নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

যৌৱন!
মই গাব নোৱাৰোঁ তোমাৰ জয়গান
পঢ়িব নোৱাৰোঁ তোমাৰ প্ৰশস্তি পত্ৰ
দিব নোৱাৰোঁ তোমাৰ নামত জিন্দাবাদ ধ্বনি।

যৌৱন অতিক্ৰম কৰি অহা এক প্ৰৌঢ় মই
ৰোমে ৰোমে চিনি পাওঁ যৌৱনক,
সেয়েহে মোৰ দৃষ্টিত যৌৱন হৈছে
সৰ্বকালৰ এক অহংকাৰী সময়।

সেয়াই যৌৱন,
য’ত শৰীৰে আহৰণ কৰে বৃকোদৰ শক্তি
মনে লাভ কৰে ধুমুহাৰ গতি

সেয়াই যৌৱন,
য’ত মানুহে আলাসত চাং পাতে
আকাশৰ তৰা লেখে

সেয়াই যৌৱন,
য’ত কোনোৱে বুকুৰ তেজেৰে
পদপথত দেশপ্ৰেমৰ কবিতা লিখে
প্ৰেয়সীৰ বাবে গংগা স্নান কৰে

আৰু সেয়াই যৌৱন,
য’ত কোনোৱে ক্ষুদ্র স্বাৰ্থৰ বাবে
দেশ-মাতৃক বিক্ৰী কৰে,
বিভৎস কামনাত
মাতৃ-ভগ্নীসমা নাৰীকো
ধৰ্ষণ কৰি হত্যা কৰে।

আকৌ সেয়াই যৌৱন,
যি শিক্ষককো আঠু কঢ়াই ক্ষমা খোজাব পাৰে,
নকল ধৰাৰ অপৰাধত
প্ৰহাৰ কৰিব পাৰে বিদ্যামন্দিৰৰ শিক্ষাগুৰুক।

সেয়েহে যৌৱন মানে
উতপ্ত ৰক্তৰ একোখন নৃশংস হৃদয়,
হাতে হাতে একোটা পিষ্টল, একোখন চুৰি।
যৌৱন মানে তীব্ৰ স্বাৰ্থপৰতা,
খোজে প্ৰতি প্ৰতিশোধৰ স্পৃহা।
যৌৱন মানে সীমাহীন অস্থিৰতা—
শিক্ষা আধাতে ‌এৰি বিপ্লৱ,
বিপ্লৱ আধাতে এৰি ব্যৱসায়,
ব্যৱসায় আধাতে এৰি ৰাজনীতি।

আনহাতে অকাৰণ দুখ আৰু
হতাশাৰ নামো যৌৱন,
বিভ্ৰান্তি বিৰক্তি অৰুচি অনিদ্ৰা
অথবা আত্মহত্যাৰ আন নাম যৌৱন।
চূড়ান্ত কল্পনা-বিলাস আৰু
অত্যধিক আবেগৰ নাম যৌৱন।
অনুৰাগ অভিমান প্ৰতিদান প্ৰতিবাদেৰে ভৰপূৰ
সময়খিনিৰ নাম যৌৱন।

তাৰ মাজতো ব্যতিক্ৰমী যুৱক আছে,
আছে আকৰ্ষণীয় ব্যক্তিত্বৰ যুৱতী।
সৎ যুৱ-নেতা, উদ্যমী ব্যৱসায়ী,
সাহিত্যিক, খেলুৱৈ, শিল্পীও আছে যুৱ-সমাজত।

তথাপি সামূহিক দৃষ্টিত যৌৱন এক মদমত্ত হস্তী;
ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰিলেহে সৃষ্টি,
আৰু নোৱাৰিলে ই হৈ পৰে বিধ্বংসী।
তাৰ বাবে প্ৰয়োজন উপযুক্ত মাউতৰ।
সাহস কৰিবনে কোনোবাই
বশ কৰিবলৈ যৌৱন-হস্তী,
ওলাবনে অভিজ্ঞ মাউতৰ এটা শক্তি?

তাৰ ওপৰতে নিৰ্ভৰ কৰিব
সমাজ আৰু সভ্যতাৰ ভবিষ্যৎ।

(১২ আগষ্টৰ আন্তৰ্জাতিক যুৱ দিৱস উপলক্ষে)

❧ | আৰু পঢ়ক:

Follow Nilacharai on Facebook
এই লেখকৰ সকলো লেখা চাওক →
অহংকাৰী যৌৱন | ডা° হেমন্ত কুমাৰ গোস্বামী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...