মোক তোমাৰ কোলাত শুবলৈ দিয়া, তোমাৰ আঁচলৰ ছাঁত। আঁতৰ কৰা মোৰ সমস্ত অৱসাদ। চুলিত আঙুলি বুলাই তুলি দিয়া মোক নিদ্রাৰ কোলাত। সঁচাকৈয়ে আই এতিয়া বিচাৰি ফুৰিছোঁ মই অলপ মৰম, অলপ ভালপোৱা।

সেয়ে পুনৰ শিকিব বিচাৰিছোঁ শৈশৱৰ আদিপাঠ। মাটি-পেঞ্চিল আৰু ফলিখন মোক বিচাৰি দিয়া, শিকাই দিয়া ‘অ’ আৰু ‘ক’ৰ ভাঁজ। মোক গা ধুৱাই দিয়া, কাপোৰ পিন্ধাই দিয়া, ভাত খুৱাই দিয়া, কঁপালত আঁকি দিয়া এটা ডাঙৰ ফোঁট (ক’লা ফোঁটত পাউদাৰ দিবলৈ নাপাহৰিবা আই)। মোৰ স্কুলৰ মোনা, পানীৰ বটল আৰু ছাতিটো দিয়া, আগবঢ়াই দিয়া পদূলিমুখলৈ।

ৰাস্তাৰ বাওঁফালে যাম নে সোঁফালে…! আই, মই কেইবাবাৰো ভুল কৰি ৰাস্তাৰ ওলোটাফালে গৈছোঁ। এতিয়াৰ পৰা মই সদায় বাওঁফালে যাম আৰু ঘূৰি আহি তোমাৰ কোলাত শুম, তুমি মোৰ চুলিত আঙুলি বুলাবা, মই শুনি টোপনি যাম— আমাৰে মইনা শুব এ, বাৰীতে বগৰী ৰুব এ…!

আই | কুঁহিশিখা ভূঞা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক