আজি জোনাক নামিব পাৰে

আজি জোনাক নামিব পাৰে
  • 26 Dec, 2012

আজি জোনাক নামিব পাৰে তোমাৰ বুকুত
জোনাক,
কৃষ্ণচূড়া নুফুলিলেও
তোমাৰ বুকুৰ খটখটিৰে লাহে লাহে নামি আহিব পাৰে
জোনাক মোৰ বুকুলৈ।

বিধবা হৈ পৰা নিশাবোৰ নিয়ৰত জিলিকাই
জোনাক নামিব পাৰে
বতাহে কঁপাব পানী।

মাউৰা পোনাকণৰ নতুন চোলাৰ গোন্ধ এটা লৈ
এখন নতুন পাটিগণিত হৈ
চেলেপু নিমপাতবোৰ কঁপাই
জোনাক নামিব পাৰে।

আইৰ চকুৰ ভোটা তৰাটো
পিতাইৰ জোন
আইমণিৰ চকুৰ কাজল
ওৰে ৰাতি উজাগৰে থাকিব
আজি জোনাক নামিব।

কি আনিব
কি আনিব জোনাকে!
প্রতিমাৰ লচপচীয়া সপোন
সৰুধন নীৰু সপোনৰ অজন্তা ইলোৰা
গোলাপীৰ বুকুৰ এঠোক ধান
জেতুকী বাইৰ উকা টেকেলীত
বগা চাউলৰ খলখলনি লৈ
আজি জোনাক নামিব পাৰে।

মোৰ চহৰৰ পৰা তুমি হেৰাই গ’লেও
দুচকু জপালেই লগ পোৱা তোমাক লৈ
আজি জোনাক নামিব পাৰে
তোমাৰ বুকুত
মোৰ বুকুত
সকলোৰে বুকুত জোনাক নামিব পাৰে।

আজি জোনাক নামিব পাৰে | পৰাগ পিংকু বৰঠাকুৰ

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক