নীলা চৰাই | অসমীয়া সাহিত্য, বাৰ্তা, আলোচনা

অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা

তেওঁক লগ পোৱাৰ দিনা

তেওঁক লগ পোৱাৰ দিনা

তেওঁক লগ পোৱাৰ দিনা
তেওঁ আস্তাবলত সুশ্ৰী ঘোঁৰাবোৰৰ
আল-পৈচান ধৰাত ব্যস্ত আছিল,
মোক দেখি তেওঁ বিৰক্ত হোৱা নাছিল
(তেওঁৰ চকুত মই তাকেই দেখিছিলো),
আমি বহুত কথা পাতিছিলো
যুদ্ধ, অতীত, শান্তি আৰু ভৱিষ্যতৰ।

তেওঁ ঘড়ীৰ কাঁটাৰ লগত চলা মানুহ
মোৰ লগত কথা পাতি পাতিয়ে
তেজ-বোকা-পানীৰে মলিয়ন হোৱা
ঘোঁৰাবোৰক তেওঁ ধুৱাই আছিল।

কথাৰ মাজতে তেওঁ মোক সুধিছিল—
‘ইতিহাসৰ পুনৰাবৃত্তি হোৱা কথাটো
তুমি বিশ্বাস কৰা নে?’
মই কিবা কোৱাৰ আগতেই তেওঁ ক’লে—
‘এহ্ এৰা এইবোৰ…
মোৰ এই তেজাল ঘোঁৰাটোলৈ চোৱা—
ৰ’দ পৰি তাৰ শুকুলা ৰংটো কেনেকৈ জিলিকি উঠিছে…
দেখিছানে?
ইতিহাসো তেনেকুৱাই…
বোকা-পানী আৰু তেজবোৰ মচি দিলে
হৈ পৰে এখন শুকুলা কাগজ।’
তেওঁ সামৰিলে।

উভতি আহোঁতে
ওৰেবাটে তেওঁৰ আকৰ্ষণীয় ব্যক্তিত্ব আৰু
সুশ্ৰী ঘোঁৰাকেইটাৰ কথাই ভাবিলো,
তেজ-বোকা-পানীৰে লেতেৰা হৈ পৰা
তেওঁৰ হাতখন আৰু চোলাটোৰ কথা
এবাৰলৈও মনলৈ নাহিল।

আৰু পঢ়ক
মই

মই

ঋতুপৰ্ণ শৰ্মা

সময়ান্তৰ

সময়ান্তৰ

প্ৰদীপ দাস

দুটা কবিতা

দুটা কবিতা

সূতপুত্ৰ ৰাধেয়

কবিতা

কবিতা

অনিৰ্বাণ দত্ত

এই লেখকৰ সকলো লেখা চাওক →
তেওঁক লগ পোৱাৰ দিনা | সৌৰভজ্যোতি কলিতা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

HeadSir

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক

পাঠকৰ মন্তব্য (0)

কেৱল সদস্য আৰু লেখকৰ বাবে

সদস্যৰ বিশেষ আলোচনা

এই লেখা সম্পৰ্কে আপোনাৰ মতামত? আপোনাৰ সুচিন্তিত মতামত আৰু আলোচনা আগবঢ়াবলৈ নীলা চৰাইৰ প্ৰিমিয়াম সদস্য হওক।

মন্তব্যসমূহ লোড হৈ আছে...

আপুনি হয়তো ভাল পাব:

নষ্টালজিক

নষ্টালজিক

সংশয়

সংশয়