খণ্ডিত ভূচিত্ৰ
(Torn Map by Naomi Shihab Nye)
মূল: নাওমি ছিহেব নায়
অনুবাদ: দেৱজিৎ গোস্বামী
✽
এদিন ভুলক্ৰমে
তাই ভূচিত্ৰ এখন
দুফাল কৰিছিল।
পিছলৈ পুনৰ
যোৰা দিওঁতে
ই দেখোঁ অমসৃণ হৈ ৰ’ল
আৰু ৰাস্তা-ঘাট সকলো গৈ
পানীৰ লগত মিলি পৰিল।
তাইৰ গৃহভূমিৰ ঠিক কাষৰতে
দুখনমান পাহাৰো আহি
থিয় দিলেহি।
সঁচা হ’লে এয়া জানো
হৈ নুঠিব চিৰসুন্দৰ?
ময়ো তেনে ফালিম
এখনি ছবি ভূভাগৰ
আৰু ল’মহি থিতাপি ঠিক
কাষৰতে তোমাৰ।
✽

নাওমি ছিহেব নায় এগৰাকী আৰব-আমেৰিকান কবি, গীতিকাৰ, ঔপন্যাসিক আৰু সম্পাদক। তেওঁৰ জন্ম হৈছিল ১৯৫২ চনত। শৈশৱ কালৰে পৰা কবিতা চৰ্চা কৰা নাওমি ছিহেব নায়ৰ প্ৰায় অৰ্ধ-শত কাব্য সংকলন প্ৰকাশ হৈছে। তেওঁ শিশুৰ বাবেও অনেক কবিতা ৰচনা কৰিছে।
❧ | অধিক অনুবাদ কবিতা:
HeadSir
অসমীয়া বানান শুধৰণি সঁজুলি
এতিয়াই ব্যৱহাৰ কৰক