দি কিউৰিয়াছ কেছ অৱ্ মাই আণ্ট কমলা দাশ

দি কিউৰিয়াছ কেছ অৱ্ মাই আণ্ট কমলা দাশ

মোৰ বৰদেউতা আছিল বৃটিছ ভাৰতীয় সৈনিক
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ আছিলগৈ ৰেংগুন নগৰত
জাপানী যুদ্ধবন্দীৰ পৰীয়া হৈ।

বৰমাৰ জন্ম হৈছিল তেওঁৰ জন্মৰ সময়ৰ ভাৰতবৰ্ষৰ যশোৰ নগৰত
ভঙা-গঢ়াৰ সুৰুঙাৰে এবাৰ নগৰখন গ’ল পূব পাকিস্তানলৈ
আকৌ এবাৰ গ’ল বাংলাদেশলৈ।

পুৰণি ভাৰতবৰিষত থাকিব নোৱাৰি
বৰমাহঁত আহিছিল নতুন ভাৰতবৰ্ষলৈ।
আৰু বিয়া হৈ বৰমা পালেহি চতিয়াৰ পাঠেককুৰি গাঁও।

তেওঁৰ বিয়াৰ সময়ত গাঁওখন আছিল দৰং জিলাত
ভঙা-গঢ়াৰ সুৰুঙাৰে এবাৰ গাঁওখন শোণিতপুৰলৈ
আকৌ এবাৰ গ’ল বিশ্বনাথলৈ।

বৰমাৰ নাতি-পুতিহঁত কোন দেশৰ যুদ্ধবন্দীৰ পৰীয়া হৈ
ক’ত থাকিবগৈ?

❧ | আৰু পঢ়ক:

পূৰ্ব প্ৰকাশ: ৰাজপথৰ কবিতা (অক্টোবৰ ২০২০, অতিথি সম্পাদক: ৰফিকুল হোছেইন)। ‘ৰাজপথৰ কবিতা’ৰ সৈতে বুজাবুজি মৰ্মে প্ৰকাশিত।

দি কিউৰিয়াছ কেছ অৱ্ মাই আণ্ট কমলা দাশ | বিপুলজ্যোতি শইকীয়া

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

আপুনি হয়তো ভাল পাব:

অবোধ কবি

অবোধ কবি

সোঁৱৰণ

সোঁৱৰণ