সুদূৰ পশ্চিম এৰি,
এৰি থৈ স্বৰ্ণপূৰী ৰাজ-অন্তঃপৰ,
বিজয় সপোন দেখি আহিলোঁ যিদিনা
উজনি সোঁতত মেলি ভটীয়নি ভুৰ;
বিজয়ৰ তৃষা লৈ, গৌৰৱৰ কৰি অভিযান,
লুইত পাৰত গালোঁ দৃপ্ত উচ্ছ্বাসত,
আপোনাৰ বিজয়ৰ গান।
ভৰি দিলোঁ— অসমৰ সেউজীয়া দূবৰি বনত—
সেই দিনা— যিদিনা অসমৰাজ অসমৰ সিংহ আসনত।
বতাহত উৰে মুক্ত অসমৰ পতাকা স্বাধীন,
প্রান্তে প্রান্তে বাজে মাথোঁ গৌৰৱৰ বিজয়ৰ
মুক্তগীত বিৰামবিহীন।
সেইদিনা অসমত বিচাৰিলোঁ আপোনাৰ বল
মোগলৰ বিজয়ী শকতি,
দেখুৱাম অসমক বিশ্বজয়ী মোগলৰ অনিৰুদ্ধ গতি।
অসমৰ মজিয়াত মোশ্লেমৰ মুক্তৰাজ কৰিম থাপনা,
অসম আমাৰ হ’ব, কামৰূপ হ’ব মোগলৰ
—কায়মনে কৰিলোঁ বাসনা।
যিদিনা নামিলোঁ আহি অসমৰ সমৰথলীত,
মিনাকৰা বনৰ বুকুত,
অসমৰ হেং-দাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত!
পুৰুষ-তিৰোতা আজি স্বদেশৰ স্বাধীনতা হেতু
থিয় দিলে ৰণ-প্ৰাংগণত,
ৰণচণ্ডী মূৰ্তি ধৰি স্বাধীন পুৰুষ-নাৰী
বুক পাতি নামিল ৰণত!
ক’তনো লুকাল বল ৰাজপুত জয়ী মোগলৰ সবল বাহুৰ
অসমৰ সমৰ-থলীত,
ক’ৰ অত পালে বল অসমৰ সেনানীয়ে
শুকান সান্দহ আৰু পানী আঁজলিত!
বিজয়ী অসমে গালে অসমৰ স্বাধীনতা গান
বিজয়ৰ গৌৰৱ আৰতি,
মোগলে এবাৰ পালে, শকতিৰ নৱ পৰিচয়
দেশপ্রাণ, মুক্তপ্রাণ অসমৰ স্বদেশ ভকতি।
পৰাজিত মোগলৰ সেইদিনা পৰিল চকুত
অসমৰ বিনন্দীয়া ৰূপ, ভক্তি প্রেম সৌন্দর্য্যৰ খনি;
কাণত পৰিল আহি মুক্ত-প্রাণ অসমৰ
উচ্ছ্বসিত সংগীতৰ সুমধুৰ ধ্বনি!
মোগলে উভতি চালে—
এয়েই অসম, চউদিশে ধূসৰ পাহাৰ,
প্ৰতিটো বনৰ পাত জাংফাই, মিনাকৰা, ৰূপ জাতিষ্কাৰ।
দূবৰিৰ পাতে পাতে মুকুতাৰ থোপা, গচকত ভাঙে মৰকত,
হাতীৰ দাঁতেৰে কৰে খৰমৰ চুলা,ভৰি ধোৱে পোৱালৰ ভৰা দলঙত।
বাঘনখ পিন্ধে খাৰু, ভৰিৰ আঙঠি, ম’হশিং পেঁপাটি বজায়,
হাঁহ-কণী, চাউলেৰে অসমৰ স্বৰ্গদেৱে দেউল সজায়।
নদীৰ বালিত ভৰা সোণ চেঁকুৰীয়া,
গুড়ি হয় গচকত ভাগি,
পুঠিয়ে কাণত পিন্ধে সোণৰ থুৰীয়া,
ভেকুলীয়ে ফোঁট লৈ সজায় সুৱাগী;
নিষ্কর্মা ধোদৰ দলে বান্ধে ৰাজআলি,
দ’ল সাজে ঢালি পিঠাগুড়ি,
বাৰীত ‘সাগৰ’ খানি, ৰচে বননিত
ৰংঘৰ কাৰেঙৰ দীপ্ত স্বর্গপুৰী।
সোণৰ অসম ই যে, হীৰা মণি মৰত ধূলিত বাগৰে,
মাটিৰ চৰুত জুখি, সোণচৰু ৰূপচৰু দিয়ে ঘৰে ঘৰে।
মুখৰ মাতত সৰে মৰমৰ মউ,
গীত শুনি শিল পমি যায়;
এয়েই অসম দেশ জগতত আৰু
এনুৱা অসম দেশ, এনুৱা ৰূপেৰে
নাই ক’তো নাই।…
মোহ গ’ল দূৰণিৰ বিদেশী মোগল
অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া,
অসমত বন্দী হ’ল, অসমৰ ৰূপ-মুগ্ধ
দূৰৰ মোগল আহি হ’ল অসমীয়া৷
আহোম আমাৰ ৰজা, সেই দিন ধৰি
মোৰ দেশ এই কামৰূপ
অসমৰ হকে যুঁজি, অসমৰ হকে মৰোঁ,
জ্বলি ইয়াতে শেষ হয় জীৱনৰ ধূপ।
সেই দিন ধৰি মই অসমৰ অসমীয়া,
ধর্ম মোৰ জাতি মোৰ অসমীয়া প্ৰাণৰ আপোন।
বিকশি উঠিল মোৰ অসমৰ দূবৰিতে
নন্দনৰ বিনন্দীয়া সুখৰ সপোন!
—জীয়াই থাকোঁতে মই এই পৃথিৱীত
চিৰদিন ইয়াৰে অসমীয়া,
মৰিলেও অসমৰে মই;
মৰাৰ পাছতো যদি আহোঁ পুনু কেতিয়াবা
আহিম ইয়ালৈ ঘূৰি,
স্মিৰিতিৰ ইতিহাস লৈ
অসমৰে অসমীয়া হৈ।
অসমীয়া ভাষা মোৰ, কথা মোৰ, গীত মোৰ,
অসমৰ প্ৰকৃতিয়ে ৰচা,
বিহগ কিন্নৰ য’ত শুনিলে নিৰৱ হয়
অসমীয়া গীত মোৰ হৃদয় ওপচা।
জনমৰ লগে লগে সুৱদী অসমী মাতে
অসমীক চিঞৰিলোঁ— ‘আই’—
যিদিনা মুদিম চকু সিদিনাও ‘যাওঁ’ বুলি
কৈ যাম অসমীয়াক দু ওঁঠ কঁপাই।
সৰগত কেতিয়াবা থাকোঁতে সুখত ভোল
স্মৃতিহীন আলোকপুৰত,
মৰতত কোনাবাই সুঁৱৰিলে নাম মোৰ
অসমীয়া সুৱদীয়া ভাষাৰ সুৰত
চিনি পাম, বুজি পাম অমৰণ সৰগতো
মোৰ এই ভাষা অসমীয়া,
সৰগৰ গীত এৰি, শুনিম দুকাণ পাতি
অসমৰ গীতটি সুৰীয়া।
❧ | আৰু পঢ়ক: চৈয়দ আব্দুল মালিকৰ ‘প্ৰেম অমৃতৰ নদী’ উপন্যাসত প্ৰকৃতি চিত্ৰণ
জীৱনে-মৰণে মই চিৰদিন অসমীয়া
অসমীয়া দেহ-প্রাণ-মন;
জীয়াই থাকোঁতে মই অসমৰে অসমীয়া
মৰিলেও বৰি ল’ম অসমৰ অমিয়া মৰণ।