটা কোৰিয়ান কবিতা

পল্লৱপ্ৰাণ গোস্বামী

যাত্ৰাপথ

যাত্ৰাপথ

দেৱজিৎ গোস্বামী

গছবোৰ

গছবোৰ

প্ৰকল্প ৰঞ্জন ভাগৱতী

ৰান্ধনী তিৰোতাবোৰ | পল্লৱপ্ৰাণ গোস্বামী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

আপুনি হয়তো ভাল পাব:

হীৰুদাৰ কবিতা

হীৰুদাৰ কবিতা

ব’হাগ

ব’হাগ