জীবনানন্দ দাশৰ কবিতা: আকাশলীনা

জীবনানন্দ দাশৰ কবিতা: আকাশলীনা
  • 05 Jul, 2021

মূল: জীবনানন্দ দাশ (বাংলা)
অনুবাদ: তপোবন মিশ্ৰ

সুৰঞ্জনা, সেইফালে নাযাবা তুমি
সেই যুৱকৰে নাপাতিবা কথা
ঘূৰি আহাঁ সুৰঞ্জনা
নক্ষত্ৰৰ ৰূপালী জুই ভৰা ৰাতি।

ঘূৰি আহাঁ এই পথাৰলৈ, ঢৌবোৰলৈ
ঘূৰি আহাঁ মোৰ হৃদয়লৈ,
দূৰৰ পৰা দূৰলৈ— আৰু দূৰলৈ
যুৱকৰ সৈতে আৰু নাযাবা তুমি।

কি কথা তেওঁৰ সৈতে?
আকাশৰ আঁৰৰ আকাশত
মাটিৰ দৰেই আজি তুমি:
তেওঁৰ প্ৰেম ঘাঁহ হৈ আহে।

সুৰঞ্জনা,
তোমাৰ হৃদয় আজি ঘাঁহ:
বতাহৰ সিপাৰে বতাহ—
আকাশৰ সিপাৰে আকাশ।

জীবনানন্দ দাশ

জীবনানন্দ দাশ

জীবনানন্দ দাশ বাংলা ভাষাৰ প্ৰসিদ্ধ আধুনিক কবি আৰু লেখক। গ্ৰাম্য বাংলাৰ প্ৰকৃতি আৰ ৰূপকথা জীবনানন্দ দাশৰ কবিতাত উজ্জ্বল হৈ আছে। সেই বাবেই হয়তো বুদ্ধদেব বসুৱে ‘নিৰ্জনতম কবি’ হিচাপে আখ্যায়িত কৰিলেও জীবনানন্দ হৈ উঠিছে ‘ৰূপহী বাংলাৰ কবি’ (রূপসী বাংলার কবি)! বাংলা সাহিত্যৰ ইতিহাসত ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু নজৰুল ইছলামৰ পিছৰ প্ৰধান কবি হিচাপে জীবনান্দক ধৰা হয়।

‘বনলতা সেন’ কবিতাৰ বাবে বিপুল খ্যাতি লাভ কৰা জীবনানন্দ দাশৰ প্ৰকাশিত গ্ৰন্থৰ ভিতৰত উল্লেখনীয় হৈছে— ‘ঝৰা পালক’ (প্ৰথম কাব্যগ্ৰন্থ, ১৯২৭), ‘ধূসৰ পাণ্ডুলিপি’ (১৯৩৬), ‘বনলতা সেন’ (১৯৪২), ‘মহাপৃথিৱী’ (১৯৪৪), ‘সাতটি তাৰাৰ তিমিৰ’ (১৯৪৮)।

১৮৯৯ চনৰ ১৭ ফেব্ৰুৱাৰী তাৰিখে বৰিসালত জন্মলাভ কৰা জীবনানন্দ দাশৰ মৃত্যু হয় ১৯৫৪ চনৰ ২২ অক্টোবৰ তাৰিখে, কলকাতাত।

জীবনানন্দ দাশৰ বিষয়ে অধিক জানিবলৈ ৱিকিপেডিয়াৰ প্ৰবন্ধ চাব পাৰে।

জীবনানন্দ দাশৰ কবিতা: আকাশলীনা | তপোবন মিশ্ৰ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক