তেওঁক লগ পোৱাৰ দিনা
তেওঁ আস্তাবলত সুশ্ৰী ঘোঁৰাবোৰৰ
আল-পৈচান ধৰাত ব্যস্ত আছিল,
মোক দেখি তেওঁ বিৰক্ত হোৱা নাছিল
(তেওঁৰ চকুত মই তাকেই দেখিছিলো),
আমি বহুত কথা পাতিছিলো
যুদ্ধ, অতীত, শান্তি আৰু ভৱিষ্যতৰ।
তেওঁ ঘড়ীৰ কাঁটাৰ লগত চলা মানুহ
মোৰ লগত কথা পাতি পাতিয়ে
তেজ-বোকা-পানীৰে মলিয়ন হোৱা
ঘোঁৰাবোৰক তেওঁ ধুৱাই আছিল।
কথাৰ মাজতে তেওঁ মোক সুধিছিল—
‘ইতিহাসৰ পুনৰাবৃত্তি হোৱা কথাটো
তুমি বিশ্বাস কৰা নে?’
মই কিবা কোৱাৰ আগতেই তেওঁ ক’লে—
‘এহ্ এৰা এইবোৰ…
মোৰ এই তেজাল ঘোঁৰাটোলৈ চোৱা—
ৰ’দ পৰি তাৰ শুকুলা ৰংটো কেনেকৈ জিলিকি উঠিছে…
দেখিছানে?
ইতিহাসো তেনেকুৱাই…
বোকা-পানী আৰু তেজবোৰ মচি দিলে
হৈ পৰে এখন শুকুলা কাগজ।’
তেওঁ সামৰিলে।
উভতি আহোঁতে
ওৰেবাটে তেওঁৰ আকৰ্ষণীয় ব্যক্তিত্ব আৰু
সুশ্ৰী ঘোঁৰাকেইটাৰ কথাই ভাবিলো,
তেজ-বোকা-পানীৰে লেতেৰা হৈ পৰা
তেওঁৰ হাতখন আৰু চোলাটোৰ কথা
এবাৰলৈও মনলৈ নাহিল।
ঘৰবোৰৰ ওপৰেদি পানী
উদয় শইকীয়া
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক




