সুতপা চক্ৰবৰ্তীৰ কবিতা: ব’লা ভ্ৰমৰ, দেশান্তৰী হওঁ

সুতপা চক্ৰবৰ্তীৰ কবিতা: ব’লা ভ্ৰমৰ, দেশান্তৰী হওঁ
  • 16 Jun, 2024

‘ভ্ৰমৰযান’ কাব্য সংকলন (মাৰ্চ, ২০২৪)ৰ ৫৪নং কবিতা

মূল (বাংলা): সুতপা চক্ৰবৰ্তী
অনুবাদ: পল্লৱপ্ৰাণ গোস্বামী

ব’লা ভ্ৰমৰ, দেশান্তৰী হওঁ। মানুহৰ পৰা দূৰলৈ যাওঁ
পশু পখী, জলাহ হওঁ
সুৰমা নদীৰ মাছ হওঁ। মাজুলীৰ বৰবক হওঁ। গহীন অৰণ্যৰ জোনাকী হওঁ

ব’লা ভ্ৰমৰ, দূৰলৈ যাওঁ
আৰু, আৰু দূৰলৈ যাওঁ
পানীৰ ভিতৰত ডেও দিওঁ

মাছ হৈ জন্ম লওঁ
ব’লা, আমি দূৰৈ হওঁ

য’ত চকুৰ পলক নপৰে
কোনো মানুহ নাথাকে
পশু পখী নদী গছ
ফুল ফল হাঁহ মাছ

ব’লা ভ্ৰমৰ, দেশান্তৰী হৈ যাওঁ
জন্ম মৃত্যু গুলি খাওঁ
ভ্ৰমৰ, আমি জন্ম মৃত্যু গুলি খাওঁ
ব’লা, ব’লা হাতত ধৰা
পাখিৰ ওপৰত ভৰ কৰা

ভ্ৰমৰজন্ম খুলি যোৱা
নাও বোৱা। নাও বোৱা

ভ্ৰমৰজন্ম দলিয়াই পেলোৱা
মানুহজন্মত জুই দিয়া

ভিতৰৰ মানুহ বাহিৰলৈ আনা
আমাৰ ভিতৰৰ মানুহ বাহিৰলৈ আনা

নাও বোৱা
নাও বোৱা

ভ্ৰমৰ, অ’ ভ্ৰমৰ, গোট এখন নাও বোৱা

সুতপা চক্ৰবৰ্তী

সুতপা চক্ৰবৰ্তী
ছবি সৌজন্য: ফেচবুক/সুতপা চক্ৰবৰ্তী

শিলচৰৰ জীয়ৰী সুতপা চক্ৰবৰ্তীয়ে ২০২৪ চনৰ সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ লাভ কৰিছে তেওঁৰ ‘দেৰাজে হলুদ ফুল, গতজন্ম’ কাব্যগ্ৰন্থৰ বাবে। সুতপালৈ নীলা চৰাইৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ।

❧ | অধিক অনুবাদ কবিতা:

সুতপা চক্ৰবৰ্তীৰ কবিতা: ব’লা ভ্ৰমৰ, দেশান্তৰী হওঁ | পল্লৱপ্ৰাণ গোস্বামী

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক