জীৱনানন্দ

জীৱনানন্দ
  • 22 Oct, 2024
(কবি জীবনানন্দ দাশৰ ২২ অক্টোবৰৰ মৃত্যু দিৱসৰ স্মৰণ)

এটা দীঘলীয়া হুমুনিয়াহেৰে
দিনৰ সঞ্চিত উষ্মাবোৰ এৰি
পৃথিৱীয়ে নিজ ভাগৰুৱা দেহাটো
অলসভাৱে এৰি দি জিৰোৱাৰ পৰত
এতিয়াও কথা পাতোঁ কবিৰ সৈতে।

জোনাকীৰ জিলমিল নাথাকে চৌপাশে
নাথাকে ৰ’দৰ গোন্ধ ডেউকাৰ পৰা মচি থকা
চিলনিজনী কাষত
আৰু নাথাকে বনলতা সেনো।

কিন্তু এনেকুৱা মুহূৰ্তত
সদায় পাওঁ কবিক
মোৰ কাষত।

কিংম্বদন্তিৰ পৰা আৰম্ভ কৰি
প্ৰাগৈতিহাসিক যুগলৈ আৰু তাৰ পৰা
ইতিহাসৰ খলা-বমা পথেৰে
দূৰ-সূদূৰ প্ৰান্তৰলৈ গুচি যায় আমাৰ চৰ্চা

সুন্দৰতমৰ সন্ধানত।

কবিৰ স্বপ্নাবিষ্ট চকুত
একেলগে দেখা পাওঁ
সুন্দৰ পিয়াসী আত্মাৰ মধুৰ গান
আৰু
দিক-বিদিক হেৰোৱা
তৃষ্ণাতুৰ পঠিকৰ
প্ৰাণকাতৰ মৌন চিঞৰ

প্ৰেম, মানৱতা, কৰুণা,
শংকৰ, বুদ্ধ, কবীৰ, লাওৎছে, ৰুমি
সকলোৱে মাজে মাজে এভুমুকি মাৰে
কবি আৰু মোৰ আলোচনাত।

হত্যা, হিংসা, যুদ্ধ, শান্তি,
হিটলাৰ, গান্ধী, লেনিন, টলষ্টয়
আওচৱিৎ, পেলেষ্টাইন, স্বাধীনতা, দাসত্ব—
একোৱেই অস্পৃশ্য হৈ নাথাকে আমাৰ মাজত

এনেদৰে পাৰ হয় সন্ধ্যাৰ জীৱন
হৰ্ষ আৰু বিষাদৰ মাজত
আৰু আমাৰ চৌপাশে গুঞ্জৰিত হৈ থাকে
বনলতা সেনৰ
চুলিৰ সুঘ্ৰাণ।

❧ | অধিক কবিতা:

জীৱনানন্দ | মমতাজ আনচাৰি

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক