গাঁৱৰ গাভৰু

গাঁৱৰ গাভৰু
  • 14 Mar, 2012

লুইতৰ শুৱনি দুপাৰ
অসমৰ প্ৰকৃতিৰ সেউজী কোলাত
নগৰৰ নিলগত
বাঁহনি বিৰিণা ভৰা, মাটিৰ বুকুত—
‘সেউজীয়া পথাৰেৰে ভৰপূৰ তামোলেৰে’
এয়ে মোৰ অসমৰ গাঁও।

জীৱন বাটত বাট বুলি বুলি ভাগৰুৱা মন মোৰ
জিৰাই এবাৰ গৈ সেইজোপা বকুলৰ ছাঁত
হেঁপাহৰ নিজৰাটি শিল-গৰা ডেই পৰেগৈ সেই মোহনাত;
আকলুৱা চকু দুটি ফুৰে কাৰ আঁচলৰ দহি লেখি লেখি—
তেওঁ মোৰ তেজ-মঙহৰ একে পথাৰৰ একেটি ঘাটৰ
পদুমী-কেতেকী সোণপাহী, চম্পা।

ভাঙেহি পুৱাৰ তন্দ্ৰা দহিকতৰাই
কুমটিয়ে ভুৰুকিওয়া চোতালৰ বুকু
বাঢ়নিৰে আনিব নিকাই বননিৰ কেঁচা গন্ধ
নিয়ৰ সেমেকা শেৱালিৰ সুবাসত মন মতলীয়া
যূতি জাপ তগৰৰ আছুতীয়া শৰাই
ভাঙেহি শৰণীয়া বতাহ সাতোলা—
কাষত গাগৰি লৈ সমনীয়াহঁতে স’তে
নৈৰ ঘাটত এওঁ যেন মূৰ্তিমতী ঊষা,
চুলিৰ আগেদি বোৱা পানীৰ টোপালে মনে মনে
সাতো ৰং কিনি লয় বণিয়া বেলিৰ।

কঁকালত মেৰিয়াই ৰিহাৰ খোচনা
হাঁচতিত তামোল দুখন
শাওণৰ পথাৰত ৰাংঢালী মন;
লখিমী হাতেৰে চোৱা শালি লাহি কঠিয়াই পায়
নৱ জীৱনৰ সেউজীয়া ৰং।

কাতিত পথাৰ ভৰা ভৰ সেউজীয়া
কঙালী বিহুটি বুলি উকা উৰুকাত
ভঁৰালত সযতনে শলিতা লগাই
স্বপ্ন দেখে আঘোণৰ ভৰুণ পথাৰ
আৰু জানো এভঁৰাল ধান?
(আধা যাব আধিয়াত আধা খাজানাত
আৰু যাব সূদৰ মূৰত!
তেন্তে কি আমাৰ কাতি সদায় কঙালী?)
আৰু জানো নাই?
আকাংক্ষাৰ কোনো গুটি নিৰলে পচোৱা,
নাই জানো পিৰালিৰ কোনোবা চুকত?

(ৰচনা কাল: ১৯৪৫)

গাঁৱৰ গাভৰু | মহিম বৰা

Follow Nilacharai on Facebook

HeadSir Assamese Spellcheck

অসমীয়া বানান শুধৰণি সঁজুলি

এতিয়াই ব্যৱহাৰ কৰক