১.
বিকুল বজোৱা

বজোৱা অ’ সনাতন

বেলি লহিয়াইছে

আজিলৈ সামৰা
যুদ্ধৰ বাণ

২.
দুৱাৰ খোলা

খোলা অ’ সহোদৰ
চুই চাওঁ
ক্ষত-বিক্ষত ঘা

আৰু
এচলু চকুলোৰে
শাঁত পেলাওঁ কলিজা

৩.
সোমাই আহাঁ

আহাঁ অ’ সহোদৰ
কাষতে বহা

এই বিদ্যুৎ প্ৰহৰ
যাওঁ যাওঁ

ক্ষণিক
নয়ন জুৰাই চাওঁ
অমৃত মুখ
তোমাৰ

৪.
উঠা

উঠাহে বীৰ যোদ্ধা

তুলি লোৱা বাণ
আৰু প্ৰহাৰ কৰা

আজিয়েই
শেষ হওক

শেষ হওক আজিয়েই

তূণ ভৰি যুদ্ধৰ যত কৌশল
আৰু উল্লাস
আৰ্তনাদ

❧ | অধিক কবিতা:

পূৰ্ব প্ৰকাশ: ৰাজপথৰ কবিতা (অক্টোবৰ ২০২০, অতিথি সম্পাদক: ৰফিকুল হোছেইন)। ‘ৰাজপথৰ কবিতা’ৰ সৈতে বুজাবুজি মৰ্মে প্ৰকাশিত।

এই লেখকৰ সকলো লেখা চাওক →
কুৰুক্ষেত্ৰ | প্ৰজ্ঞানজ্যোতি

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

আপুনি হয়তো ভাল পাব: