সীমাহীন অনন্ত দিগন্ত

সীমাহীন অনন্ত দিগন্ত

মূল (স্পেনিচ): জুদিথ পৰ্দন
অনুবাদ: বিকাশ কুমাৰ দাস

✽

গভীৰ বনলৈ আৱেগত ঢপলিয়াইছোঁ
বিতোপন ছায়াৰে আবৰা
গন্তব্যৰ মাজত ওখোৰা-মোখোৰা
ওঁঠ সদৃশ একা-বেঁকা বনপথ,
সেই যাদুৰ মোহিনী মায়া
ভঙ্গ কৰিবলৈ যে আমাৰ খেয়ালো নাই।
কেউফালে কাঁইটীয়া খচখচীয়া
কেঁচা বন-পাতেৰে ভৰা
ঘন জোপোহাৰ মাজে মাজে দেখোঁ—
সৰু সৰু উন্মুক্ততাৰে হালি-জালি থকা উদং ডাল
দেখিলেই বুকু উচলি উঠে উলাহতে!

সেই সুউচ্চ গছজোপাৰ তলতে
আমি বিগলিত, আৱেগৰে সিক্ত আৰু বিলীন।
তাতেই বিলীন হৈ আকৌ ঢপলিয়ালো
সীমাহীন অসীম দিগন্তলৈ।
জোপোহাৰ ডাল-পাতবোৰে মৰমতে
মাজে মাজে চুলি আঁচুৰি দিয়ে।

মোৰ মধুৰ শৈশৱৰ অন্তত
গছবোৰৰ সৈতে বিবাহ-পাশত বান্ধ খাব খুজিছিলো
কিন্তু পাহৰিলো, কেনেকৈ।

✽

Judith Pordon

জুদিথ পৰ্দন

জুদিথ পৰ্দন (১৯৫৪) এগৰাকী আমেৰিকান কবি আৰু লেখক। তেখেতৰ কবিতাৰ প্ৰধান বিষয়বস্তু হ’ল ভিন্ন সাংস্কৃতিক অভিজ্ঞতা, বৰ্ণিল প্ৰেমৰ উদযাপন আৰু সমসাময়িক সামাজিক বিষয়। [অধিক জানক]

এই লেখকৰ সকলো লেখা চাওক →
সীমাহীন অনন্ত দিগন্ত | বিকাশ কুমাৰ দাস

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

আপুনি হয়তো ভাল পাব: