নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

মই ৰৈ আছোঁ
ওঁঠত একেই মৌনতা

শেতেলিত চেঁচা বতাহ,
গেৰোৱাত বোকা সানি
মই ৰৈ আছোঁ

কাষেৰে কোনোবা এজন পাৰ হৈ গ’লেই
মোৰ নাক সচেতন হৈ উঠে
আৰু বিচাৰি ফুৰে অচিনাকি গোন্ধ

একেই ঠাইত
হেলনীয়া আবেলি এটাৰ আশাতেই অনন্ত কাল
ব্ৰঞ্জৰ চকু দুটা মেল খাই থাকে

লেম্পপষ্টৰ পৰা নামি অহা উষ্ম পোহৰত
মোৰ শিলৰ দেহাত জিলিকি উঠে শেলাই
আৰু কলাফুলৰ পৰা বুকুলৈ বগাই আহে শামুক

মই ৰৈ আছোঁ
কলিজাত স্তব্ধতাৰ ঋতু সামৰি
উশাহত শুকান ধূলি কাঢ়ি

মই ৰৈ আছোঁ সেই একেই ঠাইত
য’ত সদায় ৰৈ থাকোঁ।

❧ | অধিক কবিতা:

এই লেখকৰ সকলো লেখা চাওক →
ৰৈ আছোঁ | ৰিছাদ ভূঞা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব:

বঁটাৰ হাট

বঁটাৰ হাট

আই

আই